প্ৰায় স্বাভাৱিক হোৱাৰ পথত দেশৰ বিমান সেৱা

0523 airplane

অধিক স্বাভাৱিক হ’ব দেশৰ বিমান সেৱা । আজি আন্তঃৰাজ্যিক বিমান উৰণৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত ল’লে কেন্দ্ৰীয় চৰকাৰে । অসামৰিক বিমান পৰিৱহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি এই কথা ঘোষণা কৰিছে । ক’ভিড পৰিস্থিতিত সম্প্ৰতি যি সংখ্যক বিমানে দেশৰ ভিতৰত চলাচল কৰিছিল, এতিয়াৰ পৰা তাৰ ৮০ শতাংশ বেছিকৈ বিমান উৰিব ।

ইয়াৰ আগলৈকে ৭০ শতাংশ বিমান‌ চলোৱা হৈছিল । অসামৰিক বিমান পৰিৱহণ মন্ত্ৰী পুৰীয়ে আজি টুইটত লিখিছে, ‘যোৱা ২৫ মে’ত‌ অন্তৰ্দেশীয় উৰণত ২৫ হেজাৰ যাত্ৰী পৰিৱহণৰ কথা কোৱা হৈছিল । সেয়া ৩০ নৱেম্বৰত দুই লাখ ৫২ হেজাৰ হয়গৈ । ক’ভিডৰ পূৰ্বে যিমান সংখ্যক বিমানে চলিছিল, সেই সংখ্যাৰ ৮০ শতাংশ বিমান চলোৱাৰ অনুমোদন জনাইছে অসামৰিক বিমান পৰিৱহণ মন্ত্ৰণালয়ে ।

উল্লেখ্য যে যোৱা ২৫ মে’ৰ পৰা অন্তৰ্দেশীয় বিমান সেৱা আৰম্ভ হয় । প্ৰথমে ৩৩ শতাংশ বিমান‌ চলাচলত অনুমতি দিয়া হৈছিল । পৰৱৰ্তী সময়ত ঢাপে ঢাপে বিমান উৰণৰ সংখ্যা বৃদ্ধি কৰি অহা হৈছে । আজি কেন্দ্ৰৰ অনুমোদনৰ পাছত দেশৰ বিমান সেৱা প্ৰায় স্বাভাৱিক হোৱাৰ আশা সজীৱ হৈ পৰিছে ।

Exit mobile version