দিল্লীৰ সীমান্তত আতংকময় পৰিৱেশ

Delhi police barricade

দিল্লীৰ সীমান্তত কৃষক প্ৰতিবাদী দলৰ আৰু নিৰাপত্তা আৰক্ষী তীব্ৰ সংঘাতময় পৰিৱেশৰ সৃষ্টি হয় । কৃষকসকলে তেওঁলোকক বাধা দিবলৈ চৰকাৰে বান্ধি দিয়া বেৰিকেড ভাঙি দলিয়াই দিয়ে। কেন্দ্রীয় চৰকাৰে নতুনকৈ সংশোধন কৰা কৃষি আইনৰ বিৰোধিতাৰে দেশৰ ৰাজপথত ওলাই আহে হেজাৰ হেজাৰ কৃষক।কেন্দ্ৰৰ তিনিখন কৃষি আইন প্রত্যাহাৰ নকৰা পৰ্যন্ত তেওঁলোক উভতি নোযোৱাৰ হুংকাৰ ।দিল্লীৰ পুলিচ কমিচনাৰে নতুন দিল্লীৰ বুৰাৰি এলেকাত শৃংখলাবদ্ধতা বজাই ৰাখি শান্তিপূৰ্ণ প্ৰতিবাদ কৰাৰ অনুমতি প্ৰদান কৰে প্ৰতিবাদী সমদলটোক ।কৃষক প্ৰতিবাদীসকলে দিল্লীত সোমাবলৈ প্ৰধানমন্ত্ৰীলৈ অনুমতি বিচাৰি চিঠি প্ৰেৰণ কৰে ।

ADVERTISEMENT
Exit mobile version