বিটিচিত বিগত সময়ত হোৱা দূৰ্নীতিৰ বাবে প্ৰথমে মন্ত্ৰী হিমন্তক গ্ৰেপ্তাৰ কৰিব লাগে: আব্দুল খালেক 

WhatsApp Image 2020 11 30 at 6.32.52 PM 1

আজি চিৰাঙৰ বিজনীৰ মাজৰাবাৰীত অনুষ্ঠিত হয় কংগ্ৰেছৰ এখন নিৰ্ব্বাচনী সভা। সভাত অংশগ্ৰহণ কৰি বৰপেটা লোক সভা সমষ্টিৰ সাংসদ আব্দুল খালেকে কয় যে, ‘বিটিচিত পৰিৱৰ্তন হ’ব । কংগ্ৰেছক বাদ দি বিটিচিৰ পৰিষদ গঠন নহয়। বিটিচিৰ দূৰ্নীতিৰ কথা কৈ আছে বিজেপিৰ হিমন্তই আৰু এই ক্ষেত্ৰত তেওঁ লোক নিজেই দায়ী । কাৰণ দূৰ্নীতিৰ সুবিধা বিজেপিয়ে দিছে। প্ৰথমে হিমন্তক গ্ৰেপ্তাৰ কৰি সকলো তদন্ত হব লাগে । অসম চৰকাৰৰ দূৰ্নীতিৰো তদন্ত হ’ব লাগে । বিজেপিয়ে দূৰ্নীতিৰ সুবিধা দিয়া বাবে তেওঁ লোকেও সমানে দায়ী বুলি মন্তব্য সাংসদ আব্দুল খালেকৰ ।

অসম চৰকাৰৰ বিৰোধি দলপতি দেৱব্ৰত শইকিয়াই কয় যে ,আমি বিটিচিত এইবাৰ যোৱাবাৰত কৈ ভাল কৰিম । হিমন্তক কটাক্ষ কৰি কয় যে উজনি অসমত গৈ নাচ গান কৰক ।’

 

Exit mobile version