নিৰ্ধাৰণ কৰা হ’ল হেলমেটৰ নতুন মানদণ্ড‌

motox helmet store chennai

হেলমেটৰ গুণগত মান নিৰ্ধাৰণ কৰি দিছে কেন্দ্ৰীয় চৰকাৰে । দুচকীয়া বাহন চালক-আৰোহীৰ সুৰক্ষাৰ মূল অংশ হেলমেটৰ প্ৰস্তুতকৰণ তথা ব্যৱহাৰত‌ এতিয়াৰ পৰা ‘ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ’ (বি আই এছ)ৰ অনুমোদন বাধ্যতামূলক কৰিলে কেন্দ্ৰীয় চৰকাৰে । শুকুৰবাৰে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰণালয়ে । এই নিৰ্দেশনাৰ পাছত এতিয়াৰ পৰা দেশত নিম্নমানৰ হেলমেটৰ প্ৰস্তুতকৰণ তথা ব্যৱহাৰ বন্ধ কৰাটো‌ সম্ভৱ হৈ উঠিব । চৰকাৰৰ এনে পদক্ষেপৰ পাছত পথ দুৰ্ঘটনাত গুৰুত্বপূৰ্ণভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পৰা দুচকীয়া বাহনৰ চালক তথা আৰোহীয়ে অধিক নিৰাপত্তা লাভ কৰিব ।

হেলমেট ফৰ ৰাইডাৰ্চ অৱ টু-হুইলাৰ্ছ মটৰ ভেহিকলছ (কোৱালিটী কণ্ট্ৰ’ল) অৰ্ডাৰ ২০২০’ নামেৰে এই নিৰ্দেশনা জাৰি কৰা হয় । ভাৰতৰ দৰে গৃষ্মপ্ৰধান দেশৰ দুখীয়াৰ চালকসকলৰ সুবিধা হোৱাকৈ কম ওজনৰ হেলমেট প্ৰস্তুতকৰণৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ক্ষেত্ৰত আগবঢ়া হৈছে বুলিও জনায় মন্ত্ৰণালয়ে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ২০১৮ত পথ সুৰক্ষা বিষয়ক এখন কমিটি গঠন কৰি দিছিল কেন্দ্ৰীয় চৰকাৰে । কমিটিখনত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ লগত বি আই এছ বিশেষজ্ঞকো অন্তৰ্ভুক্ত কৰা হৈছিল । ভাৰতৰ জলবায়ুৰ কথা বিবেচনা কৰিয়ে কম ওজনৰ হেলমেট পক্ষে পৰামৰ্শ ব্যক্ত কৰে কমিটিয়ে ।

পথ আৰু পৰিবহণ মন্ত্ৰণালয়ে এতিয়া কমিটিয়ে দিয়া পৰামৰ্শ গ্ৰহণ কৰিয়ে এই নতুন নিৰ্দেশনা জাৰি কৰে । কমিটিৰ পৰামৰ্শৰ ভিত্তিতে বি আই এছৰ দ্বাৰা হেলমেটৰ গুণগত মানৰ পৰিৱৰ্তনৰ নিৰ্দেশ দিয়া হৈছে । এতিয়া এই নিৰ্দেশনাৰ ভিত্তিতে কম ওজনৰ হেলমেট প্ৰস্তুতকৰণত অধিক দৃষ্টি দিব লাগিব ।হেলমেটক লৈ দিয়া এই নতুন নিৰ্দেশনাক আদৰণি জনাইছে ‘ইণ্টাৰনেছনেল ৰোড ফেডাৰেচনে’ বিশ্বজুৰি পথ সুৰক্ষাক লৈ কাম কৰি অহা জেনেভাস্থিত সংগঠনটোৰ সভাপতি কে কৰে কপিলাই এই সন্দৰ্ভত কয়, ‘দীৰ্ঘ প্ৰতিক্ষিত এই সীদ্ধান্তৰ অৰ্থ হ’ল এবাৰ নতুন নিৰ্দেশনা কাৰ্যকৰী হোৱাৰ পাছত‌ ভাৰতত বি আই এছৰ অনুমোদন নথকা হেলমেটৰ ব্যৱহাৰক অপৰাধ হিচাপে গণ্য কৰা হ’ব ।

Exit mobile version