অসম-নগালেণ্ড সীমান্তৰ লাহৰিজানত অ-স্বাস্থ্যকৰ পৰিৱেশত খাদ্য সামগ্ৰী প্ৰস্তুত

journalism conference concept many reporter hands hold microphones sketch design 1035 19294

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিকৰ ওপৰত নিৰ্যাতনৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পাবলৈ লোৱাৰ সময়তে কাৰ্বি আংলং জিলাৰ বোকাজানত বাতৰি সংগ্ৰহৰ বাবে যোৱা দুগৰাকী সাংবাদিকৰ ওপৰত অসাধু ব্যৱসায়ীচক্ৰই প্ৰাণঘাটী আক্ৰমণ সংঘটিত কৰাৰ ঘটনাক কেন্দ্ৰ কৰি জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বোকাজানৰ লাহৰিজানস্থিত ‘কেক স্কোৱেৰ বেকাৰী’ শীৰ্ষক বেকাৰীখনত অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য-সামগ্ৰী প্ৰস্তুত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ সময়তে যোৱা এক ডিচেম্বৰৰ নিশা বোকাজানৰ এটা সাংবাদিকৰ দল আৰক্ষীৰ উপস্থিতিত বেকাৰী কাৰখানাটোৰ ভিতৰত প্ৰৱেশ কৰে।

কাৰখানাটোৰ ভিতৰত ভয়ংকৰভাৱে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য-সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে এক ডিচেম্বৰতে তিনি ডিচেম্বৰৰ ভালেসংখ্যক ব্ৰেড (পাউৰুটি) ৰ পেকেট প্ৰত্যক্ষ কৰি সাংবাদিকৰ দলটোৱে লগে লগে ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰে। ইয়াৰ লগে লগে সাংবাদিকৰ দলটোৰ বিৰুদ্ধে অগ্নিশৰ্ম্মা হৈ পৰা বেকাৰী কাৰখানাৰ মালিকপক্ষই সাংবাদিকৰ দলটোক অশ্লীল ভাষাৰে গালি-গালাজ কৰাৰ লগতে বোকাজানৰ সাংবাদিক প্ৰকাশ গগৈ আৰু নৰেন হাজৰিকাক শাৰীৰিকভাৱেও প্ৰহাৰ কৰে। ইমানতে শান্ত নাথাকি বেকাৰীটোৰ মালিকপক্ষৰ নিৰ্দেশত প্ৰায় ৩০/৪০ জনীয়া এটা দলে দুয়োগৰাকী সাংবাদিকক প্ৰহাৰ কৰে । সাংবাদিক নৰেন হাজৰিকা অতি গুৰুতৰভাৱে আহত হয়। পিছত একাংশ সতীৰ্থ সাংবাদিকৰ হস্তক্ষেপতহে সাংবাদিকগৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

ঘটনাটোৱে পাহাৰীয়া জিলাখনত স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়েও যোৱা কালি টেলিফোনযোগে সাংবাদিক দুগৰাকীৰ অৱস্থাৰ বুজ লোৱাৰ লগতে দোষীক শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰা বুলি জানিব পৰা গৈছে। বোকাজানৰ দুই সাংবাদিক অৰ্জুন থাপা আৰু নৰেন হাজৰিকাই এই সন্দৰ্ভত খটখটি আৰক্ষী থানাত দাখিল কৰা দুখন সুকীয়া এজাহাৰৰ ভিত্তিত ইতিমধ্যে গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

আনহাতে, বোকাজান প্ৰেছ ক্লাৱৰ তৰফৰ পৰাও অসাধু ব্যৱসায়ীয়ে আক্ৰমণ চলোৱা ঘটনাক তীব্ৰ ভাষাৰে সমালোচনা কৰি অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য-সামগ্ৰী প্ৰস্তুত কৰা বেকাৰীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতি, আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ কাৰ্বি আংলং জিলা সমিতি আৰু দুৰ্নীতি বিৰোধী যুৱ-শক্তি, অসমৰ কাৰ্বি আংলং জিলা সমিতিয়েও আজি বোকাজানৰ মহকুমাধিপতিক সুকীয়া সুকীয়াকৈ একোখনকৈ স্মাৰকপত্ৰযোগে বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ সংঘটিত কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। লগতে বেকাৰীসমূহে কেনে পৰিস্থিতিত খাদ্য-সামগ্ৰী প্ৰস্তুত কৰে সেয়া অনুসন্ধান কৰাৰ বাবেও সংগঠনসমূহে দাবী জনায়।

Exit mobile version