শীত প্ৰবাহৰ কবলত দেশৰ ক’বাখনো ৰাজ্য

shimla

বৰফৰ বগা চাদৰে আৱৰি ধৰিছে উত্তৰ ভাৰতৰ বহুকেইখন ৰাজ্যৰ নগৰ চহৰক । হিমালয়ৰ পাৰ্শ্বৱৰ্তী অধিক সংখ্যক নগৰ-চহৰেই এতিয়া প্ৰবল তুষাৰপাতৰ সন্মুখীন হৈছে । ঘৰ-দুৱাৰ, পথ, গাড়ী, গছ প্ৰায় সকলো এতিয়া বৰফৰ তলত । কাশ্মীৰৰ পৰা হিমাচল প্ৰদেশলৈ আজিৰ দিনটোত এয়া পৰিচিত দৃশ্য হৈ পৰিছে । দক্ষিণ ভাৰতৰ তামিলনাডু-পণ্ডিচেৰীত ঘূৰ্ণী ‘নিভাৰ’ সন্ত্ৰাস চলায় সময়তে উত্তৰ ভাৰততো চলিছে শীতৰ তাণ্ডৱ । তুষাৰপাতৰ লগতে মুষলধাৰ বৃষ্টিপাতো হ’বলৈ লোৱাত কাশ্মীৰ-হিমাচলৰ বহু বাসিন্দা গৃহবন্দী হৈ পৰিছে । ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱত পঞ্জাৱ, দিল্লী, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু ৰাজস্থানত নৱেম্বৰত শীত প্ৰবাহ আৰম্ভ হৈছে । ফলত আগতীয়াকৈ পাৰাস্তম্ভ হ্ৰাস পাইছে ।

যোৱা ২৩ নৱেম্বৰত বতৰৰ প্ৰথম তুষাৰপাত হয় কাশ্মীৰত । তুষাৰপাতৰ প্ৰাবল্য অধিক হোৱাত দিল্লীত পাৰাস্তম্ভ ৬.৩ ডিগ্ৰী চেলচিয়াছ নামি আহে। বতৰ বিজ্ঞান বিভাগৰ পৰা জনোৱা অনুসৰি, ২০০৩ৰ নৱেম্বৰত এতিয়া সবাতোকৈ অধিক শীতৰ দিনত পাৰ কৰিবলগীয়া হৈছে দিল্লীয়ে । বৰ্তমান স্বাভাৱিকতে প্ৰায় পাঁচ ডিগ্ৰী চেলচিয়াছ তললৈ নামিছে ৰাজধানী মহানগৰখনৰ পাৰাস্তম্ভ । যোৱা সোমবাৰৰ পৰা আৰম্ভ হোৱা তুষাৰপাত বৰ্তমানো অব্যাহত আছে । ছিমলা বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক মনমোহন সিঙে এই সন্দৰ্ভত কয়, ‘লাতুল-স্পিটি, ছিমলা, কল্পা, কোঠি, উদয়পুৰ, গণ্ডলা, হঘ্না আদিত ইতিমধ্যে তুষাৰপাত আৰম্ভ হৈ গৈছে । কালিৰ দিনটোত কল্পাত ১৫ ছেণ্টিমিটাৰ তুষাৰপাত হৈছে । আনহাতে, কোঠিত ১০ ছেণ্টিমিটাৰ আৰু উদয়পুৰত পাঁচ ছেণ্টিমিটাৰ তুষাৰপাত হয় কালিৰ দিনটোত; কিন্তু পৰিস্থিতি জটিল কৰি তুলিছে বৰষুণে ।’

ইফালে, মানালি আৰু জুব্বলত ১৬ মিলিমিটাৰ, বনজৰত ছয় মিলিমিটাৰ, বাংটুত চাৰি মিলিমিটাৰ তথা ধৰ্মশালত দুই মিলিমিটাৰ বৰষুণ হৈছে । তুষাৰ আ আৰু বৰষুণৰ যৌথ প্ৰবাহত ঠেটুৱৈ লগা জাৰ পৰিছে উত্তৰ ভাৰতত । লাতুল-স্পিটিত তাপমাত্ৰা ২.৫ ডিগ্ৰী চেলচিয়াছলৈ নিম্নগামী হৈছে । কল্পাত দিনতে পাৰাস্তম্ভ বিয়োগ ০.৪ ডিগ্ৰী চেলচিয়াছলৈ নিম্নগামী হয় । একেদৰে ছিমলা, ডেলহাউছি, মানালি, কুফৰি আদিতো পাৰাস্তম্ভ যথেষ্ট নিম্নগামী হৈছে; কিন্তু তীব্ৰ শীতেও ৰোদ্ধ কৰিব পৰা নাই পৰ্যটকসকলক। তুষাৰপাতৰ মাজতে পৰ্যটনস্থলীবিলাকত ভিৰ কৰিছে পৰ্যটসকলে ।

পৰ্যটসকলে তুষাৰপাতক লৈ আনন্দিত হৈ‌ পৰাহে পৰিলক্ষিত হৈছে । অৱশ্যে পূৰ্বৰ বছৰবিলাকতকৈ এইবাৰ কৰ’না সংক্ৰমণৰ আশংকাত পৰ্যটকৰ ভিৰ কিছু কম । হিমাচল প্ৰদেশৰ দৰেই কাশ্মীৰতো সম্প্ৰতি একে পৰিৱেশ । লাডাখক সংযোগ কৰা শ্ৰীনগৰ-লেহ ৰাজপথত তুষাৰপাতৰ বাবে প্ৰশাসনে বন্ধ কৰি দিবলগীয়া হৈছে । বন্ধ কৰি দিয়া হৈছে জম্মু-শ্ৰীনগৰ ৰাজপথো । গুলমাৰ্গৰ স্কি ৰিজৰ্টত বৰফৰ স্তৰ‌‌ চাৰি ইঞ্চৰো অধিক হৈছে । পেহেলাগ্ৰামত ১০ ছেণ্টিমিটাৰ তুষাৰপাত হৈছে । কাশ্মীৰৰ পাহাৰ অঞ্চলৰ পৰিৱেশৰ অধিক অৱনতি ঘটিছে । অৱশ্যে তুষাৰপাত সত্ত্বেও দোকান আদি খোলা ৰখাৰ লগতে বহুতে বৰফৰ চাদৰ চাবলৈ ঘৰৰ ৰা ওলাই আহিছে। আজি কাশ্মীৰৰ বহু স্থানত সৰ্যই মুখ দেখুৱাত বাসিন্দাসকলৰ মাজত আনন্দৰ লহৰ বৈ যায় ।

Exit mobile version