সদ্যোজাতৰ দেহত এণ্টিব’ডি

7 baby

গৰ্ভত থকাৰ সময়তে মাতৃৰ দ্বাৰা সন্তানেও কৰ’নাত সংক্ৰমিত হ’ব পাৰে । এই বিষয়ত এতিয়াও কোনো স্পষ্ট প্ৰমাণ লাভ কৰা হোৱা নাই যদিও বিশ্ব স্বাস্থ্য সংস্থা (হু)ই সমগ্ৰ বিষয়টো সদৰী কৰিছে । উল্লেখ্য যে ছিংগাপুৰৰ এগৰাকী মহিলাই অন্তঃসত্ত্বা অৱস্থাতেই কৰ’নাত আক্ৰান্ত হয় । পৰৱৰ্তী সময়ত আৰোগ্যও হয় । কিন্তু জন্মলাভ কৰা সন্তানটোৰ শৰীৰত কৰনাৰ এন্টিবডি’ লাভ কৰাৰ পাছতে সমগ্র বিষয়টো পােহৰলৈ আহে। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ইয়াক নতুন তথ্য হিচাপে গণ্য কৰিছে চিকিৎসকে। মাতৃগৰাকী সুস্থ হােৱাৰ সমান্তৰালভাৱে সন্তানৰ শৰীৰৰ পৰাও ভাইৰাছে আঁতৰি গৈছে যদিও ভাইৰাছে এন্টিবডিৰ ৰূপত নিজৰ উপস্থিতি সাব্যস্ত কৰি গৈছে। চেলিং নগ চেং নামৰ এইগৰাকী মাতৃয়ে জনােৱা অনুসৰি তেওঁ সন্তান জন্মৰ বহু পূর্বেই কৰ’নাত আক্ৰান্ত হৈছিল।

যােৱা মার্চত প্রথমে শৰীৰত সামান্যভাৱে কৰনাৰ উপসর্গ দেখিবলৈ পােৱা গৈছিল।পাছত সম্পূর্ণভাৱে সুস্থ হৈ সন্তান জন্ম দিয়ে চলিত মাহত; কিন্তু ইয়াৰ পাছত সন্তানৰ শৰীৰত এন্টিবডি লাভ কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাই বিষয়টোতে হস্তক্ষেপ কৰি কয় যে মাতৃ গৰ্ভত থকা অৱস্থাত সন্তানৰ শৰীৰত মাতৃৰ দ্বাৰা কৰ’না ভাইৰাছে প্রৱেশ কৰিব পাৰে। এই সন্দৰ্ভত স্পষ্ট প্রমাণ পােৱা হােৱা নাই যদিও বর্তমানলৈ নৱজাতকৰ শৰীৰত অথবা মাতৃ দুগ্ধত কৰ’না ভাইৰাছ এতিয়ালৈ লাভ কৰা হােৱা নাই। ইয়াৰ পূর্বে এই বিষয়ত চীনৰ একাধিক উদাহৰণাে দাঙি ধৰা হৈছিল। অৱশ্যে মাতৃৰ শৰীৰৰ পৰা সন্তানৰ শৰীৰলৈ কৰ’না ভাইৰাছ বিয়পাৰ তেনে কোনাে নিদর্শন এতিয়ালৈ লাভ কৰা হােৱা নাই। নিউয়ৰ্কৰ প্ৰেছবাইটেৰিন তথা কলম্বিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে সম্প্রতি এই বিষয়ত অধিক তথ্য বিচাৰি গৱেষণা অব্যাহত ৰাখিছে।

Exit mobile version