একেদিনাই ২১ খন নিৰ্বাচনী সভাৰে প্ৰমোদ বড়োৰ চমক

b6e144d6 63f8 4178 a175 2a51d88d85cc

ইউ পি পি এলৰ সভাপতি তথা ২২ নং ককলাবাৰী সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ বড়োৱে আজি সমষ্টিটোৰ ২১ টা স্থানত ২১ খনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰি এক মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলায়। উল্লেখ্য যে ককলাবাৰী খৌলাচুবাত অনুষ্ঠিত ইউ পি পি এলৰ নিৰ্বাচনী সভাত ভাষণ দি প্ৰমোদ বড়োৱে কয়, ‘বিগত ১৭টা বছৰে হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ একাধিক স্থানত যুৱ শিবিৰ স্থাপন কৰি এচাম যুৱকক মদ, গাহৰি খুৱাই অসামাজিক কাৰ্যকলাপ কৰিবলৈ নিয়োগ কৰিছিল৷ এই যুৱকসকলৰ দ্বাৰা মানুহক ভাবুকি দিয়া, অত্যাচাৰ কৰা হৈছিল৷ ৰাইজ অহা ১৫ ডিচেম্বৰলৈ ধৈৰ্য্য ধৰক৷ ১৫ ডিচেম্বৰত ইউ পি পি এলৰ চৰকাৰ গঠনৰ পিছতে বিটিআৰত থকা হাগ্ৰামাৰ সকলোবোৰ অবৈধ যুৱ শিবিৰ বন্ধ কৰি দিয়া হ’ব৷ বিটিচিত হাগ্ৰামা মহিলাৰীৰ দাদাগিৰি বন্ধ হ’ব৷

১৫ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব এক নতুন যাত্ৰা৷ ইউ পি পি এলৰ চৰকাৰ গঠনৰ পিছতেই পৰা হাগ্ৰামা মহিলাৰীৰ ছাঁ‌টোও ৰাইজৰ গাত নপৰিব ৷ বিটিআৰত বিপিএফৰ পতাকা, নাঙলৰ প্ৰতীক নাইকীয়া হ’ব। বিটিআৰত নাঙলেৰে কোনেও খেতি নকৰিব। বিটিআৰত দ্ৰুতগতিত চলা ট্ৰেক্টৰেৰে ৰাইজে খেতি কৰিব৷’ লগতে তেওঁ কয়, ‘হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলে ইউ পি পি এল চৰকাৰ আহিলে ভূমিৰ অধিকাৰ হেৰুৱাব বুলি বিভিন্ন জনগোষ্ঠীক ভয় দেখুৱাইছে। বিপিএফক ভোট নিদিলে বৃদ্ধ পেঞ্চন, জবকাৰ্ডৰ কাম, ৰেচন কাৰ্ড,গৃহ লাভ আদি বন্ধ হ’ব বুলি ভয় ভাবুকিৰ ৰাজনীতি কৰিছে।

দুখীয়া লোকক ভয়-ভাবুকি দিয়া বিপিএফ দল উৎখাতৰ পিছতে ইউ পি পি এল চৰকাৰে দুখীয়াক নিৰাপত্তা দিব৷ বিটিআৰত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ এটাও সমস্যা থাকিবলৈ নিদিও অহা পাঁ‌চটা বছৰত৷’ সভাত ভাষণ দি ইউ পি পি এলৰ মুখপাত্ৰ ধীৰাজ ডেকাই কয়, ‘একালৰ বিপ্লৱী সংগ্ৰামী এন ডি এফ বি সকলৰ যিসকলে বিপিএফলৈ গৈছে তেওঁলোকে কোনো স্বদেশ স্বজাতিৰ উন্নয়নৰ বাবে যোৱা নাই৷ হাগ্ৰামা মহিলাৰীৰ সংগ লোৱা এন ডি এফ বিসকলে হাগ্ৰামা মহিলাৰীৰ স’তে থকা অবৈধ টকাৰ, হাগ্ৰামাৰ পকেটৰ টকাৰ লালসাতহে বিপিএফলৈ গৈছে৷’ ধীৰাজ ডেকাই তেওঁৰ ভাষণত বিটিআৰ চুক্তিয়ে বিটিআৰত বসবাস কৰা সকলো জাতি- জনগোষ্ঠীয়েই ইউ পি পি এলক ভোট দিয়ক বুলি আহ্বান জনায়।

উল্লেখ্য যে প্ৰমোদ বড়োৱে ক্ৰমে পুখুৰীপাৰা, ছেংলীমাৰী, হাজিৰাপাৰা, ৰাঙাপানী, গুৰুমাৰা, ৰান্ধনি পাৰা, থ্ৰীবাৰী লাংডাংপাৰা , খামৰদৈছা , ভালাগুৰি, পানবাৰী, ওডালগুৰী, বৰপাম, গোলাগাওঁ‌ , ডাংৰীগাওঁ‌, ভোৰব চ’ক , জাৰাবাৰী, কছুমাৰী , জামগুৰি, পূৱ অঞ্চলী, জালাহ উলুবাৰী, জালাহ বড়োচুবা, হাঁ‌হচৰাত মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলায়৷ প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰত ইউ পি পি এলৰ নেতা ক্ৰমে ধীৰাজ ডেকা, কলেন নাথ , দ্বিজেন্দ্ৰ দাস, মন্টু বড়ো, দয়াল শৰণীয়া, কিৰণ কলিতা, দীপক বসুমতাৰী, বিজু বৰকছাৰী, মইনুল আলী , প্ৰাক্তন এমচিএলএ অনিপ বসুনতাৰী , প্ৰাক্তন বিধায়ক টিজেন বসুমতাৰী , বিশিষ্ট অভিনেতা ফৈলা জে বৰগয়াৰী, কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ সভাপতি প্ৰদীপ ৰয়কে ধৰি কে’বাজনো কেন্দ্ৰীয় নেতৃবৃন্দ উপস্থিত থাকে৷

Exit mobile version