আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশন

AASU PRESS MEET 9

দুলীয়াজানৰ চলাকটকী ৰাজহুৱা খেলপথাৰত যোৱা বুধবাৰৰ পৰাই অনুষ্ঠিত হৈ আছে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশন । আজি দিনৰ এক বজাৰ পৰা আৰম্ভ হোৱা অধিৱেশনখনৰ প্ৰথমটো কাৰ্যসূচী আছুৰ সংবিধান সংশোধনীৰ বৰ্তমানলৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই । বিষয়টোৰ ওপৰত বিতং আলোচনা কৰাৰ পাছতহে এক চূড়ান্ত সিদ্ধান্তত উপনীত হ’ব বুলি সদৰী কৰে আছুৰ সাংস্কৃতিক সম্পাদক অনিল গগৈ আৰু ডিব্ৰুগড় জিলা আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।

যোৱা বুধবাৰৰ নিশা বকুলনীস্থিত নীপকোৰ অতিথিশালাত আছুৰ অন্তিমখন কাৰ্যনিৰ্বাহকত ৪০ বছৰ উৰ্ধ্বৰ ব্যক্তিয়ে সংগঠনত জড়িত হ’ব পাৰিব নে নাই, কেন্দ্ৰীয় সমিতিত থাকিবৰ বাবে কমেও স্নাতক ডিগ্ৰীধাৰী হোৱা প্ৰয়োজন এনেধৰণৰ সংগঠনৰ সংবিধান সংশোধনী প্ৰস্তাৱ প্ৰেৰণ কৰা হয় প্ৰতিনিধি সভালৈ । আজিৰ সভাখন উদ্বোধন কৰে আছুৰ মুখ্য উপদেষ্টা ড° সমোজ্জল ভট্টাচাৰ্যই, সভাপতিত্ব কৰে দিপাংক নাথে । সাভাৰ আতধৰে আছুৰ গাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে ।

আছুৰ এক সূত্ৰই সদৰী কৰে যে, ড° ভট্টাচাৰ্যই সংগঠনৰ পৰা অব্যাহতি ল’ব । সভাখনত বিয়লি পাঁচ বজালৈ ৩৩ খন জিলাৰ ৮৮৫৬ জন ছাত্ৰকৰ্মীয়ে নাম পঞ্জীয়ন কৰে । প্ৰত্যেকখন জিলাৰ ১৫০জন প্ৰতিনিধি উপস্থিত থাকিব বুলি কোৱা হৈছিল যদিও আশা কৰাতকৈ বহু বেছি প্ৰতিনিধি উপস্থিত হয় সভাখনত । ইপিনে দ্বিতীয় কাৰ্যসূচী গ্ৰন্থমেলা আৰু চিত্ৰাংকন প্ৰতিযোগিতাত ৫০ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । বিয়লি ২.৩০ বজাৰ পৰা সদৌ অসম ভিত্তিত আন্তঃমহাবিদ্যালয় শ্বহীদ সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা অনুস্থিত হয় । সদনৰ মতে, তৰ্ক প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল ‘আঞ্চলিকতাবাদেই অতি ৰাষ্ট্ৰীয়তাবাদীসকলক প্ৰতিহত কৰাৰ মূল উপায় ।” তৰ্ক প্ৰতিযোগিতাত বিভিন্ন জিলাৰ ৩৪ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাখনৰ উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° সত্যকাম বৰঠাকুৰে, অধ্যক্ষকতা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক ড° বিনোদ চন্দ্ৰ বৰাই ।

ইপিনে অধিবেশনত অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিত কবি সন্মিলনত আদৰণি ভাষণ প্ৰদান কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি ড° সূৰেন্দ্ৰ নাথ গগৈয়ে, সভাপতিত্ব কৰে ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি পবিত্ৰ গগৈয়ে । সন্মিলনখনত উপস্থিত আছিল নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জ্যোতিপ্ৰগাদ কোঁৱৰ, ড° সত্যকাম বৰঠাকুৰ, শিক্ষক জীৱকান্ত গগৈ আদিকে ধৰি বহু গণমান্য লোক । বিভিন্ন জিলাৰ ১২৫ জন নবীন কবিয়ে অংশগ্ৰহণ কৰে সন্মিলনত ।

Exit mobile version