ডেনমাৰ্কত কৰ’নাক‌ লৈ নতুন আতংক

China fur farm 11

গৰম কাপোৰৰ বাবে বিশ্বৰ ‘ফেশ্বন’প্ৰিয়সকলৰ মাজত এক পৃথক কদৰ আছে মিঙ্কৰ; কিন্তু সংক্ৰমণৰ আশংকাত এই ক্ষুদ্ৰ প্ৰাণীকুলৰ জীৱন আজি বিপন্ন প্ৰায় হৈ পৰিছে । বিশ্বৰ বিভিন্ন দেশত মিঙ্কৰ পৰাই মানুহৰ শৰীৰলৈ কৰ’না সংক্ৰামিত হোৱাৰ অভিযোগেৰে ইতিমধ্যে লাখ লাখ মিঙ্ক হত্যা কৰা হৈছে । এনে দেশবিলাকৰ ভিতৰত শীৰ্ষত আছে ডেনমাৰ্কৰ নাম । কীছুদিন পূৰ্বে ডেনমাৰ্কৰ ১২জন‌ নাগৰিকৰ শৰীৰত কৰ’না ভাইৰাছৰ সন্ধান লাভ কৰাৰ পাছত ইয়াৰ উৎস মিঙ্ক বুলি চিনাক্ত কৰা হৈছে ।

অৱশ্যে মিঙ্কৰ দ্বাৰা সংক্ৰমিত হোৱা লোকৰ সংখ্যা ইয়াতকৈ বহুত বেছি বুলি জনাইছে দেশৰ স্বাস্থ্যমন্ত্ৰী মাগনুচ হয়নিকে । ইয়াৰ পাছত দেশখনত এতিয়ালৈ এক কোটি ৫০ লাখ মিঙ্ক হত্যা কৰা হৈছে । হত্যা কৰা মিঙ্কবিলাকক একেলগে গাঁত খান্দি পুতি পেলোৱা হৈছে । সবাতোকৈ ডাঙৰ কথা হ’ল ইয়াৰ পাছতে দেশখনত বিপত্তি আৰম্ভ হোৱাৰ অভিযোগ উঠিছে । চৰকাৰে দায়সৰা ধৰণে কৰা কামৰ বাবে অৰ্ধমৃত বহু মিঙ্কে গাঁতৰ পৰা উঠি আহি নতুনকৈ কৰ’না সঁক্ৰমণ ঘটোৱাৰ অভিযোগ কৰিছে পৰিৱেশবিদসকলে ।

এই প্ৰসংগত ডেনমাৰ্ক আৰক্ষীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ টমাছ ক্ৰিষ্টেন যেনে জনোৱা অনুসৰি, মিঙ্কবিলাকৰ মৃতদেহ পাতিলে গাঁতৰ ভিতৰত গেছৰ সৃষ্টি হ’ব । এনে অৱস্থাত গাঁতৰ মাটিত ফাট মেলিব আৰু মিঙ্কৰ মৃতদেহবিলাক মাটিৰ ওপৰলৈ ওলাই আহিব । এনে অৱস্থা ৰোধ কৰিবলৈ ডেনমাৰ্কৰ পশ্চিম জুটলেণ্ড অঞ্চলত সেনাৰ দ্বাৰা মৃতদেহ পোতা গাঁতবিলাকৰ ওপৰত নতুনকৈ মাটি দিয়া হৈছে । নতুন গাঁতবিলাকক এক মিটাৰৰ অধিক দকৈ খন্দা হৈছে । পৰৱৰ্তী সময়ত পুনৰ গাঁতৰ ওপৰত নতুনকৈ মাটি দিয়া হৈছে ।

উল্লেখ্য যে জুটলেণ্ড অঞ্চলৰ মাটি অতিক বালীয়া ধৰণৰ । বালি অধিক থকাত এক মিটাৰ দকৈ গাঁতবিলাক খান্দিলেও উপৰিভাগ কোমল হৈয়ে থাকে । সেয়েহে সমগ্ৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত নতুনকৈ চিন্তা-চৰ্চা কৰিবলগীয়া হৈছে । পৰিৱেশবিদসকলে অভিযোগ কৰা অনুসৰি বহু মিঙ্কৰ মৃতদেহ পানী থকা স্থানৰ কাষৰ স্থানতে গাঁত খান্দি পুতি পেলোৱা হৈছে । ফলত মৃতদেহৰ পৰা নিগৰিত দূষিত পদাৰ্থ পানীত মিহলি হোৱাৰো প্ৰবল সম্ভাৱনাই দেখা দিছে । ইয়াৰ ফল এতিয়া অধিক মাৰাত্মক হৈ পৰিছে । যাৰ বাবে কৰ’না সংক্ৰমণ অধিক বৃদ্ধি পোৱাৰো অভিযোগ উঠিছে ।

Exit mobile version