ছবছৰ বয়সতে নাকত সুমুৱাই দিয়া মুদ্রা ওলাল ৫৯ বছৰ বয়সত

c63226fe347960c29e75d7ed29f1cd8044f9b3c6caccea01e099745bea6946df

অর্ধশতিকাৰাে অধিক কাল ধৰি এজন লােকৰ নাকৰ ভিতৰত সােমাই থাকিল এটি মুদ্রা; কিন্তু শৈশৱৰ ধেমালিয়ে তেওঁৰ বৃদ্ধকালত কঢ়িয়াই আনিলে বিপত্তিৰ। ঘটনাৰ স্থান ৰাছিয়া। নাকৰ ভিতৰত সৰু মুদ্রা সােমাই ৰাখি ধেমালি কৰাটো আমাৰ দেশত তেনেই সৰু কথা। শিশুসকলে সঘনাই কৰে এনে ধৰণৰ ধেমালি। বহু সময়ত সন্তানৰ এনে ধেমালিৰ বাবে ফল ভােগ কৰিবলগীয়া হয় অভিভাৱকসকলে। কিন্তু এনে ঘটনা তেনেই কম য’ত কোনােবাই নাকত মুদ্রা সুমুৱাই থৈ সেই কথা পাহৰি গৈছে। ৰুছ লােকজনৰ ক্ষেত্রত সমগ্র ঘটনাটোৱেই কিন্তু হৈ পৰিল নজিৰবিহীন। বর্তমান ৫৯ বছৰ বয়সীয়া এই লােকজনে ছবছৰ বয়সতে নাকত সুমুৱাই দিছিল এটি মুদ্রা। নাকত মুদ্রা সুমুৱালে যদিও উলিয়াবলৈ পাহৰি গল।

পাহৰিলে মানে মনৰ স্মৃতিৰ।পৰা সম্পূর্ণভাৱেই মচ খাই গল সেই কথা। ভৱিষ্যতেও হয়তাে ত্রা লােকজনৰ মনত নপৰিলহেঁতেন নাকত মুদ্রা থকাৰ কথা। কিন্তু শৰীৰে জনাই দিলে সকলাে কথা। কে’বাদিনাে ধৰি লােকজনে ন সঠিকভাৱে ল’ব পৰা নাছিল শ্বাস-প্রশ্বাস। নিশ্বাস লােৱাৰ সময়ত ক্ষণে ক্ষণে কষ্ট অনুভৱ কৰিছিল।ফলত যাবলগীয়া হ’ল চিকিৎসক ওচৰলৈ। ইয়াৰ পাছতে পােহৰলৈ আহিল অতীত ইতিহাস। প্রায় ৫৩ বছৰ পূৰ্বৰ বিস্মৃতিয়ে সৃষ্টি কৰা সমস্যাৰ উত্তৰ বিচাৰি পালে চিকিৎসকে। লােকজনৰ চকুৰ সন্মুখলৈ ভাহি আহিল ল’ৰালি কালৰ এটিৰ পাছত আনটো ঘটনা। কিয়নাে নাকত মুদ্রাটো সুমুৱাই লােৱাৰ পাছত মাতৃৰ গালি খােৱাৰ ভয়ত টু শব্দ এটিও কৰা নাছিল। তাৰ পাছত পাহৰি গৈছিল সকলাে।

সম্প্রতি এনে কাৰণতে নাকৰ সোঁফালৰে উশাহ ল’ব নােৱৰা পৰিস্থিতিৰ সৃষ্টি হয়। হাস্পতালত নাকৰ স্কেন কৰাৰ সময়ত চকু কপালত উঠিল চিকিৎসকৰ। দেখিবলৈ পালে নাকত আবদ্ধ হৈ থকা মুদ্ৰাটোৰ চাৰিওফালে কঠিন পদাৰ্থৰ চামনি সৃষ্টি হােৱাটোও। অৱশ্যে যাৰ শেষ ভাল তাৰ সকলাে ভাল। এন্ড্রোস্কপি কৰি মুদ্ৰাৰ লগতে কঠিন পদাৰ্থৰ চামনিও উলিয়াই আনিবলৈ সক্ষম হয় চিকিৎসকসকলে। সম্পূর্ণ সুস্থ হােৱাৰ পাছত লােকজনক এতিয়া হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। সম্প্রতি সম্পূর্ণ স্বাভাৱিকভাৱে উশাহ ল’বলৈকো সক্ষম হৈছে লােকজনে। লগতে কৰিছে অতীত স্মৰণ। সৰু কালৰ ধেমালিৰ স্মৃতিচাৰণ কৰি পুনৰ যেন উভতাই পাইছে শৈশৱ কাল

Exit mobile version