মই সংগীতৰ বাবেহে বিপিএফৰ লগত আছোঁ, কোনো দলত নাই : ভৃগু কাশ্যপ

WhatsApp Image 2020 11 22 at 4.06.01 PM

“মই সংগীতৰ বাবেহে বিপিএফৰ লগত আছোঁ ৷ কোনো দলত নাই ৷ যি দলত জাতীয় সত্তা, প্ৰতিবাদী সত্তা আৰু অসম প্ৰেম দেখিম সেই দলৰ হৈ মই নিৰ্বিঘ্নে গান গাই যাম ৷ সেইয়া ৰাজনৈতিক বা অৰাজনৈতিক যি দলেই নহওক কিয় ৷” এই মন্তব্য অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপৰ ৷

শনিবাৰে বাক্সাৰ শালবাৰীৰ মথনগুৰি সমষ্টিত সমাগত বিটিচি নিৰ্বাচনৰ বাবে বিপিএফ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ আহি সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কণ্ঠশিল্পী ভৃগু কাশ্যপে কয়, “সংস্কৃতি আৰু ৰাজনীতি ওতঃপ্ৰোতভাৱে জড়িত ৷ মই এই ক্ষেত্ৰখনত জড়িত কেৱল সংগীতৰ বাবে ৷ মই বিপিএফৰ হৈ নিৰ্বাচনী গীত বহু গাইছোঁ ৷ কিন্তু এইবাৰ মোক বিপিএফৰ সভাবোৰত গীতবোৰ লাইভ কৰি গাবলৈ কোৱা বাবেহে আহিছোঁ ৷ নিৰ্বাচনী সভাৰ যি সাংস্কৃতিক অনুষ্ঠান তাত ভাগ ল’বলৈহে মই ওলাই আহিছোঁ ৷ ইয়াৰ অৰ্থ এইটো নহয় যে আমি বিপিএফক সমৰ্থন কৰিছো বা সাংস্কৃতিক পথাৰখন এৰিছোঁ ৷ আমি সংস্কৃতিৰ লগত জড়িত । এতিয়াও আছোঁ, আগলৈও থাকিম ৷ বিপিএফৰ বাবেই যিসকলে ভাষাৰ পৰিচয় পাইছে, জাতিৰ পৰিচয় পাইছে তেওঁলোকে বিপিএফক কেতিয়াও নাপাহৰে ৷ বিপিএফৰ হৈ বেলেগকৈ ৰাইজৰ পৰা ভোট বিচৰাৰ প্ৰয়োজন নাই যিহেতু মই বিপিএফৰ সভাবোৰত প্ৰত্যক্ষভাৱে জড়িত হৈ গান গায়েই আছোঁ ৷ মই নিৰপেক্ষ মানুহ ৷ নগাঁও মিউনিচিপালিটিৰ হৈও মই গান গাইছোঁ, এজিপি দলৰ হৈও গান গাইছোঁ, বিপিএফৰ হৈও গাইছোঁ ৷ মই কোনো দলৰ লগত নাই আৰু নাথাকোঁ ৷ অসমৰ ৰাইজৰ ভৃগু হৈয়েই থাকিম সদায় ৷”

Exit mobile version