দিল্লীত আজিও অব্যাহত আছে কৃষক প্ৰতিবাদী কাৰ্যসূচী , কৃষক বিক্ষোভক লৈ মাজ ৰাতিতে অমিত শ্বাহৰ বৈঠক

im 265691

কৃষক ৰ প্ৰতিবাদী দলে দেশৰ ৰাজধানী অবৰুদ্ধ কৰি দিয়াৰ হুংকাৰ দিয়াৰ লগে লগে ৰুদ্ধ কৰি দিয়া হ’ল দিল্লীৰ সীমান্ত । কটকটীয়া কৰা হৈছে নিৰাপত্তৰ ব্যৱস্থা । কৃষক সংগঠনবোৰে কেন্দ্ৰীয় আলোচনাৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছতে দেওবাৰে মাজ নিশা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিংহ ত’মৰৰ স’তে গৃহমন্ত্ৰী অমিত শ্বাহ বৈঠকত মিলিত হয় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ শাসকদলৰ নেতা-মন্ত্ৰীসকলে কৃষি আইনৰ বিষয়ে প্ৰশ্ন কৰিছে । প্ৰধানমন্ত্ৰীজনে দেওবাৰে ‘মন কি বাত’ৰ যোগেও বাৰ্তা প্ৰেৰণ কৰে কৃষকসকললৈ ।

আজি গুৰুনানকৰ জন্মদিনৰ দিনাও পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহয় । বৰঞ্চ দেশৰ ৰাজধানীৰ সীমান্তত যিমানেই কৃষকসকলৰ সংগঠনৰ হাৰ বৃদ্ধি পাইছে সিমানেই উত্তেজনা বাঢ়িছে । যোৱা সপ্তাহতে গৃহমন্ত্ৰীজনে আলোচনাৰ প্ৰস্তাৱ দিছিল কিন্তু আন্দোলনকাৰীসকলে নাকচ কৰে প্ৰস্তাৱ। দেওবাৰে মাজনিশা নতুন দিল্লীত দলৰ সভাপতি জগৎ প্ৰকাশ নড্ডাৰ বাসভৱনত বৈঠকত মিলিত হয় মন্ত্ৰী শ্বাহ । বৈঠকত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিংহ । সূত্ৰ অনুসৰি, বৈঠকত আলোচনাৰ কেন্দ্ৰবিন্দু আছিল কৃষি আইন বিৰোধী আন্দোলনৰ ‘দিল্লী চলো’ অভিযান । এই বৈঠকতে বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । দিল্লী-হাৰিয়ানাৰ সীমান্তত মেডিকেল কেম্পৰ ব্যৱস্থা কৰা হৈছে ।

Exit mobile version