চিৰাঙৰ মানাস সেৰফাঙত অবড়ো সুৰক্ষা সমিতিৰ প্ৰাৰ্থীৰ হৈ কংগ্ৰেছৰ নিৰ্ব্বাচনি প্ৰচাৰ

3c26f1aa ef0a 4c8a 9546 ce65332d9541

হিমন্তই বিটিচিৰ নিৰ্ব্বাচনী প্ৰচাৰত আহি হাগ্ৰামাৰ দুৰ্ণীতিৰ কথা কৈছে । হাগ্ৰামাই হিমন্তৰ কথা কৈছে ডকাইতে চোৰক গালি পৰাৰ দৰে হৈছে। হিমন্ত ডকাইততকৈ ডাঙৰ বুলি মন্তব্য দুৰ্গা দাস বড়োৰ। দুৰ্ণীতি ভ্ৰষ্টাচাৰৰ ৰজা হিমন্তই হাগ্ৰামাক গালি দিয়াটো সোভা নাপায় বুলিও কয় বড়োই। লগতে তেওঁ কয় বিগত সময়ছোৱাত যদি হাগ্ৰামাই দুৰ্ণীতি কৰিছে তেন্তে হিমন্তই কিয় টকা দিলে ? তাৰ মানে দুয়োজনে মিলি জুলি খাই এতিয়া বিটিচি নিৰ্ব্বাচনত কব আহিছে হিমন্তই।

দুয়ো দলেই সমানে দোষী ।কাকো দুৰ্ণীতি কৰিবলৈ ভোট নিদিব বুলি কয় বড়োয়ে বিজেপিয়ে দুই এটা আসন পাব পাৰে । বাকী দল সমুহে দহটাতকৈ অধিক নাপায় । গতিকে আমাক লাগিবই । আমি অবড়ো সুৰক্ষা সমিতিৰ প্ৰাৰ্থী জোন দাসক সমৰ্থন দিয়াৰ কাৰণটোৱে হৈছে বিজেপিৰ উত্থান ৰোধ কৰা। বিজেপি সকলোৰে শত্ৰু । গতিকে যিকোনো প্ৰকাৰে বিজেপিক পৰাভূত কৰাটো আমাৰ প্ৰয়োজন।

জোন দাসে জয়ী হৈ কংগ্ৰেছ-এআইইউডিএফৰ হৈ কাম কৰিব বুলিও কয় দুৰ্গাদাস বড়োই।বদৰুদ্দিন আজমল সন্দৰ্ভত কয় যে বহি ৰাষ্ট্ৰৰ পৰা অহা সকলো ধন ভাৰত চৰকাৰৰ বিত্ত আৰু গৃহ মন্ত্ৰনালয়ৰ জড়িয়তে হে আহে । যদি আজমলে সন্ত্ৰাসবাদীৰ টকা লৈছে তেন্তে সেয়া ভাৰত চৰকাৰৰ গৃহ আৰু বিত্ত মন্ত্ৰনালয়ে হে দিছে বুলি কয় বড়োই। আগন্তক নিৰ্ব্বাচন টাৰ্গেট কৰিয়ে বিজেপিয়ে এই ষৰযন্ত্ৰ কৰিছে জানি বুজিয়ে বুলিও কয়।

আজমল ফাউণ্ডেচন দোষী নহয় চৰকাৰহে । বহি ৰাষ্টত থকা নিজৰ লৰাক টকা পঠাবলৈয়ো চৰকাৰৰ অনুমতি লাগে। গতিকে বিটিচিৰ টকা বিজেপিয়ে খাইছে সেয়া আমি জনাই নাছিলো তেওঁলোকেই স্পষ্ট কৰি আছে বুলি কয় দুৰ্গাদাস বড়োই। আমি কাৰো লগত নাথাকো আমাৰ লগত কোন থাকিব বিটিচি পৰিষদ গঠনত সেয়াহে এই মুহুৰ্তত প্ৰশ্ন বুলি কয় কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োই।

 

Exit mobile version