সীমান্তত বাঢ়িছে চীনা সৈন্যৰ তৎপৰতা

china army

সম্প্রতি কেৱল পূব লাডাখ সীমান্ততে সীমাবদ্ধ হৈ থকা নাই চীনা সেনাবাহিনীৰ অতি সক্রিয়তা। ইয়াৰ সমান্তৰালকৈ হিমাচল প্রদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্রদেশৰ ৩,৪৮৮ কিলােমিটাৰ দৈৰ্ঘ্যৰ প্ৰকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)তাে চীনৰ পিপ’লছ লিবাৰেচন আর্মিৰ গতিবিধি ক্ৰমাৎ বৃদ্ধি পাই আছে। সম্প্রতি ভাৰতীয় সেনাৰ চোৰাংচোৱাৰ সূত্রই এই তথ্য সদৰী কৰিছে।

সেনা সূত্রই জনােৱা মতে, হিমাচলৰ কৌৰিক গিৰিপথ, পূব অৰুণাচলৰ ‘ফিছ টেল-১’ আৰু ‘ফিছ টেল-২’ (মাছৰ ফিছাৰ দৰে আকৃতিৰ পাহাৰে আবৰা উপত্যকা বাবেই এনে নাম) অঞ্চলত এলএচি সংলগ্ন স্থানত নিয়ােজিত চীনা সৈন্যৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। নিয়ােজিত কৰা হৈছে ‘ভূমিৰ পৰা আকাশ’ ক্ষেপণাস্ত্রসহ অনেক গধূৰ অস্ত্র-শস্ত্ৰ আৰু সামৰিক যান। উত্তৰাখণ্ড আৰু ছিকিমৰ এলএচি সংলগ্ন কিছু অংশতাে অতিৰিক্ত সেনা আৰু সৰঞ্জাম নিয়ােজিত কৰা হৈছে।

সেনাৰ এক সূত্রই দাবী কৰিছে যে চীন অধিকৃত তিব্বতৰ বিভিন্ন সামৰিক বাহিনীৰ বিমানঘাটিসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কামাে পূর্ণোদ্যমে অব্যাহত আছে। এই সন্দৰ্ভত এজন সেনা বিষয়াই কয়, এমাহ মানৰ পূর্বে আমাৰ দৃষ্টিগােচৰ হয় যে হিমাচলৰ কৌৰিক গিৰিপথ সংলগ্ন চুৰুপ গাঁও স্পর্শ কৰি চীনে পথ তৈয়াৰ কৰি আছে। বিষয়টো এলএচি সংক্রান্তীয় দ্বিপাক্ষিক চুক্তি লংঘনত পৰে। উত্তৰাখণ্ডৰ বৰাহােতি উপত্যকাৰ উত্তৰৰ তুনজুম লা অঞ্চলতাে তেওঁলােকে শিবিৰ তৈয়াৰ কৰিছে। এলএচিৰ পৰা সেই অঞ্চলৰ দূৰত্ব মাত্র চাৰি কিলােমিটাৰ। সেনা বিষয়াজনে লগতে জনায় যে উত্তৰ ছিকিমৰ এলএচি সংলগ্ন ছাবু লাৰ পৰা ২৮ কিলােমিটাৰ দূৰত বিশাল টাৱাৰসহ আধুনিক যােগাযােগ আৰু নিৰীক্ষণৰ সৰঞ্জামাে স্থাপন কৰিছে চীনা সৈন্যই ।

উল্লেখ্য যে দক্ষিণ লাডাখৰ ডেমচকৰ পৰা ৮২ কিলােমিটাৰ দূৰৈত অৱস্থিত গাৰ গুণছা বিমানঘাটিৰ ওপৰত নিৰ্ভৰ কৰিয়েই লাডাখৰ এলএচিলৈ সেনা, ৰছদ আৰু সামৰিক সৰঞ্জাম প্রেৰণ কৰে পিএলএ বাহিনীয়ে। অদূৰৰ চিকানহেত আছে তিব্বতৰ চীনা ফৌজৰ অন্যতম বৃহৎ শিবিৰ আৰু সামৰিক সৰঞ্জামৰ ডিপ’। সম্প্রতি তাতেই তৎপৰতাৰে আন্তঃগাঁথনি বৃদ্ধিৰ কাম আৰম্ভ হােৱা বুলি তথ্য পােৱা গৈছে। হিমাচল আৰু উত্তৰাখণ্ড সীমান্তক লক্ষ্য ৰাখিয়েই এই তৎপৰতা বুলি ধাৰণা কৰা হৈছে।

Exit mobile version