ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণই একেলগে ছমাহ পৰ্যন্ত নিদ্ৰাৰত অৱস্থাত থাকিছিল । টোপনিৰ পৰা সাৰ পোৱাৰ লগে লগে সন্মুখত যি পায় তাকে খাবলৈ আৰম্ভ কৰিছিল কুম্ভকৰ্ণই । কঠিন তপস্যাৰ পাছত ব্ৰহ্মাৰ পৰা ‘বৰ’ লাভ কৰাৰ সময়ত ভুলবশতঃ নিদ্ৰা বিচৰাৰ বাবেই কুম্ভকৰ্ণৰ এনে দশা হৈছিল । বৰ লাভৰ পাছৰে পৰা একেটা পৰ্যায়তে ছমাহ পৰ্যন্ত নিদ্ৰাত থাকিছিল কুম্ভকৰ্ণই ।
সম্প্ৰতি আন এজন কুম্ভকৰ্ণৰ সন্ধান লাভ কৰা হৈছে বাংলাদেশৰ মাণিকগঞ্জত । কলি যুগৰ এইজন কুম্ভকৰ্ণই একেলগে তিনি-চাৰিদিন পৰ্যন্ত টোপনি গৈ থাকে । টোপনিৰ পৰা সাৰ পোৱাৰ পাছতে বিনাদ্বিধাই তিনি-চাৰিজন লোকৰ খাদ্য গো-গ্ৰাসে গিলি পেলায় । এনে আচৰণৰ বাবেই স্থানীয় বাসিন্দাসকলে লোকজনক ‘কলিৰ কুম্ভকৰ্ণ’ নাম দিছে । মানুহজনৰ প্ৰকৃত নাম ভোম্বল শীল । কুম্ভকৰ্ণৰ দৰে এটা বিশাল শৰীৰ কিন্তু নাই ভোম্বলৰ । লোকজনৰ শৰীৰ যথেষ্ট শীৰ্ণকায় ।
যোৱা ২০ বছৰ ধৰি ভোম্বলে এনে এক অদ্ভুত ধৰণৰ জীৱন যাপন কৰিছে । বাল্য অৱস্থাত অৱশ্যে ভোম্বলৰ আচৰণ কোনো অস্বাভাৱিক নাছিল । খোৱা-লোৱাকে ধৰি শুই থকা আদি সকলো সাধাৰণ লোকসকলৰ দৰেই আছিল; কিন্তু ১৫ বছৰমান বয়সৰ পৰাই ভোম্বলৰ আচৰণ অস্বাভাৱিক হ’বলৈ ধৰে । ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে টোপনিৰ সময়ৰ । এতিয়া এনে পৰ্যায় পাইছেগৈ যে টোপনি আহিলে তিনি-চাৰিদিনলৈ বিছনা নেৰে ভোম্বলে । এটা পৰ্যায়তে সৰ্বাধিক এসপ্তাহ পৰ্যন্ত টোপনিত থকাৰো নিদৰ্শন আছে ভোম্বলৰ । শুই থকাকেইদিন পানীও নাখায় কলিৰ কুম্ভকৰ্ণই ।
কেতিয়াবা শোচ-প্ৰসাৱ কৰিবলৈ গ’লেও য’তেই থাকে তাতেই টোপনিত লালকাল দিয়ে । স্বাভাৱিকতে শুই থকা বাবে ভোম্বলৰ দৈনিক স্নান কৰাটো অসম্ভৱ । যেতিয়া স্নান কৰে সেই সময়তো বহু সময়লৈ পুখুৰীতে থাকে । ভোম্বলৰ এনে অভ্যাস দূৰ কৰিবলৈ পত্নীয়ে চিকিৎসকৰ ওচৰলৈকো লৈ গৈছে বহুবাৰ । চিকিৎসকে জনোৱা অনুসৰি, এইটো এটা অতিকৈ জটিল মানসিক ৰোগ । বহু চিকিৎসাৰ পাছতো এই অস্বাভাৱিক আচৰণৰ পৰা ৰক্ষা নাপালে ভোম্বলে ।
চিকিৎসকৰ মতে ভোম্বলে সম্ভৱতঃ ক্লুভাৰ বুচি ছিণ্ড্ৰোমত আক্ৰান্ত হ’ব পাৰে । এনে অৱস্থাত ক্ষুধা আৰুতনিদ্ৰা দুয়োটাই অস্বাভাৱিকভাৱে বৃদ্ধি পায় । একেলগে তিনি-চাৰিদিন পৰ্যন্ত নোখোৱাকৈ থকা অৱস্থাত অস্বাভাৱিক বিপাক আৰম্ভ হয় শৰীৰত । এনে অৱস্থাত শৰীৰৰ বাবে ক্ষতিকাৰক প্ৰক্ৰিয়াবিলাক আৰম্ভ হয় । অৱশ্যে অতিকৈ দৰিদ্ৰ অৱস্থাৰ পৰা ভোম্বলৰ উপযুক্ত চিকিৎসা আৰম্ভ কৰাটোও সম্ভৱ হৈ পৰাগৈ নাই ।