মেকড’নাল্ডৰ খাদ্য খাবলৈ অতিক্ৰম কৰিলে ৭২৫ কিলোমিটাৰ

mcdonalds quietly removes happy meals value menu

মেকড’নাল্ডৰ বিগমেক তথা ফ্রাইজ খাবলৈ ৰাছিয়াৰ এজন ধনকুবেৰে ৭২৫ কিলােমিটাৰ দূৰত্ব অতিক্রম কৰিলে। ধনকুবেৰজনৰ বাবে ঘটনাটো সাধাৰণ হলেও ছ’চিয়েল মিডিয়াত এই ঘটনাটোৱে খলকনিৰ সৃষ্টি কৰিছে। সকলােকে অবাক কৰি তােলা এই ঘটনাৰ নায়ক হৈছে ভিক্টৰ মার্টিন। সকলােৰে নিজৰ প্রিয় খাদ্য থাকে যদিও একমাত্র খাদ্যৰ লােভত ইমান দূৰ অতিক্রম কৰাটো স্বাভাবিকতে আচৰিত হ’বলগীয়া।

বহু লােকেই প্রিয় খাদ্যৰ বাবে ঘৰৰ পৰা কিছু দূৰলৈ যাবলৈ প্রস্তুত থকাৰ সমান্তৰালভাৱে বহুতে আকৌ পার্শ্বৱর্তী চহৰ পর্যন্ত যাবলৈ প্রস্তুত হৈ থাকে। অৱশ্যে তলাবন্ধৰ সময়ছােৱাত দূৰ-দূৰণিলৈ পছন্দৰ খাদ্য বিচাৰি যােৱা লােকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ধনৱন্তসকলৰ মাজত এনেধৰণৰ একাধিক ঘটনা সংঘটিত হােৱাৰ তথ্য পােহৰলৈও আহিবলৈ লৈছে। পছন্দৰ খাদ্যৰ বাবে বহুতে নকৰিবলগীয়া কামাে কৰিছে।

বাটাৰ চিকেন খাবলৈ এই ভাৰততে ৩২ কিলােমিটাৰ পর্যন্ত দূৰলৈ গাড়ী চলাই যােৱাৰাে ঘটনা পােহৰলৈ আহিছে। কোনােৱে আকৌ একমাত্র পাউৰুটি আনিবলৈকে ঘণ্টাত ১৭৭ কিলােমিটাৰ বেগত মটৰ চাইকেল দৌৰােৱাৰাে ঘটনা ঘটিছে। কিন্তু এই ক্ষেত্ৰত সকলােকে পাছ পেলালে ৰাছিয়াৰ ধনকুবেৰজনে। ভিক্টৰ মার্টিনভৰ হঠাতে মন গ’ল মেকডনাল্ডৰ দ্বাৰা প্রস্তুত খাদ্য খাবলৈ। এনে কাৰণতে হেলিকপ্টাৰৰে উৰা মাৰিলে ৭২৫ কিলােমিটাৰ দূৰলৈ।

তাৰ পাছত ২৭০০ ডলাৰৰ খাদ্য গােগ্রাসে উদৰ কৰে। প্রকৃত ঘটনাটো অৱশ্যে কিছু পৃথক। ক্রিমিয়াৰ এখন ৰিজৰ্টত বান্ধবী আলুচটাৰ লগত সময় পাৰ কৰিছিল ভিক্টৰে। হঠাতে দুয়ােৰে মন গল পছন্দৰ মেকডনাল্ডৰ খাদ্য খাবলৈ। উল্লেখ্য যে ক্রিমিয়াত পশ্চিমীয়া দেশৰ কোনাে ধৰণৰ বিপণন প্রতিষ্ঠানক ব্যৱসায়ৰ অনুমতি প্রদান কৰা হােৱা নাই। ভিক্টৰে থকা ৰাজ্যখনৰ পৰা ৭২৫ কিলােমিটাৰ দূৰৰ ক্ৰাচন’ডাৰত মেকড’নাল্ডৰ বিপণী থকাটো নিশ্চিত হােৱাৰ পাছত লগে লগে হেলিকপ্টাৰ লৈ উৰা মাৰে লগত লয় বান্ধবীকো। পছন্দৰ খাদ্ খােৱাৰ পাছত দুয়াে উভতি যায় ৰিজৰ্টলৈ। মাত্র কেইটামান ঘণ্টাৰ ভিতৰতে মনৰ আশা পূর্ণ কৰাৰ পাছত ভিক্টৰে এক সাক্ষাৎকাৰত কয়, ‘ৰিজৰ্টত থকাৰ সময়তে দুয়ােৰে মেকডনাল্ডৰ খাদ্য খাবলৈ মন গ’ল। সেয়ে আমি হেলিকপ্টাৰ লৈ উৰা মাৰাে। খাদ্য খােৱাৰ পাছত উভতি আহাে ৰিজৰ্টলৈ।

Exit mobile version