বিটিএডিত এতিয়াও হাজাৰতকৈ বেছি অবৈধ অস্ত্ৰ আছে

8e85f027 87f0 48c8 a5e4 182dc48cca2b

২১ নং শালবাৰী সমষ্টিৰ অনাবড়ো সমৰ্থিত গণ সুৰক্ষা পাৰ্টিৰ প্ৰাৰ্থী চক্ৰধৰ দাসৰ হৈ আজি সমষ্টিটোত এক বৃহৎ বাইক ৰেলী উলিওৱা হয় ৷ আনন্দ বজাৰৰ পৰা আৰম্ভ হোৱা বাইক ৰেলীটোৱে সমষ্টিটোৰ সৰ্বদিশ পৰিভ্ৰমণ কৰে ৷ৰেলী উদ্বোধন কৰাৰ প্ৰাক মুহূৰ্তত সাংসদ নৱ কুমাৰ শৰণীয়াই সংবাদমাধ্যমৰ আগত কয়-“আমাৰ হাতত অস্ত্ৰ শস্ত্ৰ নাথাকিলেও খালী হাতেৰে হ’লেও যুঁজিম ৷সব পাৰ্টিৰেই টাৰ্গেট গণ সুৰক্ষা পাৰ্টি৷বিটিচিত এতিয়াও হাজাৰতকৈ বেছি অবৈধ অস্ত্ৰ আছে ৷

আমি ৰাজনৈতিক ক্ষমতা ল’ব পাৰিলে বিটিএডিত অস্ত্ৰৰ খেলা বন্ধ কৰিব পাৰিম ৷ আমাৰ বিৰোধী সকলৰ বাবেহে আমি সন্ত্ৰাসবাদী,উগ্ৰপন্থী৷কিন্তু আমাৰ মুক্তিকামী জনসাধাৰণৰ বাবে আমি পৰিয়ালৰ এজন বা ৰক্ষাকাৰী৷” শৰণীয়াই কয়-“আমি যি ভাল কৰিলেও এচামে ভাল বুলি নকয় ৷ আজিৰ দিনত সকলোৱে গম পাইছে যে এইবাৰ গণ সুৰক্ষা পাৰ্টিয়ে বিটিচিত চৰকাৰ গঠন কৰিব ৷ অনাবড়ো মানুহে কোনো ধৰণৰ ভয় কৰাৰ কথা নাই ৷ এই খেল আমি আগতেও খেলি আহিছোঁ ৷

আমি যদি আমাৰ ভেঁটি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তেতিয়াহ’লে বিগত পাঁচটা দশক ধৰি ভয়,শংকা,সংঘৰ্ষৰ মাজত জীৱন অতাবাহিত কৰি অহা অনাবড়ো সকলে অনাগত দিনত ভাল দিন এটা উপহাৰ পাবলৈ সক্ষম হ’ব ৷ এনডিএফবি সকলে যদিও মাত্ৰ ১৪৯ টা অস্ত্ৰ চৰকাৰক জমা দিছিল কিন্তু তেওঁলোকৰ কেডাৰ দেৰ হাজাৰতকৈও অধিক থকাত এইটো সন্দেহ হয় যে বিটিএডিত বৰ্তমানো অবৈধ অস্ত্ৰ মজুত আছে৷বিটিএডিত এনেকুৱাও বহু লোক আছে যি গঁড় হত্যাত জড়িত,হত্যা,অপহৰণ আদিত জড়িত ৷ এইলোক সকলৰ হাততো অবৈধ অস্ত্ৰ মজুত থকাৰ সন্দেহ আছে৷” উল্লেখ্য যে আজি গণ সুৰক্ষা পাৰ্টিৰ উপৰিও সমষ্টিটোত বিপিএফৰ প্ৰাৰ্থী জয় মুছাহাৰীয়েও বৃহৎ সংখ্যক কৰ্মী সমৰ্থকক লগত লৈ বাইক ৰেলী কাৰ্যসূচী হাতত লয় ৷

Exit mobile version