২০২১ৰ আগষ্ট মাহৰ ভিতৰত ৩০কোটি লোকক দিয়া হ’ব কৰ’না ভেকচিন

আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন উপস্থিত হয় পুৰণি দিল্লীত । পুৰণি দিল্লীৰ ৰেলৱে ষ্টেচনত ৰাইজক মাক্স আৰু চাবোন বিতৰণ কৰে হৰ্ষ বৰ্ধনে । দিল্লীত উপস্থিত থাকি স্বাস্থ্য মন্ত্ৰী গৰাকীৰ ঘোষণা ,২০২১ ৰ আগষ্টৰ মাহৰ ভিতৰত ৩০ ক’ৰৰ লোকক দিয়া হব কৰ’না ভেকচিন। লগতে তেওঁ কয় যে,ক’ভিড-১৯ ৰ ভেকচিন যদিও দিয়া হ’ব তথাপিও সকলোৱে মানি চলিব লাগিব ক’ভিড প্ৰট’কল।

ADVERTISEMENT

সম্ভাৱনা অনুসৰি নতুন বৰ্ষৰ প্রথম দুই তিনি মাহৰ ভিতৰত ক’ভিড ভেকচিন প্ৰদান কৰাত সাৰ্থক হ’ব চৰকাৰ।জুলাই আগষ্টৰ লৈ প্ৰায় ২৫-৩০ক’ৰৰ লোকৰ বাবে ভেকচিন উপলদ্ধ কৰাৰ পৰিকল্পনা আছে আৰু তাৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে ।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনৰ মন্তব্য,মহামাৰীৰ বিৰুদ্ধে কৰা যুঁজত দেশখনে দ্বাদশ মাহলৈ যাত্ৰা আৰম্ভ কৰিছে ব্যক্তিগত সুৰক্ষা নিশ্চিত কৰা মূল চাবি কাঠি একেই আছে । কৰ’নাৰ বিৰুদ্ধে আমাৰ এই যুঁজত ছেনিটাইজাৰ আৰু মাক্স হ’ল আমাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ।

Exit mobile version