ৰজনীকান্তৰ নতুন ৰাজনৈতিক দল ‘ৰজনী মক্কল মন্দ্ৰম’

79472623

দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্তে গঠন কৰিব নতুন ৰাজনৈতিক দল । বহুদিন আগৰ পৰাই জল্পনা-কল্পনা চলি আছিল দল গঠনৰ । অৱশেষত দল গঠনৰ দিন ধাৰ্য্য কৰিলে ছুপাৰষ্টাৰ ‘আন্না’ই । ৰাজনৈতিক দলটোৰ নাম ৰখা হৈছে ‘ৰজনী মক্কল মন্দ্ৰম’ । আজি অভিনেতাজনে জনায় যে, আগন্তুক জানুৱাৰীত আনুষ্ঠানিকভাৱে নতুন দলৰ আত্মপ্ৰকাশ কৰিব । এই সন্দৰ্ভত ৩১ ডিচেম্বৰত সবিশেষ তথ্য জনোৱা হ’ব ।

আজি ‘ৰজনী মক্কল মন্দ্ৰম’ৰ অধিকাৰীসকলৰ স’তে আলোচনাত মিলিত হয় ৰজনীকান্ত । আলোচনাৰ অন্তত তেওঁ সাংবাদিকক অৱগত কৰে, ‘আমাৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপৰ বিষয়ে অতি শিঘ্ৰেই আপোনালোকক জনোৱা হ’ব । জিলা সম্পাদকসকলে জনাইছে, মই যিয়ে সিদ্ধান্ত লওঁ তেওঁলোকৰ কোনো আপত্তি নাই ।’

Exit mobile version