কলগাছিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ

04eff8a5 7c5d 40d0 8a85 517bff1167ba

কলগাছিয়াত নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিক সমিতি আৰু চি পি আই এমৰ বিভিন্ন পৰ্য্যায়ৰ নেতা-কৰ্মী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, যোৱা ন দিন ধৰি দিল্লীৰ যন্তৰ মন্থৰত ধাৰাবাহিক ভাৱে কৃষক সকলে চলাই থকা কৃষক আন্দোলনৰ পাছতো কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ক’লা কৃষি আইন তিনিখন বাতিল নকৰাৰ প্ৰতিবাদত কৃষক সভাৰ কলগাছিয়াৰ আঞ্চলিক সমিতি আৰু চি পি আই এমে যৌথ ভাৱে দাহ কৰে প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি।

কৃষক আন্দোলনৰ নেতা তথা নিখিল ভাৰত কৃষক সভাৰ সৰ্ব ভাৰতীয় সাধাৰণ সম্পাদক হান্নান মোল্লাৰ ওপৰত চৰকাৰে উদ্দেশ্য প্ৰনোদিত ভাৱে ক’লা আইন জাপি দি গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কলগাছিয়া আঞ্চলিক কৃষক সভা আৰু চি পি আই এমৰ নেতা কৰ্মী সকলে।সেয়ে কৃষি আইন বাতিল আৰু হান্নান মোল্লাক শীঘ্ৰেই মুক্তি দিয়াৰ দাবীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি সংগঠন দুটায় তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

তেওঁলোকৰ দাবী মানি লোৱা নহলে আগন্তুক ৮ ডিচেম্বৰত ভাৰত বন্ধৰ আহবান জনোৱা হ’ব বুলিও প্ৰতিবাদকাৰী সকলে হুংকাৰ প্ৰদান কৰিছে। আজি প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচীত নিখিল ভাৰত কৃষক সভাৰ কলগাছিয়া আঞ্চলিকৰ সম্পাদক চান মামুদ, চি পি আই এমৰ নতা ৰুস্তম আলীকে ধৰি চি পি আই এম আৰু কৃষক সভাৰ ভালে সংখ্যক নেতা কৰ্মী উপস্থিত থাকি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে কলগাছিয়াৰ পৰিবেশ উত্তাল কৰি তোলে।

Exit mobile version