“অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে,আমাক সমন্বয় লাগে, সংঘাত নহয়”: মুখ্যমন্ত্ৰী

Screenshot 94

সমাজত সমন্বয়ৰ বাৰ্তা বিলোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১৩ শতাধিক শিল্পী আৰু কলা-কুশলীৰ বিজেপিত যোগদান

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৩ শতাধিক কলা কুশলীয়ে বিজেপিত যোগদান কৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এই যোগদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আজি যোগদান কৰা কলা-কুশলী সকলক দলৰ মজিয়ালৈ স্বাগতম জনায়। তেওঁ কয়,’জন্মলগ্নৰে পৰা বিজেপিয়ে যে দেশৰ অখণ্ডতা,সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে সকলো ভাষা-ভাষী লোকক একেলগে লৈ উন্নয়নৰ পথত অগ্ৰসৰ হৈছে সেইয়া দলৰ কৰ্মৰাজিত প্ৰতিফলিত হৈছে।’

ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত শিল্পী সকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে শিল্পী সকলক তেওঁলোকৰ মানৱীয় অনুভূতিৰে সমাজত সমন্বয়ৰ বাৰ্তা বিলাই দিবলৈ আহ্বান জনায়। অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আমাক সংঘাত নহয় সমন্বয় লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অপশক্তি সমূহক প্ৰত্যাখ্যান কৰি শুভ শক্তি সমূহক আঁকোৱালি লোৱাৰ বাবেও সকলোকে আহ্বান জনায়।

সাংস্কৃতিক সম্পদৰাজিৰ ক্ষেত্ৰত অসমৰ যথেষ্ট সমল আছে বুলি প্ৰকাশ কৰি সোণোৱালে কয় যে,অসমক ভাৰতৰ আদৰ্শ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে আমি সকলোৱে মনস্থ কৰিব লাগিব আৰু তাৰ বাবে সততা নিষ্ঠা আৰু কৰ্ম সংস্কৃতিৰে নিজকে একোগৰাকী দক্ষ নাগৰিক হিচাপে গঢ়ি তুলিব লাগিব।

উল্লেখ্য যে সদৌ অসম সাংস্কৃতিক সুৰক্ষা পৰিষদৰ মুখ্য সম্পাদক মণিকাঞ্চন বুঢ়াগোহাঁইৰ লগতে কৈলাস ৰাভা,ৰমেন তামুলী,সঞ্জীৱ দত্ত,প্ৰাঞ্জল বৰুৱা,কুকিল সিংহ,গীতাৰ্থ প্ৰিয়ম গগৈ, বাবলু হাজৰিকা,প্ৰণৱ শৰ্মা,মঞ্জুমালা শইকীয়াৰ নেতৃত্বত সমগ্ৰ অসমৰ প্ৰায় ১৩ শতাধিক কলা-কুশলীয়ে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ তপন কুমাৰ গগৈয়ে আঁত ধৰা আজিৰ এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ উপ-সভাপতিদ্বয় স্বপ্ননীল বৰুৱা,পুলক গোঁহাই,ৰাজ্যিক বিজেপিৰ সম্পাদক কৃষ্ণমনি চুতীয়া,ৰাজ্যিক বিজেপিৰ সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰা, সহ-আহ্বায়কদ্বয় বিদ্যাসাগৰ আৰু জয়ন্ত ভাগৱতী, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে দলৰ ৰাজ্যিক বিষয়ববীয়া আৰু কাৰ্য্যকৰ্তাসকল উপস্থিত আছিল।

Exit mobile version