ৰাষ্ট্ৰসংঘৰ বিপজ্জনক মাদক তালিকাৰ পৰা বাদ গাঞ্জা-চৰচ

marijuana plant marijuana

গাঞ্জা আৰু চৰচক বিপজ্জনক মাদক দ্রব্য হিচাপে গণ্য নকৰে বিশ্বৰ ২৭ খন দেশে। ৰাষ্ট্ৰসংঘৰ মাদক দ্রব্য বিষয়ক আয়ােগৰ ৬৩ সংখ্যক বৈঠকত এই প্ৰসংগ পােহৰলৈ আহে। যােৱা দুই ডিচেম্বৰত এই বৈঠক সম্পন্ন হয়। উল্লেখ্য যে যােৱা ৫৯ বছৰ ধৰি ৰাষ্ট্ৰসংঘৰ বিপজ্জনক মাদক দ্রব্যৰ তালিকাত অন্তর্ভুক্ত হৈ আছে গাঞ্জা আৰু চৰচ। চিকিৎসা ক্ষেত্ৰৰ তৰফৰ পৰাও ইয়াৰ ব্যৱহাৰক লৈ তীব্র আপত্তি প্রদর্শন কৰি অহা হৈছে; কিন্তু গাঞ্জা আৰু চৰচক বিপজ্জনক মাদক দ্রব্যৰ তালিকাত অন্তর্ভুক্ত নকৰাৰ এক প্ৰস্তাৱত ৰাষ্ট্ৰসংঘৰ ৫৩ খন সদস্য ৰাষ্ট্রৰ ভিতৰত ২৭ খনে সমর্থন দিয়ে। ইয়াৰ ভিতৰত আছে ভাৰতাে।

এই সন্দৰ্ভত হােৱা ভােটদানত ভাৰতৰ উপৰি আমেৰিকা আৰু ইউৰােপৰ বহুকেইখন দেশেও গাঞ্জা তথা চৰচক বিপজ্জনক মাদক দ্রব্যৰ তালিকাৰ পৰা বাহিৰত ৰখাৰ সপক্ষে ভােটাদন কৰে। প্ৰস্তাৱৰ বিৰােধিতা কৰে ২৫ খন দেশে। বিৰােধিতা কৰা সকলৰ ভিতৰত আছে চীন,ৰাছিয়া, পাকিস্তান আদি। একমাত্র ইউক্রেইনে বিষয়টোত কোনাে মতামত নিদিলে। ১৯৬১ৰ ছিংগল কনভেনশ্বন অন নাৰক’টিকছু ড্ৰাগছৰ চাৰি নম্বৰ তালিকাৰ পৰা গাঞ্জা আৰু চৰচক বাদ দিবলৈ কৰা ভােটগ্রহণক লৈ প্ৰশ্নৰাে উত্থাপন হৈছে।

ৰাষ্ট্ৰসংঘৰ বক্তব্য অনুসৰি এই ধৰণৰ মাদক দ্রব্যৰ অধিকাংশ ক্ষেত্ৰতে বেআইনী হলেও সাধাৰণভাৱেই ব্যৱহাৰ কৰা হয়। এইবাৰ এইবিলাকক ঔষধ হিচাপে ব্যৱহাৰৰ পথ মুকলি কৰি দিব বিচৰা হৈছে। এই সন্দৰ্ভত হােৱা ভােটদানক ঐতিহাসিক’ আখ্যা দিছে ৰাষ্ট্ৰসংঘই। ভাৰতীয় আইন অনুসৰি গাঞ্জাৰ উৎপাদন অথবা লগত ৰখাটো দণ্ডনীয় অপৰাধ।সম্প্রতি বলিউদৰ তাৰকা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত মাদক দ্রব্যৰ বিষয়টোও পােহৰলৈ আহিছে।

বলিউদৰ প্ৰায় একুৰিৰাে অধিক লােকক এই সন্দৰ্ভত গ্রেপ্তাৰাে কৰা হৈছে। ২০১৯ জানুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ তৰফৰ পৰা ৰাষ্ট্ৰসংঘক মাদক দ্রব্য বিষয়ত ছয়টা প্রস্তাৱ দিয়া হৈছিল। গাঞ্জা আৰু চৰচক বিপজ্জনক মাদক দ্রব্যৰ তালিকাৰ পৰা বাহিৰত ৰখাটোও আছিল এই প্রস্তাৱৰ অন্তৰ্গত। মার্চত উক্ত প্রস্তাৱ মাদক দ্রব্য বিষয়ক আয়ােগৰ সন্মুখত দাখিল কৰা হয়; কিন্তু সদস্য ৰাষ্ট্ৰবিলাকে ইয়াৰ বাবে ভােট বিচৰা নাছিল।

ভােটদান হ’ল যদিও এই বিষয়ত অতি সােনকালে কার্যকৰী ব্যৱস্থা গ্ৰহণৰ কোনাে আশা নাই বুলি ক’ব বিচাৰে বিভিন্ন মহলে। অৱশ্যে চাৰি নম্বৰ তালিকাৰ পৰা গাঞ্জা আৰু চৰচৰ নাম বাদ পৰিলেও এক নম্বৰ তালিকাত এতিয়াও এই দুবিধ মাদক দ্রব্যৰ নাম অন্তর্ভুক্ত হৈ আছে। এক নম্বৰ তালিকাত থকা মাদক দ্রব্য কম বিপজ্জনক চিহ্নিত কৰা হৈছে।

Exit mobile version