ধপাত সেৱনৰ আইনী বয়স ২১ লৈ বৃদ্ধিৰ চিন্তা-চৰ্চা কেন্দ্ৰৰ

gettyimages 476551312

ধপাত সেৱনৰ আইনী বয়সৰ সীমা ২১ বছৰলৈ বৃদ্ধি কৰিলে এই ক্ষেত্ৰত কিছু হ’লেও বাধা দিয়াটো সম্ভৱ হ’ব । ইয়াৰ দ্বাৰা ধপাত সেৱনৰ আৰম্ভণিৰ সময় তথা ক্ৰমশঃ বৃদ্ধিৰ গতিও হ্ৰাস পাব । বাংগালুৰুৰ নেচনেল ল’ব স্কুল অৱ ইণ্ডিয়া ইউনিভাৰ্ছিটিৰ শেহতীয়া এক প্ৰতিবেদনত এই দাবী কৰা হৈছে । ধপাত সেৱনৰ আইনী বয়স বৃদ্ধিৰ লগতে এই প্ৰতিবেদনত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ক আৰু কে’বাটাও পৰামৰ্শ আগবঢ়োৱা হৈছে । ধপাত সেৱনৰ বয়স ১৮ৰ পৰা বৃদ্ধি কৰি ২১ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অৱশ্যে বহু পূৰ্বৰে পৰা চিন্তা-চৰ্চা আৰম্ভ কৰিছে ।

‘টবেক’ কণ্ট্ৰ’ল ল’ ইন ইণ্ডিয়াঃ অৰিজিনছ এণ্ড প্ৰ’পজড ৰিফৰ্মছ’ শীৰ্ষক এই প্ৰতিবেদন সন্দৰ্ভত বেংগালুৰুৰ বিশ্ববিদ্যালয় এখনৰ অধ্যাপক অশোক আৰু পাটিলে কয়, ‘ভাৰতত যিসকল লোকে দীৰ্ঘদিন ধৰি ধপাত সেৱনত আসক্ত তেনে লোকসকলে বয়ঃসন্ধি অথবা কিশোৰ অৱস্থাৰ পৰাই ধপাত সেৱন আৰম্ভ কৰি দিয়ে । এইসকলৰ অধিকেই যিহেতু ১৮ বছৰ বয়স হোৱাৰ পূৰ্বেই ধপাত সেৱন আৰম্ভ কৰি দিয়ে সেয়েহে ধপাত বিক্ৰী অথবা সেৱনৰ ক্ষেত্ৰত বয়সৰ সীমা ২১ বছৰ কৰিলে এনে প্ৰৱণতাক বাধা দিব পৰা যাব ।’ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ইথিওপিয়া, গুৱাম, হণ্ডুৰাছ, জাপান, কুৱেইট, মংগোলিয়া, ফিলিপিনছ, ছামোয়া, ছিংগাপুৰ, শ্ৰীলংকা, থাইলেণ্ড, আমেৰিকা, উগাণ্ডা আদি দেশত ধপাত ক্ৰয় কৰাৰ বয়স ২১ বছৰ কৰা হৈছে ।

দেশৰ প্ৰখ্যাত চিকিৎসকসকলে একাধিকবাৰ দাবী জনোৱা অনুসৰি ধপাত সেৱন সংক্ৰান্ত আইন কঠিন কৰিলে বহু মানুহৰে মংগল হ’ব । এই ক্ষেত্ৰত চলিত বৰ্ষৰ প্ৰথমৰে পৰা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে চিন্তা-চৰ্চা কৰি আছে । যোৱা বছৰ ই চিগাৰেট নিষিদ্ধ কৰাৰ পাছৰে পৰা সমাজৰ বিভিন্ন স্তৰৰ পৰা এই সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰক আবেদন জনাই অহা হৈছে। অতি সোনকালেই ধপাত সেৱনৰ বয়স বৃদ্ধিৰে নতুন নিৰ্দেশনা কেতিয়া জাৰি কৰা হ’ব সেই সন্দৰ্ভত স্পষ্ট কোনো সময় ঘোষণা কৰা হোৱা নাই । বিযষয়টোত ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ক এখন প্ৰতিবেদন জমা দিছে মন্ত্ৰণালয়ৰ আইনী উপদেষ্টাসকলে । এই প্ৰতিবেদনত আশা কৰা মতে বয়সৰ সীমা বৃদ্ধি কৰিলে অভিভাৱকসকলেও সন্তানক ধপাত ক্ৰয় কৰিবলৈ পঠাব নোৱাৰা হ’ব ।

নিষিদ্ধ অঞ্চলত ধপাত সেৱন কৰিলে জৰিমনা বৰ্তমানৰ দুশ টকাৰ পৰা এহেজাৰ টকালৈ বৃদ্ধি কৰাৰো পৰামৰ্শ আগবঢ়োৱা হৈছে । সমীক্ষা অনুসৰি পুৰুষসকলৰ ১৯ শতাংশই ভাৰতত ধপাত সেৱন কৰে ।

Exit mobile version