ভাৰতৰ পৰা অহা-যোৱা কৰাৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান সেৱা ৩১ ডিচেম্বৰ পৰ্যন্ত বন্ধ থাকিব ‌

Aviation

কৰ’না সংক্ৰমণৰ সংক্ৰান্তত ভাৰতৰ পৰা বিদেশলৈ অহা-যোৱা কৰা সকলো ধৰণৰ আন্তৰ্জাতিক যাত্ৰীবাহী বিমানৰ সেৱা অহা ৩১ ডিচেম্বৰ পৰ্যন্ত বন্ধ থাকিব । এই সন্দৰ্ভত পূৰ্বে জাৰি কৰা নিষেধাজ্ঞাৰ সময়সীমা পুনৰ বৃদ্ধি কৰিছে অসামৰিক বিমান পৰিৱহণৰ সঞ্চালক প্ৰধানে । আজি জাৰি কৰা এক নিৰ্দেশত ভাৰতলৈ অহা তথা ভাৰতৰ পৰা বিদেশলৈ যোৱা নিয়মীয়া আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ উৰণ চলিত বৰ্ষৰ অন্তিম দিনটোলৈ বন্ধ ঘোষণা কৰা হয় । অৱশ্যে এই নিষেধাজ্ঞাৰ আওতাত সামগ্ৰী পৰিবহণ কৰা কাৰ্গ’ বিমান সেৱাক অন্তৰ্ভুক্ত কৰা হোৱা নাই ।

কৰ’না সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাত যোৱা মাৰ্চৰ পৰা ভাৰতৰ পৰা বিদেশলৈ অহা-যোৱা কৰা সকলো ধৰণৰ নিয়মীয়া আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান‌সেৱাৰ চলাচল বন্ধ‌কৰি ৰখা হৈছে । অসামৰিক বিমান পৰিৱহণৰ সঞ্চালক প্ৰধানৰ দ্বাৰা জাৰি কৰা নিৰ্দেশত অতিকৈ জৰুৰী সময়ত কেইটামান পথত বিশেষ আন্তঃৰাষ্ট্ৰীয় উৰণৰ অনুমতি দিয়া হ’ব পাৰে বুলিও উল্লেখ কৰে।

Exit mobile version