প্ৰয়াত তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ: কলাক্ষেত্ৰত

Rahul Gandhi1

আজি পুৱাই গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী । সদ্য প্ৰয়াত তৰুণ গগৈক অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰিলে ৰাহুল গান্ধীয়ে ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ নেতা জনৰ মন্তব্য – তৰুণ গগৈ দেৱ মোৰ গুৰু । মই অসমলৈ যেতিয়াই আহিছিলোঁ তেওঁৰ লগত ঘন্টা ঘণ্টা কথা পাতিছিলোঁ তেওঁ কেৱল অসমৰ কথা কৈছিল অসমৰ মানুহবোৰৰ কথা কৈছিল । তেওঁৰ বাবে সকলো লোকে এক সমান আছিল । তেওঁৰ লগত কথা পাতি মই বহুত শিকিবলৈ পালোঁ । তেওঁ অসম কংগ্ৰেছক তেওঁৰ আদৰ্শাবলীৰে প্ৰতাহ্বান দিয়া নাই ,গুৰুৱে শিষ্যক প্ৰতাহ্বান নিদিয়ে তেওঁ অসম কংগ্ৰেছক শিক্ষা দিয়ে আৰু অসম কংগ্ৰেছে সেইয়া প্ৰমাণ কৰিব ।তেওঁ বেমাৰত পৰা আগতে এবাৰ অন্তিম বৰ কথা পাতিছিলোঁ বেমাৰৰ পাছত কথা পতা হোৱা নাছিল বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে । শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ আৰু তেওঁৰ পৰিয়াল লগত আলোচনাত মিলিত হয়।

Exit mobile version