বাক্সাৰ আনন্দ বজাৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্য্যনিৰ্বাহক

WhatsApp Image 2020 11 22 at 6.16.12 PM 1

বিজেপিৰ যুৱ মৰ্চাৰ উত্তৰ ভৱানীপুৰ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা দেওবাৰে বাগসা জিলাৰ শালবাৰীৰ আনন্দ বজাৰ শঙ্কৰদেৱ শিশু নিকেতনত আয়োজন কৰা হয়৷ দলৰ উত্তৰ ভৱানীপুৰ মণ্ডল যুৱ মৰ্চাৰ সভাপতি শচীন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অংশ গ্ৰহণ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱাই আগন্তুক ২০২১ৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমতো ৩৯৯ সংখ্যক ভাৰতীয় জনতা যুৱ মৰ্চাৰ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয় বুলি কয়।তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভৱানীপুৰ সমষ্টিৰ আটাইবোৰ দিশ ফঁহিয়াই চোৱাত গুৰুত্ব আৰোপ কৰে আৰু ভৱানীপুৰ মণ্ডল যুৱ মৰ্চাৰ সকলো যুৱ কৰ্মকৰ্তাক আগন্তুক নিৰ্বাচনৰ বাবে প্ৰস্তত হোৱাৰ আহ্বান জনায়।

বিধানসভা নিৰ্বাচনত ভৱানীপুৰ সমষ্টি এইবাৰ বিজেপি দলে লাভ কৰাটো খাটাং বুলিও তেওঁ মন্তব্য কৰে।লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোণোৱালে লোৱা কল্যাণকামী পদক্ষেপ আৰু দলটোৰ দৃঢ় সাংগঠনিক পৰিকাঠামোৰ ভিত্তিতে এইবাৰৰ বিজয় সুনিশ্চিত হ’ব বুলি তেওঁ দাবী কৰে৷তদুপৰি বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ এ আই ইউ ডি এফৰে থকা গোপন বুজাবুজিৰ ভিত্তিত কংগ্ৰেছ দলটোৱে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বাবে ভৱানীপুৰ সমষ্টিত বিজেপি মিত্ৰদলৰ প্ৰাৰ্থীগৰাকী পৰাজিত হোৱা বুলি বিজেপি মুখপাত্ৰ গৰাকীয়ে কয়।

ৰাজ্যত এইবাৰ বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ‘মিছন হাণ্ড্ৰেদ প্লাছ’ সফল কৰিবলৈ তেওঁলোক দৃঢ়প্ৰতিজ্ঞ বুলিও তেওঁ কয়৷আজিৰ এই সাংগঠনিক সভাত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গোপীৰাম নাথ, বজালী জিলা কমিটীৰ সম্পাদক কিশোৰ ডেকা, বজালী জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ধীৰুমণি ৰয় আৰু বিজেপিৰ উত্তৰ ভৱানীপুৰ যুৱ মৰ্চাৰ সভাপতি আৰু সম্পাদক ক্ৰমে সঞ্জীৱ নাথ আৰু দ্বীপ দাসৰ সৈতে দলটোৰ ভালেসংখ্যক কৰ্মকৰ্তাই অংশ গ্ৰহণ কৰে ৷

Exit mobile version