যুৱ শক্তিয়েই হৈছে দেশৰ শক্তিঃ মঙ্গলছিং তিমুং

e3e04543 7a92 4ee3 8a71 4a2f34644006

পশ্চিম কাৰ্বি-আংলঙৰ তেলেহৰত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ভাৰতীয় জনতা যুৱ মৰ্চাৰ এখন কাৰ্যনিৰ্বাহক । কাৰ্বি পৰিষদীয় আঠ নম্বৰ হামৰেণ সমষ্টিৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ মণ্ডল কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথিৰূপে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং উপস্থিত থাকে । তেওঁ ভাষণত কয়, ‘যুৱ শক্তিয়েই হৈছে দেশৰ শক্তি, যুৱ প্ৰজন্মৰ ভূমিকাই এখন দেশৰ উন্নয়ন আৰু প্ৰগতিৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পেলায়। যুৱ সমাজেই এখন উন্নত, শান্তিপূৰ্ণ আৰু শক্তিশালী দেশ গঢ়াৰ মূল নায়ক আৰু খনিকৰ ।’

সমান্তৰালকৈ দেশ, ৰাজ্য আৰু পাহাৰীয়া জিলা কাৰ্বি-আংলঙত বিজেপি চৰকাৰে উন্নয়ন আৰু বিকাশৰ বাবে কৰা কামকাজ, আঁচনি ৰূপায়ন আৰু পৰিকল্পণাৰ কথা সদৰী কৰাৰ লগতে বিশেষকৈ পাহাৰীয়া জিলা কাৰ্বি-আংলঙত বিজেপি চৰকাৰে ব্যাপক পৰিৱৰ্তন আনিছে বুলিও দাবী কৰে তিমুঙে। হামৰেণ মণ্ডল ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি প্ৰীতম ৰংপিয়ে যুৱ মৰ্চাৰ কৰণীয় সাংগঠনিক কামকাজ, দায়িত্ব আদি সম্পৰ্কে আলোচনা কৰাৰ লগতে সমাগত বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা যুৱ মৰ্চাই গুৰুত্ত্বপূৰ্ণ ভূমিকা আৰু গুৰু দায়িত্ব হাতত লৈ বিৰোধীৰ বিৰুদ্ধে যুঁজ দিবলৈ মাৰ বান্ধি সাজু হ’বলৈ মৰ্চাৰ বিষয়ববীয়সকলক আহ্বান জনায়।

উল্লেখযোগ্য যে, আয়োজিত সভাত কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙৰ উপৰিও হামৰেণ মণ্ডল, ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি প্ৰীতম ৰংপিৰ লগতে মণ্ডল যুৱ মৰ্চাৰ অন্যান্য বিষয়ববীয়াসকল, পশ্চিম কাৰ্বি-আংলং বিজেপি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক হাৰমন বে, হামৰেণ বিজেপি মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী কাৱন ইংতিপি, সম্পাদিকা প্ৰিয়া ইংহিপি, বিজেপি হামৰেণ মণ্ডল কমিটিৰ সভাপতি বীৰেনছিং তিচ্ছ’, গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ছাৰছিং ফাংচ, হামৰেণ নগৰ সমিতিৰ অধ্যক্ষ বীৰেন তিচ্ছ আৰু ভালে সংখ্যক বিজেপি কৰ্মকৰ্তা উপস্থিত থাকে ।

Exit mobile version