অভিযোগ প্ৰতিঅভিযোগেৰে উত্তপ্ত হৈ পৰিছে বিটিচিৰ নিৰ্বাচনী ৰাজনীতি । কেতিয়াবা যদি বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাক, কেতিয়াবা আকৌ মহিলাৰীৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ এৰিছে মন্ত্ৰী ড° শৰ্মাই । ফলত সময়ে সময়ে পৰস্পৰৰ বিৰুদ্ধে লেকামছিগা বাক্যবাণ এৰিবলৈকো কোনোপক্ষই পিছ হোঁহকা নাই । বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে জোৰদাৰ ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰী শৰ্মাই । আজিও বাক্সা কোকৰাঝাৰ জিলাৰ ক’বা ঠাইতো দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সৰৱ হৈ পৰে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে । বাক্সা জিলাৰ বাগানপাৰাত বাগানপাৰা পৰিষদীয় সমষ্টিৰ দলীয় প্ৰাৰ্থী আৰতি বৰদলৈৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী শৰ্মাই কয়, ‘বিটিচি হাগ্ৰামাৰ পৈত্ৰিক সম্পত্তি নহয় যে ইয়াত কেৱল বিপিএফৰ ৰাজত্ব চলি থাকিব । ইয়াত বসবাস কৰা সকলো জাতি-জনজাতিৰ পম উন্নয়ন, পম অধিকাৰ হ’ব লাগিব । বছৰ বছৰ ধৰি মইমতালি কৰি একক্ষীয় শাসন চলোৱা হাগ্ৰামাৰ দাদাগিৰি এইবাৰ শেষ হ’ব লাগিব । পৰ্বতসম দুৰ্নীতি কৰি ৰজা হোৱা হাগ্ৰামাই মোক লৈ প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই, কিয়নো হাগ্ৰামাই বুজি পাওক অসমত হাগ্ৰামাক ক’ব পৰা কোনোবা মানুহ আছে । অহা ১৫ ডিচেম্বৰৰ পাছত হাগ্ৰামাই গেলাৰীত বহি নাটক চাব লাগিব ।’ মহিলাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ নেডাৰ আহ্বায়ক শৰ্মাই কয়, ‘বৰ্তমান দেশত নৰেন্দ্ৰ মোদীৰ চৰকাৰ চলি আছে । এই সময়ত কোনো ব্যক্তিৰ দাদাগিৰি নচলিব । এই বিটিচি অসমৰ, এই বিটিচি ভাৰতৰ । গতিকে ইয়াত হাগ্ৰামাৰ আইন নচলে । চলিব দেশৰ আইন । অহা ১৫ৰ ৩০ ডিচেম্বৰৰ ভিতৰত বিটিচিত সকলোৱে মাটি কিনা-বেছা কৰিব পাৰিব, ভূমিহীন লোকে মাটিৰ পট্টা পাব । এইবেলি বিটিচিটো তিনিখলপীয়া পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰচলন কৰা হ’ব ।’ কেন্দ্ৰীয় চৰকাৰে বিটিচিলৈ আগবঢ়োৱা হেজাৰ হেজাৰ কোটি টকা কি কৰিলে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । এই সভাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে বিটিআৰ চুক্তিয়ে ‘ডিভাইড আছাম ৫০/৫০’ৰ দাবী অৱসান ঘটাই একেলগে শান্তিৰে বসবাস কৰাৰ নতুন দিনৰ উন্মোচন কৰা বুলি দাবী কৰে । সভাত প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, বিপিএফৰ প্ৰাক্তন জ্যেষ্ঠ নেতা তথা ন-বিজেপি বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন বিধায়ক জয়ন্ত মল্ল বৰুৱা আদিও উপস্থিত থাকে ।
নেতাৰ লেকামছিগা বাক্যবাণ
-
By publisher

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026