এইডছ: তলাবন্ধত ঔষধৰ অভাৱত মৃত্যু পাঁচ লক্ষাধিক

Cure for HIV AIDS e1572457046604 800x400 1

কৰ’না সংক্রমণৰ ফলত বলৱৎ হােৱা তলাবন্ধৰ সময়ত প্রয়ােজনীয় ঔষধ লাভ নকৰাৰ ফলত বিশ্বত পাঁচ লক্ষাধিক এইডছ আক্রান্তৰ মৃত্যু হৈছে। শেহতীয়া ৰিপোৰ্ট মতে বিশ্ব এইডছ দিৱসৰ দিনা ‘জইণ্ট ইউনাইটেড নেচনেছ প্রগ্রেম অন এইডছ’ (ইউ এন এইডছ)ৰ তৰফৰ পৰা এই কথা সদৰী কৰা হৈছে। তলাবন্ধৰ কঠোৰতাৰ মাজত ‘এন্টিৰেট্রোভাইৰেল’ ঔষধৰ উৎপাদন তথা বিতৰণ ব্যৱস্থাটো সম্পূর্ণভাৱে স্তব্ধ হৈ পৰাৰ ফলতে এই বৃহৎ সংখ্যক এইডছ আক্রান্তই মৃত্যুক সাবটি ল’বলগীয়া হয়। কৰ’না কালত অন্যান্য জটিল ৰােগৰ দৰে এইডছৰ চিকিৎসাতাে যথেষ্ট বাধাৰ সৃষ্টি হৈছে। বিশ্বৰ পৰা এইডছ ভাইৰাছক সম্পূর্ণভাৱে নিঃশেষ কৰাৰ প্রতিজ্ঞা লােৱা এইডছ দিৱসৰ বিশেষ দিনটোত সেয়েহে এইবাৰ মূল বিষয় হিচাপে লােৱা হৈছে এণ্ডিং দ্য এইচ আই ভি এপিডেমিক: ৰেজিলিয়েন্স এণ্ড ইমপেক্ট।

উল্লেখ্য যে ১৯৮৮ ৰে ক্রমাগতভাৱে এই সন্দৰ্ভত প্ৰচাৰৰ দ্বাৰা সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি অহা হৈছে। নেচনেল এইডছ কন্ট্র’ল অর্গেনাইজেছন’ (নাক) ৰ মতে এনে সজাগতা সৃষ্টিৰ ফলত ভাৰতত এইচ আই ভিৰ সংক্ৰমণত ৫০ৰ পৰা ৫৫ শতাংশ হাস কৰি ৰাখিব পৰা হৈছে। চলিত বৰ্ষত কৰনাৰ বাবেই এইডছৰ প্ৰসংগ যথেষ্টখিনি তল পৰি ৰৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০১৯ বিশ্বৰ বিভিন্ন দেশত ৩৮০ লাখ মানুহে এইডছৰ স’তে সহবাস কৰি আছিল। ইয়াৰ ভিতৰত তিনি কোটি ৬২ লাখ লােক পূর্ণবয়স্ক। আনহাতে, ১৮ লাখ শিশু-কিশােৰাে এইডছত আক্ৰান্ত হৈ আছে। যিসকলৰ বয়স ১৫ বছৰৰ সীমা অতিক্রম কৰা নাই। ২০১৯ত নতুনকৈ ১৭ লাখ লােক এইডছত আক্ৰান্ত হৈছে। ২০১০-২০১৯ৰ মাজৰ সময়ছােৱাত এইচ আই ভি সংক্রমণত ২৩ শতাংশ হ্রাস পাইছে। যােৱা বছৰ ছয় লাখ ৯০ হেজাৰ এইডছ আক্ৰান্তৰ মৃত্যু হৈছে।

২০১০ত এইডছ আক্রান্ত ১১ লাখ লােকৰ মৃত্যু হৈছিল। চিকিৎসকৰ মতে বহু সময়ত নিজে নজনাকৈয়ে শৰীৰত এইচ আই ভিৰ প্ৰৱেশ হ’ব পাৰে। শৰীৰত প্ৰৱেশ কৰাৰ পাছত প্ৰায় ডেৰ-দুমাহলৈ সক্রিয় নােহােৱাকৈ থাকে এই ভাইৰাছ। সংক্রমণৰ পাছত ‘ভাইৰেল’ৰ দৰে জ্বৰ, পানী লগা, মূৰৰ বিষ আদি উপসর্গই দেখা দিবলৈ ধৰে। সপ্তাহৰ ব্যৱধানত কিছু সুস্থ হলেও পুনৰ এই উপসর্গই দেখা দিবলৈ ধৰে। ইয়াৰ বাহিৰেও শৰীৰৰ বিষ, পেটৰ ৰােগ, বমি ভাব অথবা ডিঙিৰ বিষ আদিও হ’ব পাৰে। এইডছৰ উপসৰ্গৰে কৰ’না ‘ভাইৰেল ফিভাৰ’ৰ উপসৰ্গৰ যথেষ্ট মিল থকা দেখা যায়। এনে অৱস্থাত নিশ্চিতভাৱে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰাটো প্রয়ােজন। এই সন্দৰ্ভত চিকিৎসকৰ লগতে পৰিয়ালৰ ওচৰত কোনাে তথ্য গােপন কৰিব নালাগে।

এইডছ আই ভিয়ে শৰীৰত ক্রমে ৰােগ প্রতিৰােধৰ ক্ষমতাক ধ্বংস কৰি দিয়ে। এনে সময়ত এন্টিৰেট্রোভাইৰেল ঔষধ সেৱন কৰাটো প্রয়ােজন হৈ পৰে।পূর্বে আক্রান্ত হােৱাৰ কে’বা বছৰলৈও ৰােগীয়ে জীৱন লাভ কৰিছিল যদিও শেহতীয়াকৈ নতুন নতুন ঔষধৰ ফলত জীৱন কাল আৰু অধিক বৃদ্ধি পাইছে। যােৱাটো শতিকাত এইছ আই ভি আক্রান্ত হােৱাৰ পাছত প্রায় আঠ বছৰলৈ এজন লােকে জীৱন লাভ কৰিছিল। কিন্তু শেহতীয়াকৈ ১০-১৫ বছৰলৈ আয়ুসসীমা বৃদ্ধি পাইছে। সম্প্রতি প্রায় সাধাৰণ মানুহৰ দৰেই জীৱন যাপন কৰিব পাৰে এইচ আই ভি আক্রান্তই। সেয়েহে বিশ্ব এইডছ দিৱসৰ দিনটোত পুনৰ এবাৰ এই ৰােগক পৰাজিত কৰাৰ সংকল্প লােৱা হয়।

Exit mobile version