মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আহিল সংৰক্ষণৰ উৎকৰ্ষতাৰ বঁটা

WhatsApp Image 2020 11 23 at 5.40.06 PM

অসম গৌৰৱ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আহিছে এটা অত্যন্ত সুখবৰ। ইউনেস্কোৰ দ্বাৰা স্বীকৃত এই বিশ্ব ঐতিহ্য ক্ষেত্ৰখনে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত দেখুওৱা অভূতপূৰ্ব সফলতাৰ বাবে গ্লোবেল টাইগাৰ ৰিজাৰ্ভৰ তৰফৰ পৰা Conservation Excellence Award অৰ্থাৎ সংৰক্ষণৰ উৎকৰ্ষতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, গ্লোবেল টাইগাৰ ৰিজাৰ্ভ হৈছে বিশ্বৰ প্ৰায়বোৰ সকলো দেশৰ চৰকাৰৰ দ্বাৰা সমৰ্থিত বাঘ সংৰক্ষণত সেৱা আগবঢ়োৱা এটা আন্তঃৰাষ্ট্ৰীয় সংস্থা৷ কৰ’নাজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া অনলাইন যোগে অনুষ্ঠিত এটা অনুষ্ঠানত ভাৰ্চুৱেলী এই বঁটা প্ৰদান কৰা হয়।

অসমৰ মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ লগতে ৰয়েল ভূটান নেচনেল পাৰ্কেও এই বঁটা যৌথভাৱে লাভ কৰিছে, যিহেতু অভয়াৰণ্যখনে দুয়োখন দেশৰ ভূখণ্ড সামৰি আছে। এই কথা জানিবলৈ দি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক অমল শৰ্মাই কয় যে, ২০১০ চনত ইয়াত থকা ‌ঢেঁকীয়াপতীয়া বাঘৰ সংখ্যা আছিল ১০ টা। বৰ্তমান এই সংখ্যা হৈছেগৈ ৩০ টা। ইয়াৰে চাৰিটা সৰু আৰু ২৬ টা ডাঙৰ। বৰ্তমান ঢেঁকীয়াপতীয়াৰ উপৰিও নাহৰফুটুকীও ২৮ টা আছে বুলি তেওঁ জানিবলৈ দিয়ে। যোৱা ১০ বছৰত মানাহত বাঘৰ সংখ্যা তিনি গুণলৈ বৃদ্ধি হোৱাৰ বিপৰীতে পিলভিট ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত এই সময়চোৱাত বাঘৰ সংখ্যা দুগুণলৈ বৃদ্ধি পোৱা বাবে অনুষ্ঠানত তেওঁলোককো সন্মানিত কৰা হয়।

বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই বাতৰি সদৰি কৰি জনাইছে যে আজি অনুষ্ঠিত হোৱা ভাৰ্চুৱেল পুৰষ্কাৰ বিতৰণী সভাত মানাহ অভয়াৰণ্যৰ বিষয়া সকলৰ উপৰি ৰাজ্যৰ বন বিভাগৰ শীৰ্ষ বিষয়া সকলেও অংশগ্ৰহণ কৰে। নিশ্চিত ভাবে এই খবৰে ৰাজ্যৰ বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত সকলৰ লগতে আন আন সকলকো উৎসাহিত কৰিছে। মাত্ৰ কেইবছৰ পূৰ্বে সংকটৰ গৰাহত পৰা ঐতিহ্য ক্ষেত্ৰখনে পুণৰ নতুন আন্তঃৰাষ্ট্ৰীয় খ্যাতিৰে উজলি উঠাৰ বাবে বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মায়ো মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক অমল শৰ্মালৈ অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কয় যে, ‘এয়া আমাৰ সকলোৰে বাবে গৌৰৱৰ মুহূৰ্ত্ত।’ উল্লেখযোগ্য যে, যোৱা কেইবছৰৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰ সম্পূৰ্ণ বন্ধ হৈ পৰিছে।

Exit mobile version