‘লাভ জেহাদ’ বিতৰ্কৰ মাজতে অসমত নতুন আইনৰ খচৰাৰ প্ৰস্তুতি

5e8f9d22cf2156f0254623b6c517823d

দেশজুৰি ‘লাভ জেহাদ’ বিতর্ক আৰু ইয়াক ৰােধৰ বাবে কঠোৰ আইন প্রণয়নৰ প্রক্রিয়া অব্যাহত থকাৰ সময়তে বিয়াৰ বাবে প্রস্তুতি চলাই থকা ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে অপেক্ষা কৰিছে এটি নতুন খবৰে। নিজে পছন্দ কৰাই হওঁক অথবা পৰিয়ালে বাছি উলিওৱা ল’ৰা-ছােৱালীৰ ক্ষেত্ৰতে নহওঁক কিয়, বিবাহ অনুষ্ঠিত হােৱাৰ কমেও এমাহ পূর্বে দুয়ােপক্ষই আনুষ্ঠানিকভাৱে নিজৰ সকলাে তথ্য পৰস্পৰাৰ মাজত বিনিময় কৰিব লাগিব। তাৰ বাবে চৰকাৰীভাৱে এলানি নীতি-নিয়ম বলবৎ কৰা হ’ব। অসম চৰকাৰে শীঘ্ৰে এনে এখন আইন প্রণয়নৰ তৎপৰতা অব্যাহত ৰাখিছে।

এই সন্দৰ্ভত ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই কয় যে ল’ৰাৰ লগতে ছােৱালীয়েও এনেবােৰ তথ্য দাখিল কৰাটো বাধ্যতামূলক হ’ব। শৰ্মাই কয়, সেই তথ্য কেৱল ধৰ্মৰ ক্ষেত্ৰতে নহয়, উপাৰ্জনৰ উৎস, পৰিয়ালৰ সম্পূর্ণ বিৱৰণ, শিক্ষাগত অহর্তা, বৃত্তি, স্থায়ী বাসিন্দাৰ তথ্য আদি সকলাে আনুষ্ঠানিকভাৱে অৱগত কৰিব লাগিব। কাৰণ বহু সময়ত দেখা যায় যে বিশেষকৈ মহিলাসকল স্বামীৰ সন্দৰ্ভত যথেষ্ট অজ্ঞ হৈ থকাত বিয়াৰ পাছত নানা সমস্যাৰ সন্মুখীন হয়। স্বামী অবৈধ জীৱিকাত জড়িত থকাৰ বিষয়েও বিয়াৰ পাছতহে অৱগত হয় পত্নীসকল। এইবােৰ দিশৰ প্রতি লক্ষ্য ৰাখিয়ে এনে এখন আইনৰ প্রক্রিয়া চলাই থকা হৈছে।

এই আইনে মহিলা সৱলীকৰণৰ ক্ষেত্ৰতাে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব। উল্লেখ্য যে উত্তৰ প্ৰদেশকে ধৰি দেশৰ একাংশ ৰাজ্যত ‘লাভ জেহাদ’ৰ বিৰুদ্ধে আইন প্রণয়ন কৰা হৈছে। এনে ক্ষেত্ৰত অসমৰ প্রস্তাৱিত আইনখনাে তেনে ধৰণৰে হ’ব নেকি বুলি চৰ্চা আৰম্ভ হৈছে। অৱশ্যে মন্ত্রীজনে কয় যে প্রস্তাৱিত আইনখনত সেই ধৰণৰ কথা নাই। অসমৰ আইনখন লাভ জেহাদ বিৰােধীও নহ’ব। কাৰণ বহু সময়ত দেখা গৈছে যে একে ধৰ্মৰ ল’ৰা-ছােৱালীৰ মাজত বিয়া হােৱাৰ পাছতাে ছােৱালীয়ে স্বামী অবৈধ জীৱিকাত জড়িত থকা বুলি অৱগত হয়। অৱশ্যে প্রস্তাৱিত আইনখনত উত্তৰ প্ৰদেশৰ লাভ জেহাদ বিৰােধী আইনখনৰ প্রয়ােজনীয় বিষয়বােৰ অন্তর্ভুক্ত কৰাৰ সম্ভাৱনা মন্ত্রীজনে ব্যক্ত কৰে। সম্প্রতি প্রস্তাৱিত আইনখনৰ খচৰা প্রস্তুতি প্রক্রিয়া অব্যাহত আছে। আইনত পৰিণত হােৱাৰ পাছতে সকলাে বিবাহৰ ক্ষেত্ৰত ই বাধ্যতামূলক হ’ব।

Exit mobile version