এবিএমছুত কোনো বিভাজন হোৱা নাই

a44787cf a2be 4ad9 8141 8ff05cb2ce0b

এবিএমছুৰ নতুন গোট গঠন সন্দৰ্ভত সংগঠনটোৰ এক জৰুৰী সভা অনুষ্ঠিত হয় । সভাখন অনুষ্ঠিত কৰা হয় বঙাইগাঁও চহৰৰ হোটেল জাহ্নৱিত । সভাখনত উপস্থিত থাকে এবিএমছুৰ কেন্দ্ৰীয় কৰ্ম নিৰ্ধাৰণ কমিটি, উপদেষ্টা মণ্ডলি, কেন্দ্ৰীয় কমিটি আৰু জিলা সমিতি সমূহৰ নেতৃবৰ্গ । সভাখনত উপস্থিত থাকা সকলোৱে ছাত্ৰ সংগঠনটোৰ বিভাজনৰ ষৰযন্ত্ৰক ধিক্কাৰ জনায়। ৰাজনৈতিক ষৰযন্ত্ৰৰ বলি হৈ একাংশ সদস্যই অবৈধ ভাৱে চিৰাঙৰ বিজনী আম্বেদকাৰ হলত আয়োজিত সাধাৰণ সভাৰ জৰিয়তে নতুন গোট গঠন কৰে। এই সন্দৰ্ভত এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা আব্দুৰ ৰেজ্জাকে কয়, ‘এইখন অবৈধ সমিতি। ইয়াক গ্ৰহণ কৰিব পৰা নাযায়। দুই-চাৰিজন লোকৰ ষৰযন্ত্ৰত এই অবৈধ কমিটি গঠন হৈছে। গতিকে এই কমিটিৰ কথাত ভোল নাযাবলৈ ৰাইজক আহ্বান । এটা অভিযোগ লাভৰ পাছত সেই বিষয়ে আলোচনা হৈ থকাৰ মাজতে হঠাতে অবৈধভাৱে আন এটা কমিটি গঠন কৰা হৈছে । আচলতে, এবিএমছু বিভাজন হোৱা নাই এটাই আছে । কেইজনমান দুষ্ট লোকে বিভ্ৰান্তিৰ সৃষ্টী কৰিছে ।

ADVERTISEMENT

এবিএমছুৰ কেন্দ্ৰীয় সভাপতি আশ্ৰাফুল ইচলাম শ্বেখে জনায় যে, বিজনীত দুই চাৰিজন তথা কথিত এবিএমছু নেতাই অবৈধভাৱে কেন্দ্ৰীয় কমিটি গঠন কৰিছে এবিএমছুৰ নামত। এবিএমছুৰ নামত গঠন হোৱা কমিটিখনক অবৈধ ঘোষণা কৰি ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ কথাও জনায়।উক্ত অবৈধ কমিটি গঠনত আগভাগ লোৱা চাৰিজন লোকক বহিষ্কাৰ কৰা বুলিও জনায় সভাপতিজনে । বহিষ্কৃতসকল ক্ৰমে, সহকাৰী সম্পাদক আবু জুবায়েৰ মণ্ডল, মহিদুল ইচলাম, ইয়াচিন আলী শিক্ষা সম্পাদক আৰু সাংগঠনিক সম্পাদক ৰফিকুল ইচলাম । এইসকলক বহিষ্কাৰ কৰাৰ লগতে এইসকল লোকে অবৈধ ভাৱে গঠন কৰা সমিতিয়ে এবিএমছুৰ নাম লৈ বিটিচিত পৰিচয় দি কোনো কাম কৰিলে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ কথাও জনায় এবিএমছুৰ সভাপতিজনে । এবিএমছুৰ নামত ভুৱা প্ৰচাৰ নচলোৱাৰ বাবে বিটিচিবাসীক আহ্বান জনায় আৰু আপোচহীন ভাৱে এবিএমছুয়ে কাম কৰি যোৱাৰ হুংকাৰ দিয়ে।

এবিএমছুৰ সাধাৰণ সম্পাদক টাইচন হুচেইনে কয়, ‘বিজনীত বিশেষ এটা ৰাজনৈতিক দলৰ প্ৰৰোচনাত পৰি বিজনী আম্বেদকাৰ হলত এবিএমছুৰ নামত এখন অবৈধ কমিটি গঠন হৈছে । এবিএমছুৰ আপোচহীন যাত্ৰা আৰু ইয়াৰ ঐক্যবদ্ধ আন্দোলনত শংকিত হৈ বিশেষ ৰাজনৈতিক দল এটাই ষৰযন্ত্ৰমুলকভাৱে এবিএমছুক বিভাজন কৰি বিটিচি নিৰ্ব্বাচনৰ আগে আগে সংখ্যালঘু লোকক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। যিজন লোকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নতুন কমিটি গঠন হ’ল তেওঁক এবিএমছুৰ কোনো লোকে চিনি নাপায় । কি উদ্দেশ্য আৰু লক্ষ্যৰে এবিএমছুৰ বিভাজনৰ চেষ্টা কৰা হৈছে সেয়া দুই-এদিনতে ৰাইজৰ আগত অনা হ’ব । প্ৰয়াত সভাপতি লাফিকুল ইচলামৰ ভাতৃ মহিদুল ইচলামক সংগঠনটোৰ শিক্ষা সম্পাদক দিয়া হৈছিল কিন্তু তেওঁ ইয়াৰ অপব্যৱহাৰ কৰি নিজকে সংগঠনটোৰ সভাপতি হিচাপে ঘোষণা কৰে । এবিএমছুৰ আপোচহীন যাত্ৰাক প্ৰতিহত কৰিবলৈ আৰু নিঃশেষ কৰাৰ বাবে চলি থকা ৰাজনৈতিক ষৰযন্ত্ৰক ৰোধ কৰিবলৈ বিটিচিৰ ৰাইজক আহ্বান ।’

Exit mobile version