ইটালীত উদ্ধাৰ দুহেজাৰ বছৰীয়া প্ৰাচীন দেহাৱশেষ

Screenshot 66

প্ৰায়দুহেজাৰ বছৰৰ পূৰ্বে ধ্বংস হৈছিল ইটালীৰ পম্পেই চহৰ । সেই ধ্বংসপ্ৰাপ্ত চহৰৰ ধ্বংসস্তুপৰ পৰা সম্প্ৰতি উদ্ধাৰ হৈছে দুটাকৈ দেহাৱশেষ । ৭৯ খ্ৰীষ্টাব্দত মাউণ্ট ভিছুভিয়াছ প্ৰৰ্বতৰ জ্বালামুখীৰ উদ্গীৰণৰ কবলত পৰি পম্পেইৰ অসংখ্য লোকৰ মৃত্যু হৈছিল । এই দেহাৱশেষ ইয়াৰে দুজন হতভগীয়াৰ বুলি ধাৰণা কৰা হৈছে । প্ৰাপ্ত দেহাৱশেষৰ পোছাক আৰু অন্যান্য চিহ্নৰ পৰা ধাৰণা কৰা হৈছে যে এই দুই কংকালৰ এটা গৰাকীৰ আৰু আনটো তেওঁৰ ক্ৰীতদাসৰ । ইটালীৰ এদল প্ৰত্নতাত্বিকে পম্পেইৰ এটা অট্টালিকাৰ ধ্বংসাৱশেষৰ ভিতৰত খনন কাৰ্য চলোৱাৰ সময়ত এই দেহাৱশেষ দুটা উদ্ধাৰ হয় ।

উল্লেখ্য যে ২০১৭ত উক্ত স্থানতে এটা ঘোঁৰাশাল আৰু তাত থকা তিনিটা ঘোঁৰাৰ দেহাৱশেষ উদ্ধাৰ কৰা হৈছিল । মাউণ্ট ভিছুভিয়াছৰ দাঁতিতে এসময়ত গঢ়ি উঠিছিল ৰোমান সভ্যতাৰ প্ৰাচীন নগৰী পম্পেই । ৭৯ খ্ৰীষ্টাব্দত হঠাৎ উক্ত পৰ্বতৰ আগ্নেয়গিৰি জাগি উঠে। লগে লগেই পম্পেইৰ ভাগ্যলৈ নামি আহে চৰম বিপৰ্যয়ৰ অশনি সংকেত । উত্তপ্ত লাভা, ক’লা মেঘ আৰু বিষাক্ত ধোঁৱাই চৌদিশ ঘেৰি ধৰে । সেই আগ্নেয়গিৰিৰ কবলত পৰি প্ৰায় দুহেজাৰ লোকৰ মৃত্যু হৈছিল । প্ৰাপ্ত দেহাৱশেষ দুটা মাটিত ওপৰমুৱাকৈ আছিল । ধূসৰ ছাইৰ ভিতৰত প্ৰায় দুই মিটাৰ গভীৰত সোমাই আছিল দেহ দুটা । যি ঠাইত দেহ দুটা আছিল, তাৰ সন্মুখতে আছিল এটা সুৰংগ ।

প্ৰত্নতাত্বিক মাছিমো অ’ছান্নাৰ মতে, প্ৰাণ ৰক্ষাৰ বাবে হয়তো দুঢয়োজনছ এই সুৰংগতে আশ্ৰয় ল’ব গৈছিল । কিন্তু সেয়া হৈ নুঠিল । দুই মৃতদেহৰ হাড় আৰু দাঁত পৰীক্ষা কৰি জনা গৈছে যে ক্ৰীতদাস তৰুণৰ বয়স আছিল ১৮ৰ পৰা ২৫ বছৰ । আনজন লোকৰ বয়স আছিল ৩০ৰ পৰা ৪০ বছৰ । তেওঁ অতিশয় ধনী লোক আছিল বুলিয়ে প্ৰত্নতাত্বিকসকলে ধাৰণা কৰিছে । গৰাকী আৰু ক্ৰীতদাসৰ একে সময়তেই মৃত্যু হৈছিল ।

Exit mobile version