এটা দীঘলীয়া পৰিক্ৰমা পাৰ কৰিছাে তৰুণ গগৈ আৰু মই। আমি সহপাঠী,আমি ৰাজনৈতিক ক্ষেত্ৰখনৰ সহকর্মীও আছিলাে। আমাৰ সম্পর্ক কেৱল সিমানেই নাছিল। আমাৰ সম্পর্ক পাৰিবাৰিক পর্যায়লৈ আছিল। আজি সেইকাৰণে মই কিমান ব্যথিত আনক ভাষাৰে বুজাব নােৱাৰিম। খবৰ ল’বলৈ মেডিকেললৈ গৈছিলাে। বন্ধুৰ এনেদৰে খবৰ ল’বলৈ যাবলৈ কাৰ ভাল লাগে?আমি প্রথম লগ পাইছিলাে জে বি কলেজত। তৰুণ গগৈ, বিজয়া চক্ৰৱৰ্তী, মই এনেদৰে কে’বাজনাে একেলগে পঢ়িছিলাে। সেই তেতিয়াই গঢ়ি উঠা সম্পর্ক আজীৱন থাকিল। আমি ষ্টুডেন্ট ইউনিয়ন কৰিছিলাে। সক্রিয় ৰাজনীতিত আমাৰ তেনেদৰে প্ৰৱেশ ঘটিছিল। পাছত মই শিক্ষকতাৰ ক্ষেত্ৰখনলৈ যাওঁ। কলেজত মােৰ কর্ম জীৱন আৰম্ভ হৈছিল; কিন্তু আমাৰ সম্পর্ক একেদৰে আছিল। সেই কথা ক’বলৈ ১৯৭১ লৈ ঘূৰি গ’লেই হ’ল। তৰুণ গগৈয়ে সেইবাৰ লােকসভা নির্বাচনত প্ৰথম অৱতীৰ্ণ হৈছিল। আমাৰ ঘৰত থাকিয়েই প্রচাৰ চলাইছিল। আমি যথেষ্ট খাটিছিলাে। এইবাৰ দুলাল বৰাক আমি হৰুৱাইছিলাে। আজি বহু কথা মনলৈ আহিছে। প্ৰকাশৰহে শক্তি নাই। ভাববােৰতাে খেলিমেলি হৈছে। তৰুণ গগৈ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি আছিল। মই প্রশাসন শাখাৰ সাধাৰণ সম্পাদক আছিলাে। একেলগে দলৰ কাম কৰিছিলাে। সভাপতিৰূপে অভাৱনীয় প্রত্যাহ্বানৰ মাজত তেওঁ দলক চম্ভালিছিল। তেওঁ দলক পুনৰ গঢ়ি তুলিছিল। ২০০১ত তেওঁৰ সাংগঠনিক দক্ষতাৰ বাবে অসমত কংগ্ৰেছৰ চৰকাৰ হৈছিল আৰু তৰুণ গগৈ মুখ্যমন্ত্রী হৈছিল। ময়াে মন্ত্রী হৈছিলাে। ২০০১ৰ পৰা দুয়ােৰে ক্ষেত্ৰখন সম্পূৰ্ণৰূপে এক হৈ পৰাত আমাৰ সম্পৰ্ক আৰু অধিক গাঢ় হৈছিল। মােৰ এজন অন্তৰংগ বন্ধুক হেৰুৱাই মই অত্যন্ত দুখ পাইছাে। তৰুণ গগৈয়ে মানুহক ভাল পাইছিল। সেই কাৰণে মন খুলি মানুহক সহায় কৰিছিল। অন্তৰখন তেওঁৰ বৰ বহল আছিল। তৰুণ গগৈয়ে অসমক প্রাণ ভৰি ভাল পাইছিল। অসমৰ উন্নয়নমূলক কামক তেওঁ যিদৰে গতি দিছিল সেইবাবে অসমৰ ৰাইজে তেওঁক সদায় মনত ৰাখিব। অসমখনক নতুনকৈ গঢ়ি তুলিছিল মােৰ অন্তৰৰ বন্ধুজনে।
অসমক নতুনকৈ গঢ়িছিল মােৰ অন্তৰৰ বন্ধুজনে :শৰৎ বৰকটকী
-
By publisher

- Categories: Assam, India, News
- Tags: AssamTarun Gogoi
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026