শ্বাহৰুখ খানৰ স’তে নৈশ যাপনৰ সুযোগ

Screenshot 59

বলিউদৰ বাদশ্বাহ শাহৰুখ খানৰ দুগালৰ ‘ডিম্পল’ৰ স’তে তেওঁৰ সকলো গুণমুগ্ধই পৰিচিত । মুখত ঘাঁহি বিৰিঙি উঠাৰ সময়ত গালত পৰা ডিম্পলক লৈ দেশৰ কিশোৰী যুৱতীসকল একপ্ৰকাৰ পাগল । প্ৰেমিকাৰ অভিমান ভাঙিবলৈ এতিয়াও কিশোৰসকলে ব্যৱহাৰ কৰে বলিউদৰ বাদশ্বাহৰ সংলাপ । ‘নাম তু চুনাহি হোগা…!’ চলচ্চিত্ৰৰ পৰ্দাৰ ‘ৰাহুল’ ওৰফে শাহৰুখ খানে এইবাৰ দিছে এক বিশেষ সুযোগ । এক প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ বিজয়ীয়ে এটা নিশাৰ বাবে কটাব পাৰিব এইজন তাৰকাৰ স’তে ।

আগন্তুক ‘ভেলেণ্টাইন ডে’ৰ পূৰ্ব নিশাটো শাহৰুখৰ স্মৃতি বিজড়িত নতুন দিল্লীস্থিত বাসভৱনত বিজয়ীক সংগ দিব খান দম্পতীয়ে । এই প্ৰতিযোগিতাও হ’ব অভিনৱ । প্ৰতিযোগিতাখন শাহৰুখ খান দম্পতীয়ে আয়োজন কৰিছে । ইনষ্টাগ্ৰাম যোগে এই প্ৰতিযোগিতাৰ কথা জনাইছে গৌৰী খানে । নিজৰ সংস্থা ‘এয়াৰ বিএনবি’ৰ লগত সংযুক্তভাৱে এই প্ৰতিযোগিতা আগবঢ়ায় নিয়া হৈছে ।

প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব বিচৰাসকলে এয়াৰ বিএনবিৰ লিংকত গৈ নাম পঞ্জীয়ন কৰাৰ পাছতে এটি প্ৰবন্ধ লিখিব লাগিব । প্ৰবন্ধৰ মূল বিষয় হ’ব ‘অতিথি সেৱা’ । এজন মানুহে কেনে অতিথি সেৱা পছন্দ কৰে অথবা অতিথি সেৱাক লৈ অভিজ্ঞতাৰ বৰ্ণনা কৰি প্ৰবন্ধটো সম্পূৰ্ণ কৰিব লাগিব । আজি দুপৰীয়াৰ পৰা নাম পঞ্জীয়ন পৰ্ব আৰম্ভ হৈছে । অহা ৩০ নৱেম্বৰ পৰ্যন্ত প্ৰতিযোগিতাৰ সময়সীমা অব্যাহত থাকিব । প্ৰবন্ধৰ গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰি বিজয়ীৰ নাম ঘোষণা কৰিব ।

বিজেতাই শ্বাহৰুখৰ স’তে নতুন দিল্লীস্থিত পঞ্চশিলা পাৰ্কৰ অভিনেতাজনৰ বাসভৱনত নৈশ যাপন কৰিব পাৰিব । দিনটো শ্বাহৰুখৰ স’তে থকাৰ লগতে সম্পূৰ্ণ ঘৰটো ঘূৰি-পকি চাবও পাৰিব । খান দম্পতীৰ পছন্দৰ খাদ্য তালিকা অনুসৰি নৈশ ভোজত অংশগ্ৰহণ কৰিব পাৰিব বিজেতাই । লগতে শ্বাহৰুখৰ পছন্দৰ ছবিও চোৱাৰ সুযোগ লাভ কৰিব । তদুপৰি খান দম্পতীৰ পৰা লাভ কৰিব বিশেষ উপহাৰও ।

সেয়েহে কিং খানৰ অনুৰাগীসকলে আৰু অধিক পলম কৰাৰ প্ৰয়োজন নাই এই সন্দৰ্ভত শ্বাহৰুখে ইনষ্টাগ্ৰামত লিখিছে, ‘আমাৰ জীৱনৰ বহু স্মৃতি জড়িত হৈ আছে দিল্লীৰ স’তে । হৃদয়ত বিশেষ স্থান আছে দিল্লীৰ । আমাক স্মৃতিকাতৰ কৰি তোলা দিল্লীৰ ঘৰটো গোৰীয়ে নতুনকৈ সজাই-পৰাই লৈছে । এতিয়া সেই বাসভৱনতে নৈশ যাপনৰ সুযোগ আপুনিও লাভ কৰিব পাৰিব । মাত্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ বিজয়ী হ’ব লাগিব ।’

Exit mobile version