দেশত একাংশ আমােলা-বিষয়াৰ দুর্নীতিযৰ ভয়াৱহ ৰূপ

Abhay Kant Pathak

দেশত একাংশ আমােলা-বিষয়াৰ দুর্নীতিয়ে কি ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেয়া ওড়িছাৰ বন বিষয়া অভয় কান্ত পাঠকৰ আর্জিত সম্পদৰ তথ্যই উদঙাই দিছে। ১৯৮৭ৰ ভাৰতীয় বন সেৱাৰ বিষয়া পাঠকৰ অবৈধভাৱে আর্জিত ধন-সম্পত্তি তদন্ত কৰিবলৈ ইতিমধ্যে ১৫০জনীয়া তদাৰকী বিষয়াৰ দলে তেওঁৰ বাসগৃহ আৰু অন্যান্য চৌহদত অভিযান চলাইছে।বুধবাৰৰ পৰা এই অভিযান চলােৱা হৈছে।ভুৱনেশ্বৰ, পুনে, মুম্বাই, খাগাৰিয়া আৰুউদয়পুৰকে ধৰি বিভিন্ন স্থানত থকা পাঠকৰ অবাধ ধন-সম্পত্তিৰ তথ্য উদ্ধাৰ কৰিবলৈ তদাৰকী বিষয়াৰ দলে ভাগে ভাগে অভিযান চলাইছে ।

ADVERTISEMENT

অভিযােগ অনুসৰি কেৱল চার্টার্ড বিমানযােগে ভ্ৰমণৰ বাবেই বন বিষয়া পাঠকে তিনি কোটি টকা ব্যয় কৰে। বিশেষকৈ তলাবন্ধৰ কালছােৱাত তেওঁ এই বৃহৎ সংখ্যক ধন ব্যয় কৰে। কেবাখনাে বিলাসী গাড়ীৰ অধিকাৰী পাঠকে তেওঁৰ পুত্ৰৰ বাবে পুনেত মাহিলি পাঁচ লাখ টকাকৈ এটা ফ্লেট আৰু ফার্ম হাউছৰ ভাড়াৰ নামত ব্যয় কৰিছিল। এই সন্দৰ্ভত এজন জ্যেষ্ঠ তদাৰকী বিষয়াই কয়, ‘তদাৰকী বিভাগৰ ইতিহাসত জালত পৰা সকলৰ ভিতৰত পাঠকেই হ’ব সর্ববৃহৎ অভিযুক্ত। আমি এতিয়াও চূড়ান্ত তথ্য লাভ কৰা নাই যদিও দুর্নীতিগ্রস্ত সম্পত্তি মূল্য বহু কোটিৰ অধিক হ’ব।’ বিষয়াজনে জনােৱা মতে, পাঠকৰ লগতে তেওঁৰ পৰিয়ালকো সােধপােছ কৰি থকা হৈছে। ২০১৮ৰ পৰা ওড়িছাৰ বন বিভাগৰ বনানীকৰণ আৰু পৰিকল্পনাৰ অতিৰিক্ত মুখ্য বন সংৰক্ষকৰূপে কার্যনির্বাহ কৰি থকা পাঠকে বিভিন্ন আঁচনি যেনে এনৰেগা, কেম্পা আদিৰ পৰা লাভ কৰা বৃহৎ পুঁজিৰ দায়িত্বত আছিল। ২০১৯ত কেম্পাৰ আঁচনিৰ অধীনত ওড়িছাৰ বাবে কেন্দ্রীয় চৰকাৰে ৫৯৩৩ কোটি টকা মােকলাই দিয়ে। দেশৰ সকলাে ৰাজ্যৰ ভিতৰতে এই পুঁজি সর্বাধিক আছিল ।

তদন্তকাৰী বিষয়াই জনােৱা মতে, পাঠকে চার্টার্ড বিমানৰ জৰিয়তে পৰিয়ালসহ মুম্বাই, পুনে, দিল্লী আৰু পাটনা আদি ভ্ৰমণ কৰিছিল। কলিংগ এৰ’ এণ্ড এলাইড ছার্ভিচেছ প্রাইভেট লিমিটেড নামৰ ভুৱনেশ্বৰৰ এটা কোম্পানীৰ পৰা এই বিমানসমূহ ভাড়াত লৈছিল। যােৱা ১৩ ছেপ্টেম্বৰতাে তেওঁ পত্নী, পুত্ৰ আৰু পৰিয়ালৰ আন সদস্যসকলৰ স’তে চার্টার্ড বিমানত পুনেলৈ শেষবাৰৰ বাবে ভ্ৰমণ কৰে। ১৩ ছেপ্টেম্বৰৰ পাছতে তেওঁ কেন্দ্রীয় সংস্থাৰ বিত্তীয় চোৰাংচোৱা শাখাৰ নিৰীক্ষণৰ জালত পৰে। পাঠকৰ ধন-সম্পত্তিৰ পৰিমাণ দেখি তদন্তকাৰী বিষয়াসকলে হতবাক হৈ পৰিছে। মাহিলি ২.৭ লাখ টকা বেতনভােগী এজন বিষয়াই ভুৱনেশ্বৰত আঠ হেজাৰ বৰ্গফুট বিশাল ঘৰৰ অধিকাৰী কেনেকৈ হ’ব পাৰে তাকে লৈ তদন্তকাৰী বিষয়াসকলৰ চকু কপালত উঠিছে। অভিযােগ অনুসৰি এই ফ্লেটত মজিয়া আদিত ইটালিয়ান মাৰ্বলৰ উপৰি বিছনা নির্মাণত ৫০ লাখ টকা মূল্যৰ হাতী দাঁতৰ লগতে হৰিণাৰ শিং ব্যৱহাৰ কৰা হৈছিল ।

অভিযানকালত তেওঁৰ দন্ত চিকিৎসক ভতিজাকৰ জিম্মাৰ পৰা ৫০ লাখ আৰু গাড়ীচালকৰ পৰা ২০ লাখ টকা জব্দ কৰা হয়। তদুপৰি তেওঁৰ বাসগৃহৰ পৰা আঠশ গ্রাম ওজনৰ সােণ আৰু ১০ লাখ টকা নগদ ধন উদ্ধাৰ কৰা হৈছিল। তেওঁৰ পুত্ৰৰ বেংক একাউণ্টত জমা আছে। ৯.৪ কোটি টকা আৰু ইয়াৰে ভিতৰত ভুৱনেশ্বৰৰ বেংকতে আছে ৮.৪ কোটি। ভুৱনেশ্বৰৰ দুটা এ টি এমৰ জৰিয়তে এই বৃহৎ ধনৰ সৰবৰাহ কৰা হৈছিল। পাঠকৰ পুত্ৰৰ নামত পঞ্জীয়নযুক্ত ব্যয় বহুল বাহন যেনে মাছিডিজ, বি এম ডব্লিউ আৰু টাটা হেৰিয়াৰৰ লগতে তিনিখন য়ামাহা এফ জেড এছৰ তথ্য উদ্ধাৰ কৰিছে তদন্তকাৰী সংস্থাটোৱে। তদুপৰি পুনেত মাছিডিজ গাড়ী ভাড়ালৈ লােৱাৰ তথ্যও উদ্ধাৰ কৰিছে। এইদৰে তেওঁৰ পুত্ৰই ২৫ লাখ টকাত দুখন মাছিডিজ গাড়ী ভাড়ালৈ লৈছিল নিজৰ ব্যৱহাৰৰ বাবে।অভিযানকালত পাঠকৰ পৰিয়ালৰ পৰা মূল্যবান ঘৰুৱা সামগ্রীও উদ্ধাৰ কৰা হৈছে ।

তথ্য অনুসৰি পুনেত বিলাসী ফ্লেট আৰু ফার্ম হাউছৰ নামত এক কোটিৰাে অধিক টকা ভাড়াৰূপে আদায় দিয়াৰ তথ্যও উদ্ধাৰ হৈছে। তদুপৰি মুম্বাইৰ হােটেল তাজ পেলেচত ৯০ লাখৰ অধিক ধন ব্যয় কৰাৰ বিলৰ তথ্য লাভ কৰিছে তদন্তকাৰী সংস্থাই। তদুপৰি ৰাজস্থানৰ উদয়পুৰৰ তাজ লেক পেলেচৰ বুকিঙৰ নামত ২০ লাখ ব্যয়ৰ তথ্য উদ্ধাৰ হৈছে। এই অভিযানকালত উদ্ধাৰ হােৱা তথ্য অনুসৰি উদয়পুৰৰ পেলেচ হােটেলত অহা মাহত এজন জ্যেষ্ঠ বি জে ডি নেতাৰ কন্যাৰ স’তে পাঠকৰ পুত্ৰৰ বিবাহ সম্পন্ন হােৱাৰ কথা আছিল। বিগত সপ্তাহৰ পৰা পৰিয়ালটোৱে ভুৱনেশ্বৰৰ বিভিন্ন বিলাসী হােটেলত অসংখ্য প্রাক বিবাহ অভ্যর্থনাৰ আয়ােজন কৰিছিল। তদুপৰি উদ্ধাৰ হােৱা তথ্য অনুসৰি পাঠকৰ পুত্ৰই নিজকে টাটা মটৰছৰ পেছেঞ্জাৰ কাৰ ডিভিজনৰ পৰিচালন সঞ্চালক বুলি ভুৱা পৰিচয় দি কোম্পানীটোত নিযুক্ত দিব বুলি বহু লােকক প্ৰতাৰণা কৰিছিল। এই সন্দৰ্ভত টাটা মটৰছৰ উপ- মহাপ্রবন্ধকে আৰক্ষীক এজাহাৰ দাখিল কৰিছে। এই ক্ষেত্ৰত প্ৰবঞ্চনাৰ গােচৰ ৰুজু কৰা হৈছে ।

পাঠকৰ পুত্র আকাশে ফেচবুক আদিত এই ভুৱা পৰিচয় দিয়াৰ তথ্য সংলগ্ন কৰি অভিযােগ দাখিল কৰা হৈছে। এজাহাৰত কোম্পানীটোৱে কয় যে আকাশ কুমাৰ পাঠক নামৰ কোনাে লােকে কোম্পানীটোৰ উক্ত গােটত পৰিচালন সঞ্চালকৰূপে কাম নকৰে। আনকি ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালকৰূপে প’জ দি আকাশ পাঠকে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পাঁচ লাখ টকা দান কৰা বুলি ৱেবত প্রকাশিত এটা লেখাত এজাহাৰত সংলগ্ন কৰা হােৱা নাই। ওড়িছাত বিগত তিনি বছৰত কমেও তিনিজন বন বিষয়া বৃহৎ দুর্নীতিৰ অভিযােগত গ্রেপ্তাৰ হৈছে ।

Exit mobile version