বোকাজানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

c7157530 96f2 4f82 9ec0 749af93bfb1d

কাৰ্বি আংলংৰ বোকাজান বিধান সভা সমষ্টিত আধাৰশিলা স্থাপন। একেদিনাই তিনিটাকৈ আধাৰশিলা আৰু উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আজি বিয়লি ২ বজাত হেলিকপ্টাৰেৰে আহি বোকাজানত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমে বোকাজানত ১০কোটি টকা ব্যয় সাপেক্ষেনিৰ্মাণ হবলগীয়া উত্তৰণ প্ৰকল্পৰ অধীনত বোকাজান প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰাৰ পাছতেই সৰিয়হজানত ৩৩ কেবিৰ এটা শক্তি উপকেন্দ্ৰ উদ্বোধন কৰে ৷

ইয়াৰ পাছতেই মুখ্যমন্ত্ৰী গৰাকীয়ে বালিপথাৰত ৩১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগীয়া এখন আদৰ্শ আবাসিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি বালিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷ ৰাজহুৱা সভাত সোণোৱালে কয় যে বিভিন্ন জাতি জনগোষ্ঠীৰে পূৰ্ণ কাৰ্বি আংলঙে বৰ্তমান চৰকাৰৰ উন্নয়নমুখী আঁচনিৰ জৰিয়তে শক্তিশালী জিলা হিচাবে পৰিচয় দিবলৈ সক্ষম হৈছে ৷ভাষণৰ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে শিক্ষাৰ ক্ষেত্ৰত বৰ্তমানৰ চৰকাৰে বিনামূলীয়া নামভৰ্তি,পাঠ্যপুথি,ইউনিফৰ্ম,জলপানী আদিৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

সেয়েহে অভিভাৱক সকলক সন্তানৰ শিক্ষাৰ প্ৰতি ধাউতি বঢ়াবলৈ আহ্বান জনায় ৷ আজিৰ কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক নোমল মমিন,কাৰ্বি আংলং স্বায়ত্ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং,পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাংকে ধৰি বহু নেতা । আদৰণি ভাষণত বোকাজান বিধান সভা সমষ্টিৰ বিধায়ক নোমল মমিনে সমষ্টি উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয় যে আগন্তুক ওঠৰ মাহৰ ভিতৰত আটাইকেইটা কাম সম্পূৰ্ণ কৰি তোলা হব ৷

Exit mobile version