ভাৰতত ক’ভিড ভেকচিনৰ পৰীক্ষণৰ ড’জৰ মাত্ৰাৰ পৰিৱৰ্তন নহয়ঃ ছেৰাম ইনষ্টিটিউট

143852 mzefmgpdjm 1593779827

ব্ৰিটেইনত অক্সফোৰ্ড-এষ্ট্ৰাজেনেকাৰ ভেকচিনৰ পৰীক্ষণত কম ড’জ ব্যৱহাৰ কৰিও ৯০ শতাংশ সাফলতা লাভ কৰিছে । ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছ আই আই)এ কয় যে, এই ফলাফল লাভৰ পাছতো পৰীক্ষা-নিৰীক্ষাৰ সময়ত ব্যৱহাৰ কৰা ড’জৰ মাত্ৰাৰ পৰিৱৰ্তন কৰা নহ’ব । এছ আই আই-এ পুনৰ জনায়, ‘পৰীক্ষণ স্বেচ্ছাসেৱীসকলক পূৰ্ণ মাত্ৰাত দুটা ড’জ দিয়া হ’ব। ভেকচিনৰ পৰীক্ষণ চলি থকাৰ সময়ত ড’জৰ মাত্ৰাৰ পৰিৱৰ্তন কৰিলে সময়ৰ অপব্যয় হ’ব সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’ আনহাতে ছেৰামৰ ভেকচিনৰ প্ৰস্তুতি চলি থকাৰ সময়তে ৰাছিয়াৰ গৱেষকসকলে প্ৰস্তুত কৰা স্পুটনিক ভি-ৰ পৰীক্ষণ আৰম্ভ কৰিছে হায়দৰাবাদৰ সংস্থা ডক্তৰ ৰেড্ডিজে ।

এষ্ট্ৰাজেনেকাৰ দাবী অনুসৰি, ব্ৰিটেইনত পৰীক্ষণৰ সময়ত তেওঁলোকে প্ৰস্তুত কৰা ক’ভিড ভেকচিন Covishieldৰ প্ৰথমে অৰ্ধাংশ ড’জ দিয়াৰ পাছত দ্বিতীয় ড’জ পূৰ্ণমাত্ৰাত দিয়া হয় যদিও ৯০ শতাংশ ফলপ্ৰসূ হয় । বিশ্বজুৰি চিকিৎসা কেন্দ্ৰসমূহত চলি থকা পৰীক্ষণত দেখা গৈছে যে, দুটা ড’জ পূৰ্ণমাত্ৰাত দিলে ৬২ শতাংশ সফলতা পোৱা যায় । মূলতঃ ব্ৰাজিল আৰু ব্ৰিটেইনৰ অধিক সংখ্যক স্বেচ্ছাসেৱীৰ পৰীক্ষণৰ পাছত এই ফলাফল পোৱা গৈছে । ভেকচিনৰ ড’জ কম কৰিলে কেনেধৰণৰ ফলাফল পোৱা যাব তাৰো পুনৰ নিৰীক্ষণ কৰা হ’ব । কিন্তু ভাৰতত পৰীক্ষণৰ কোনো পৰিৱৰ্তন কৰা নহয় । সংস্থাটোৰ পুনেৰ কাৰ্যবাহী সঞ্চালক সুৰেশ যাদৱে কয়, ‘পৰীক্ষণৰ সময়ত ৫০ শতাংশ সাফল্যতা লাভ কৰিলেও ই ইতিবাচক হ’ব ।’ লগতে তেওঁলোকে কয় যে, এনে জটিল পৰিস্থিতিত দুটা ভিন্ন প্ৰকাৰৰ ড’জ দিলে সময়ৰ অপব্যয় হ’ব ।

এই সন্দৰ্ভত সুৰেশে কয়, ‘একেই মাত্ৰাৰ ড’জ ব্যৱহাৰ কৰিলে ফলাফল সহজতে পোৱা যায় । কাৰণ প্ৰথম ড’জেই থাকক বা দ্বিতীয় ফলাফলৰ মাত্ৰা একেই থাকে ।’ছেৰামে ক’ভিড ভেকচিনৰ পৰীক্ষা-নিৰীক্ষা চলাই থকাৰ সময়তে ডক্তৰ ৰেড্ডিজে ভেকচিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ কৰিছে ।ৰুছৰ স্বাস্থ্য মন্ত্ৰণালয় গামেলেয়া ৰিচাৰ্ছ চেণ্টাৰ আৰু ৰাছিয়ান ডিৰেক্ট ইনভেষ্টমেন্ট ফাণ্ড (আৰ ডি আই এফ)ৰ যৌথ প্ৰয়াসত প্ৰস্তুত কৰা ভেকচিনৰ পৰীক্ষণৰ বাবে চেণ্ট্ৰেল ড্ৰাগছ্ লেবৰেটৰীৰ প্ৰশংসা পত্ৰ লাভ কৰিছে ৰেড্ডিজে । আৰ ডি আই এফৰ দাবী অনুসৰি, পৰীক্ষণত প্ৰথম ড’জ প্ৰয়োগৰ ২৮ দিন পাছত ৯১.৪ শতাংশ সফলতা পোৱা গৈছে । ৪২ দিনৰ পাছত দ্বিতীয় ড’জ ব্যৱহাৰ কৰাত ৯৫ শতাংশ । বৰ্তমান ৪০ হেজাৰ স্বেচ্ছাসেৱীয়ে স্পুটনিক ভি-ৰ তৃতীয় পৰীক্ষণত অংশগ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত ২২ হেজাৰজনক ভেকচিনৰ প্ৰথম ড’জ দিয়া সম্পন্ন হৈছে । আনহাতে ১৯ হেজাৰৰো অধিক লোকে দুটা ড’জেই লাভ কৰিছে ।

Exit mobile version