খুমটাই অগপত অঘটনঃ প্ৰাক্তন জিলা সভাপতিসহ ১৮ পঞ্চায়ত সমিতিৰ পদত্যাগ

agp opencampaign cover 16926 1503399844 cr

নিৰ্বাচনৰ দিন চমু চপি অহাৰ সময়তে আঞ্চলিক দল অগপত অঘটন । অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ গৃহ জিলা গোলাঘাটৰ খুমটাই বিধান সভা সমষ্টিৰ দলৰ ১৮ খন গাঁও পঞ্চায়ত সমিতিৰ সভাপতি, সম্পাদক, কৰ্মী, জিলা সমিতিৰ প্ৰাক্তন সভাপতি, কেন্দ্ৰীয় বিষয়ববীয়াই আজি অগপৰ পৰা সমূহীয়াভাৱে পদত্যাগ কৰে । সমষ্টিটোৰ গণকপুখুৰীত অগপৰ সমষ্টি সমিতিৰ সভাপতি প্ৰশান্ত ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দলীয় সভাত এই সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিলৈ প্ৰস্তাৱ প্ৰেৰণ কৰে ।

পদত্যাগ কৰা সকলৰ ভিতৰত অগপ জিলা সভাপতি পৱন শইকীয়া, বিধান পৰিষদৰ সভাপতি বসন্ত বৰা, দলৰ মহিলা পৰিষদৰ কেন্দ্ৰীয় সদস্য ৰঞ্জু বৰা, যুৱ পৰিষদৰ কেন্দ্ৰীয় সদস্য ৰাতুল দত্ত আদিও আছে । সদ্য পদত্যাগী গোলাঘাট জিলা সমিতিৰ প্ৰাক্তন সভাপতি পৱন শইকীয়াই দৈনিক অগ্ৰদূতৰ আগত ক্ষোভ আৰু হতাশেৰে কয় যে, ‘অগপৰ নেতৃত্বই প্ৰকৃতাৰ্থত মিত্ৰতাৰ ধৰ্ম পালন কৰা নাই । ৰাষ্ট্ৰীয় দল বিজেপিয়ে এতিয়া গ্ৰাস কৰিলে আঞ্চলিক দল অগপক । খুমটাই সমষ্টিৰ তৃণমূল কৰ্মী সকলে চাৰি বছৰে দুৰ্ভোগ ভূগি আহিছে, কৰ্মীৰ প্ৰতি কোনো গুৰুত্ব নাই ।’

কৰ্মী সকলৰ স’তে আলোচনা কৰি বিকল্প ৰাজনৈতিক চিন্তা-চৰ্চা কৰিব কয় তেওঁ ‌। পৱন শইকীয়াই আগন্তুক দিনত অসম জাতীয় পৰিষদত যোগদান কৰি খুমটাই বিধান সভাত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি চৰ্চিত হৈছে । ইফালে এনে সমূহীয়া পদত্যাগৰ বাতৰি বিয়পি পৰাৰ পাছত নিশা অগপ গোলাঘাট জিলা সমিতিৰ কাৰ্যালয়ত ফটকা আতচবাজীৰে একাংশ নেতা-কৰ্মীয়ে আনন্দ-উল্লাস কৰাহে পৰিলক্ষিত হয় ।

Exit mobile version