জানুৱাৰীৰ পৰাই বিজেপিৰ প্রার্থিত্ব বাছনিৰ অভিযান আৰম্ভ

7608fbd96fc75f95ac27353cb84bc759

বিটিচি নির্বাচনক লৈ সম্প্রতি উবুৰি খাই পৰা বিজেপিয়ে অহা জানুৱাৰীত আগন্তুক বিধানসভা নির্বাচনৰ প্রার্থিত্বকেন্দ্রিক কাম-কাজ আৰম্ভ কৰিব। তাৰ পূর্বে শেষ হ’ব দলীয় স্তৰত চলা প্রথমলানি জৰীপৰ। নির্বাচনৰ বাবে অন্যান্য দলতকৈ বহু আগৰে পৰাই আগ্রাসী ৰূপত অভিযান চলাই আহিছে বিজেপিয়ে। সেয়েহে প্রার্থিত্বৰ বিষয়টোৰ ক্ষেত্ৰতাে আগতীয়াকৈ কুচকাৱাজক গতি দিব বিচৰা হৈছে বুলি ৰাজ্যিক বিজেপিৰ শীর্ষ সূত্রই সদৰী কৰে।

সেইবুলি প্রার্থী তালিকাৰ আগতীয়াকৈ ঘােষণাৰ সম্ভাৱনা নাই; কিন্তু এইবাৰ দলে প্রতিষ্ঠানবিৰােধী বিষয়বােৰক প্ৰত্যাহ্বান জনাই বিপুল সংখ্যাগৰিষ্ঠতা তথা মিত্রদলৰে মিলি এশতকৈ অধিক সমষ্টি দখলৰ দাবী কৰি আহিছে। সেই লক্ষ্যত উপনীত হ’ব পাৰিব নে নােৱাৰে সেয়া নির্বাচনী ফলাফলতহে স্পষ্ট হ’ব যদিও অধিক সমষ্টি দখলৰ কঠিন লক্ষ্য লােৱা বাবেই প্রার্থিত্বৰ ক্ষেত্ৰত কোনাে আপােচ নকৰিবলৈ নেতৃত্বই সিদ্ধান্ত লৈছে।

অন্ততঃ ৭০ টা সমষ্টিত আপােচ কৰিবলৈ বিচৰা নাই বুলি এই প্ৰসংগতে দলৰ ৰাজ্যিক শীর্ষ নেতাই জানিবলৈ দিয়ে। ইপিনে, দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নডা আৰু প্রাক্তন সভাপতি তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও ইতিমধ্যে সেই কথা স্পষ্ট কৰি দিছে। এনে পৰিপ্ৰেক্ষিতত লক্ষ্য নির্ধাৰিত সমষ্টিবােৰত প্রার্থী কোন বা কি পর্যায়ৰ হ’ব তাক গৌণ কৰি জয়লাভেই মুখ্য হ’ব। জয়ৰ সর্বাধিক সম্ভাৱনা থকা ব্যক্তিয়েহে পাব প্রার্থিত্ব। তাৰ ভিতৰত মিত্রদলৰ প্রার্থীও থাকিব পাৰে।

আনকি প্রয়ােজন সাপেক্ষে অন্যান্য দলৰ নেতাকো আমদানি কৰাত কোনাে বাধা নাই। এনে কাৰণতে কংগ্ৰেছৰ কে’বাজনাে বিধায়ক-বিধায়িকাক বিজেপিলৈ আনিবলৈ প্রচেষ্টা অব্যাহত আছে।আপােচ নহ’ব বাবেই বিজেপিৰ প্ৰভাৱ থকা সকলাে সমষ্টিত ভাগে ভাগে চলিছে জৰীপৰ ওপৰত জৰীপ। ৰাজ্যিক সমিতিৰ সূত্ৰটোৱে জনায়, শেহতীয়াকৈ ৰাষ্ট্ৰীয় নেতৃত্ব ইমানেই কঠোৰ হৈছে যে ৰাজ্যিক নেতৃত্বই বিধায়কৰ যি ৰিপ’র্ট কার্ড শেহতীয়াকৈ সংগ্রহ কৰিছিল সেয়াও লাহে লাহে গৌণ হৈ পৰিছে।

অথচ ৰিপ’ৰ্ট কার্ডে বর্তমানৰ বিধায়ক-বিধায়িকাসকলে এইবাৰাে প্রার্থিত্ব লাভৰ ক্ষেত্ৰত মুখ্য ভূমিকা ল’ব বুলি সভাপতি ৰঞ্জিত কুমাৰ দাসে ঘােষণা কৰিছিল। উল্লেখ্য যে বিজেপিয়ে এইবাৰাে সর্বাধিক গুৰুত্ব আৰােপ কৰিছে পূব অসমৰ ৪৩টা সমষ্টিত। সেয়েহে এই সমষ্টিকেইটাৰ ভিতৰত বিজেপিৰ দখলত যিবােৰ আছে তাৰে প্ৰায় ২০ শতাংশ বিধায়কে পুনৰ প্রার্থিত্ব নাপাব বুলি ৰাজ্যিক নেতৃত্বৰ মাজত চর্চা অব্যাহত আছে।

একে পৰিস্থিতি সৃষ্টি হৈছে ৰাকৰ ক্ষেত্ৰতাে। বৰাকৰ দলীয় অধিকাংশ বিধায়কৰে ফলাফল ভাল নহয়। ফলস্বৰূপে উপত্যকাটোৰ কমেও পাঁচটা সমষ্টিত বিকল্প সম্ভাব্য প্রার্থীৰ সন্ধান অব্যাহত আছে। প্রার্থী সলনি কৰাই নহয় জিকিবও লাগিব এয়াই হৈছে বিজেপিৰ বৰ্তমানৰ একমাত্র নীতি। প্রসংগক্ৰমে ৰাজ্যিক বিজেপিৰ সভাপতি দাসে কয় যে জয়ৰ সম্ভাৱনা থকা প্রার্থীয়েহে এইবাৰৰ নিৰ্বাচনত অগ্রাধিকাৰ পাব। বৰ্তমানৰ দুই-এজন বিধায়কৰ ইফাল-সিফাল হলেও বেছিভাগেই জয়ী হ’ব বুলিও অৱশ্যে দাসে দাবী কৰে।

Exit mobile version