সংবাদমেলত কেঁচা মাছত কামোৰ দিলে প্ৰাক্তন মীন মন্ত্ৰীয়ে

2bac5ac5d0c120e3cd1abfa3fc774669

কেঁচা মাছ কামুৰি খালে শ্ৰীলংকাৰ এজন প্ৰাক্তন মন্ত্ৰীয়ে । এখন জনাকীৰ্ণ সংবাদমেলত এই আশ্চৰ্যকৰ ঘটনাটো সংঘটিত কৰে প্ৰাক্তন মন্ত্ৰীজনে । এই প্ৰাক্তন মন্ত্ৰীজন হৈছে দিলীপ ৱেড়াৰাচ্চি । মীন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব পালন কৰে অহা দিলীপৰ কাণ্ড দেখি অবাক নোহোৱাকৈ নাথাকিল এজনো সংবাদিক । চকু কপালত উঠাৰ লগতে প্ৰতিজনৰে মুখ মেল খাই গ’ল দিলীপৰ কাণ্ড দেখি । কলম্বোত সংবাদমেলখন অনুষ্ঠিত হৈছিল পৰহি ।

অৱশ্যে প্ৰাক্তন মীন মন্ত্ৰীজনে এনেদৰে কেঁচা মাছ খোৱাৰ পাছত আছে এটি বিশেষ কাৰণ । কৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা অন্যান্য ক্ষেত্ৰ বিলাকৰ দৰে শ্ৰীলংকাত মীন পালনতো তীব্ৰ মন্দাৱস্থাই বিৰাজ কৰিছে । সাগৰৰ মাছেৰে লাভজনক ব্যৱসায় কৰা দেশখনত এতিয়া আয় বুলিবলৈ একো নাই । সেয়েহে মাছৰ বিক্ৰী বৃদ্ধি কৰিবলৈ প্ৰাক্তন মন্ত্ৰীজনে এই অভিনৱ পন্থা গ্ৰহণ কৰে ।

কৰ’নাকালতো যে সাগৰৰ মাছ সম্পূৰ্ণভাৱে সুৰক্ষিত সেই কথাকে প্ৰাক্তন মন্ত্ৰীজনে বুজাই দিব বিচাৰিছে নিজ কাৰ্যৰ দ্বাৰা । কেঁচাই যি বস্তু খোৱাটো সম্ভৱ, তেনে বস্তু সিজাই খালে নিশ্চিতভাৱেই সম্পূৰ্ণ সুৰক্ষিত হ’ব বুলিও কয় প্ৰাক্তন মন্ত্ৰীজনে । যোৱা মাহত কলম্বোৰ কেন্দ্ৰীয় মাছ বজাৰত হঠাতে কৰ’না সংক্ৰমণৰ আতংক বিয়পি পৰে । তৎকাল বন্ধ কৰি দিয়া হয় বজাৰখন । ফলত বজাৰত বিক্ৰীৰ বাবে অনা বহু মাছ নষ্ট হৈ যায় ।

আনহাতে মাছৰ চাহিদা হ্ৰাস পোৱাত মাছৰ দামো নিম্নগামী হৈ পৰে । এনে কাৰণত বহু মাছৰ ব্যৱসায়ীয়ে ভয়াৱহ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হয় । একে সময়তে মাছ খাবলৈ ভয় কৰা হৈছে দেশৰ বাসিন্দাসকলে । এই ভয় আঁতৰ কৰিবলৈ সক্ৰীয় হৈ পৰে প্ৰাক্তন মন্ত্ৰীজন । সেয়েহে কেঁচা মাছত কামোৰ দি প্ৰাক্তন মন্ত্ৰীজনে কয়, ‘আমাৰ মাছ ব্যৱসায়ীসকলে ব্যৱসায়ত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে । কাৰণ দেশবাসীয়ে মাছ খাব বিচৰা নাই । সেই বাবে এই মাছটো লগতে আনিছো । চাওক, এইটো খালে কোনো সমস্যা নহয় । সকলোকে মই অনুৰোধ জনাইছো যেন পূৰ্বৰ দৰে পুনৰ মাছ খাবলৈ লয় । ভয়ৰ কোনো কাৰণ নাই। ইয়াৰ দ্বাৰা কৰ’না সংক্ৰমিত নহয় ।’

উল্লেখ্য যে কেইমাহমান পূৰ্বে নাৰিকলৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ দেশখনৰ নাৰিকল উন্নয়ন মন্ত্ৰী অৰুনডিকা ফাৰ্ণাণ্ডোৱে এডাল নাৰিকল গছৰ ওপৰ পাইছিলগৈ । একে ধৰণে দেশবাসীক মাছ খাবলৈ আহ্বান জনাই প্ৰাক্তন মীন মন্ত্ৰীজনে কেঁচা মাছত কামোৰ মাৰে ।

Exit mobile version