বিটিচি নিৰ্ব্বাচন : চিৰাঙত জোনাল আৰু ছেক্টৰ বিষয়াৰে সভা জিলা ৰিটাৰ্নিং বিষয়াৰ

5a630ef4 e610 4d79 b619 50a3ba3fcc60

আগন্তক বিটিচি পৰিষদীয় নিৰ্ব্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাবে আজি চিৰাং জিলা উপায়ুক্ত তথা জিলা ৰিটাৰ্নিং বিষয়া গৌতম তালুকদাৰে জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এক সভাত নিৰ্ব্বাচনি পৰ্য্যবেক্ষকৰ উপস্থিতিত জিলাখনৰ জোনাল আৰু ছেক্টৰ বিষয়া সকলৰে সভাত মিলিত হয়। সভাৰ সময়ছোৱাত ৰিটাৰ্ণিং বিষয়া জনে ১৩ নং চিৰাং,১৪ নং চিৰাং দুৱাৰ আৰু ১৫ নং।

কাজলগাঁও জনজাতী সংৰক্ষিত তিনিওটা পৰিষদীয় সমষ্টীৰ ভোট কেন্দ্ৰ সমুহকে আদি কৰি সকলো দিশত বিতং আলোচনা পৰ্য্যালোচনা কৰে। ৰাজ্যিক নিৰ্ব্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি সকলো দিশত পৰ্য্যালোচনা কৰে। ৰিটাৰ্ণিং বিষয়াজনে সকলো জোনাল আৰু ছেক্টৰ বিষয়া সকলক নিজৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰাৰ আহ্বান জনায় । জিলাখনত বিটিচি পৰিষদীয় নিৰ্ব্বাচন সুস্থ ভাৱে পৰিচালনা কৰাৰ বাবে

নিৰ্ব্বাচনৰ দিনটোত সকলো কভিড নিয়মাৱলি মানি চলিবলৈয়ো নিৰ্দেশনা দিয়ে ভোটাৰ সকলক। লগতে নিৰ্ব্বাচনি আচৰণ বিধি বলবৎ কৰি নিয়মাৱলি মানি চলাবৰ বাবেও আহ্বান জনায়। সভাত নিৰ্ব্বাচনি পৰ্যবেক্ষক নমিতা দত্তই নিৰ্ব্বাচনৰ নিয়মাৱলি সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।

উল্লেখ্য যে চিৰাং জিলা প্ৰশাসনে ইতিমধ্যে ৬ জনকৈ জোনাল বিষয়া,২৪ জনকৈ ছেক্টৰ বিষয়া নিয়োগ কৰিছে ১৩ নং চিৰাং পৰিষদীয় সমষ্টীৰ ৮৭ টা ভোটকেন্দ্ৰ,১৪ নং চিৰাং দুৱাৰ সমষ্টীৰ ৬৯ টা ভোট কেন্দ্ৰ আৰু ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টীৰ ৭২ টা ভোটকেন্দ্ৰৰ বাবে। ইয়াৰে ১৩ নং চিৰাং সমষ্টীৰ মুঠ ভোটাৰ ৬১৯৩৪ জন,১৪ নং চিৰাং দুৱাৰ সমষ্টীৰ মুঠ ভোটাৰ ৫০০৩৮ জন আৰু ১৫ নং কাজলগাঁও সমষ্টীৰ ৫৬২৫২ জন মুঠ ভোটাৰ আছে । এই সভাত জিলাখনৰ অতিৰিক্ত উপায়ুক্তদ্বয় ক্ৰমে কৰ্মদেৱ ব্ৰহ্ম,ৰিংখাং মুচাহাৰী,নিৰ্মালি বৰুৱাৰ লগতে আন আন বিষয়া সকলো উপস্থিত থাকে।

Exit mobile version