হিমন্তক কটাক্ষ, বিপিএফ যদি মেকুৰী আমি সজাগ থাকিম, এন্দুৰ সোমাব নিদিও বিটিচিতঃ চন্দন ব্ৰহ্ম

5a233ef8 959a 4928 ad48 a6915e9866c7

চিৰাঙৰ কাজলগাঁৱত বিপিএফৰ নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰী আৰু-চন্দন ব্ৰহ্মই প্ৰাণভৰি সমালোচনা কৰে মন্ত্ৰী ড° হিমন্ত শৰ্মাক ৷ সভাত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিচিৰ যিসমূহ দল সংগঠন আছে তেওঁলোকৰ সৈতে আলোচনা হৈছে বিপিএফৰ আৰু তাৰ পৰা বুজা গৈছে যে সকলো দল সংগঠন বিপিএফৰ লগতেই আছে বুলি কয় হাগ্ৰামাই। সকলো জাতি জনগোষ্ঠীৰ সমস্যাসমূহ সমাধানৰ চেষ্টা চলোৱা হ’ব বুলিও কয় হাগ্ৰামাই। তেওঁ কয় যে বিটিচি অঞ্চল অসমৰ ভিতৰত অতিকে পিচপৰা অঞ্চল আছিল ।

বিটিচি গঠনৰ পাছতে বিপিএফে উন্নয়ণ কৰিলে আৰু এই উন্নয়ণত শংকিত হৈ বহু ৰাজনৈতিক দলে বিপিএফৰ বিৰুদ্ধে জনসাধাৰণক ভূল পথে পৰিচালিত কৰাৰ চেষ্টা চলোৱা বুলিও কয় হাগ্ৰামাই। তেওঁ কয় যে হাগ্ৰামাৰ টকা যদি ৰাইজৰ টকা তেন্তে হিমন্তৰ টকা কাৰ বুলি প্ৰশ্ন কৰে। তেওঁ কয় যে হয় মোৰ টকা ৰাইজৰ টকা সেয়ে মই ৰাইজক দিছো, হিমন্তৰ টকা কিয় ৰাইজক দিব পৰা নাই ? ক’ৰ পৰা চুৰি কৰি আনি ক’ত ৰাখিছে টকাসমূহ বুলি হিমন্তক প্ৰশ্ন কৰে। জাম্ভা হিমন্ত চুৰি কৰি অনা টকা ওলোৱাৰ সাহস নাই বুলিও কয় হিমন্তক ৷

অহা ৭ ডিচেম্বৰত ওদালগুৰি-বাক্সাত হিমন্তৰ গাড়ীৰ সন্মুখৰ চকা পামছাৰ হ’ব আৰু চিৰাং-কোকৰাঝাৰত ১০ তাৰিখে পাছৰ চকাও পামছাৰ হ’ব বুলি কয় হাগ্ৰামাই। লাফিকুলৰ হত্যাৰ বিষয়ে হাগ্ৰামাক টাৰ্গেট কৰি হিমন্তই হাগ্ৰামাক জেলত দিয়া প্ৰসংগত কয় যে পাৰিব নে আপুনি হিমন্ত । মই যদি লাফিকুলৰ হত্যাকাৰী তেন্তে এই তিনি বছৰ কি কৰিছিল আপুনি? মোক গ্ৰেপ্তাৰ কৰক, কাৰণএতিয়া বিজেপিৰ লগত নাই মই। আগতে বিজেপিৰ লগত থকা বুলিহে আপুনি মোক সহায় কৰিছিল ৷ গতিকে গ্ৰেপ্তাৰ কৰক এতিয়া । তাৰ মানে লাফিকুল হত্যাৰ সকলো জানে আপুনি । এইবোৰ কথাৰে বিটিচিত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা ঠিক নহয় হিমন্ত ডাঙৰীয়া ।

আপুনি দিছপুৰত দাদাগিৰি কৰিছে কৰক, বিটিচিত চেষ্টা নকৰিব বুলিও কয় হাগ্ৰামাই।লগতে হাগ্ৰামাই কয় ইয়াত আপোনাৰ দাদাগিৰি নচলিব । আমি ইয়াত বহুত শান্তিত আছো ৷ গতিকে ইয়াত সাম্প্ৰদায়িকতা নকৰিব । শান্তি নহ’লে উন্নয়ণ নহয়। কোন আপোনাৰ মানুহ ? ইমান বেয়া ধাৰণা ঠিক নহয়। ৰাজনীতিত এই ধৰণৰ কথা নচলে যদিও মই কৈছো মই যদি মেকুৰী আপুনি বান্দৰ । এতিয়া নামবোৰ সদায় সলনি হ’ব । মইয়ো আপোনাক নতুন নাম দিম । হিমন্তৰ সভাত বিটিচিৰ বাহিৰৰ লোকক হাজিৰা দি আনিছে বুলিও কয় হাগ্ৰামাই। লাগিব যদি লগাওক যুদ্ধ । বিজেপি বা কংগ্ৰেছৰ লগত থকা এতিয়াও আমাৰ এই বিষয় কোনো আলোচনা হোৱা নাই। বিটিচি নিৰ্বাচনৰ পাছত হে আমি সিদ্ধান্ত ল’ম ।

বিজেপিৰ আলোচনা আছে কালি যদি আমাক এৰি দিয়ে দিয়ক আমি সৰু দল আছো দিয়ক বুলিও কয় হাগ্ৰামাই। ৰঞ্জিত দাস আৰু হিমন্তই আমাৰ মিত্ৰতা বিৰোধী । আমিয়ো দাবী কৰা নাই মোক লওক বুলি । হিমন্তৰ লগত হাগ্ৰামাৰ সম্পৰ্ক বেয়া হোৱাৰ বহু কাৰণ আছে । হিমন্তৰ ভাগ্যতেই নাই মুখ্যমন্ত্ৰী হোৱাৰ ৷ সেয়ে বিটিচিৰ চিফ বনাম বুলিও কয় হাগ্ৰামাই। মুঠতে বিটিচিৰ শপত গ্ৰহণ অনুষ্ঠানত হিমন্তক নামাতো বুলিও কয় হাগ্ৰামাই। হিমন্তই হিচাব দিয়ক আমাৰ বিটিচিৰ এহেজাৰ কোটী টকাৰ বাকী টকা কি কৰিলে ? হিমন্তৰ টকা আছে সেইসমূহ ওলাব নোৱাৰে বুলিও কয় হাগ্ৰামাই ।

মন্ত্ৰী চন্দন ব্ৰহ্মই সভাত নিজৰ ভাষণত কয় ” বিটিচি নিৰ্বাচন কেৱল এটা পৰিষদীয় নিৰ্বাচন হৈ থকা নাই। বিধান সভা আৰু লোক সভা নিৰ্বাচনৰ ভিত্তি হৈ পৰিছে। আমি বহু সংগ্ৰামৰ অন্তত বিটিচি চুক্তি কৰিছিলো । ভাৰতত হাগ্ৰামা মহিলাৰীয়ে ইতিহাস ৰচনা কৰি সহস্ত্ৰ সংগ্ৰাম কৰি আহি বিটিচি চুক্তিৰে দেশৰ সংবিধান সংশোধন কৰি ষষ্ঠ অনুসূচিৰ অন্তৰ্ভুক্ত হৈছিল আৰু তেতিয়াৰ পৰা বিটিচিৰ উন্নয়ণৰ কামত নিয়োজিত হৈছে এই অঞ্চলৰ সকলো জাতী জনগোষ্ঠী ৷

হিমন্ত বিশ্ব শৰ্মাই যিমানেই তাচ্ছিল্য নকৰক কিয় বিটিচিবাসীয়ে হাগ্ৰামাক চিফ বুলি মানিবই। হিমন্তৰ হৃদয় থাকিলে বুজিলেহেঁতেন যে সংগ্ৰামৰ অন্তত এই বিটিচি পাবলৈ সক্ষম হৈছিল । ইতিহাস নাজানিলে, এইবোৰ কথা কিদৰে জানিব বুলিও কয় চন্দন ব্ৰহ্মই। হিমন্তৰ দৰে এজন দায়িত্বশীল মন্ত্ৰীৰ এই ধৰণৰ কথাই সমাজত বিৰুপ প্ৰভাৱ পেলায় । হিমন্তৰ যি অহংকাৰ তাক বিটিচিবাসীয়ে ঘৃণা কৰে। হিমন্তক আমিয়ো তাচ্ছিল্য কৰিবলৈ বাধ্য বুলি কয় যে আমি যদি মেকুৰী তেন্তে আপুনি নিগনি/এন্দুৰ । আমি সদায় সজাগ থাকিম আৰু বিটিচিত এন্দুৰ সোমাব নিদিও বুলিও কয় চন্দন ব্ৰহ্মই।

হিমন্তই যিসমূহ ৰাষ্ট্ৰীয় আঁচনিৰ কাম কৰি দম্ভালী মাৰে সেয়া তেওঁৰ অধিকাৰ নাই যদি আমাৰ নাথাকে বুলিও কয় চন্দনে । হিমন্তই বিষাক্ত কথা কৈ বিটিচিত পুনৰ জুই জ্বলোৱাৰ চেষ্টা চলাইছে । গতিকে এনে মন্তব্য নকৰাৰ বাবে চন্দন ব্ৰহ্মই হিমন্তক সকিয়াই দিয়ে। হঠাতে হিমন্তই কিয় হাগ্ৰামাক বেয়া পোৱা হ’ল ? অসম বাসীয়ে আজি গম পাইছে । অসনৰ ভিতৰত অনুন্নত তথা অশান্ত জৰ্জৰ অঞ্চলত হাগ্ৰামাই শান্তিৰে উন্নয়ন কৰি থকাৰ সময়ত তেওঁক এই দৰে বেয়া কথা কোৱা অসমৰ বুদ্ধিজীৱি মহলে বেয়া পোৱা হৈছে । হিমন্তই বিটিচিত হিন্দু-মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছিল ।

কিন্তু আমি সেয়া কৰিব নিদিয়াত বেয়া পোৱা হ’ল ।আনহাতে বিটিচিত ধৰ্ম,জাতীলৈ কোনো দিনে কেতিয়াও ৰাজনীতি কৰিব নিদিও বুলি স্পষ্ট কৰে চন্দন ব্ৰহ্মই। হাগ্ৰামা মহিলাৰীয়ে নিজে দল গঠন কৰি আগবাৰিছে, হিমন্তৰ সেয়া দম নাই ৷ গতিকে হিমন্তৰ এইবোৰ কপালত নাই,জীৱনতো হাগ্ৰামাৰ দৰে কৰিব নোৱাৰিব। আপোনাৰ স্থিতি স্পষ্ট কৰক হিমন্ত । দল বাগৰা চৰিত্ৰ আমাৰ নাই । আমি এইবোৰ ক’ব বিচৰা নাছিলো আপুনিহে বাধ্য কৰালে বুলি কয় চন্দন ব্ৰহ্মই। তেওঁ আৰু কয় যে আজি হঠাতে আহি দ্ৰুত গতিত দৌৰা প্ৰমোদ বড়োৰ ট্ৰেক্টৰ সেয়া দুৰ্ঘটনা হ’ব যে সেয়া নিশ্চিত বুলিও কয় চন্দন ব্ৰহ্মই।

সভাত ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সভাপতি আব্দুল আউৱাল মণ্ডলে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োক সমালোচনা কৰি কয় যে বিটিচিত আৰ এচ এচ বিজেপিৰ আদৰ্শৰে বিটিচিত ৰাজনীতি কৰিব আহিছে । ইয়াত কাম নচলিব। হিমন্ত বিশ্বকো কঠোৰ ভাষাৰে সমালোচনা কৰে নেতাজনে।

Exit mobile version