অৰুণাচল প্ৰদেশৰ সীমান্তত চীনৰ তিনিখন গাঁও স্থাপন

abdhe828 china settlementsarunachal borderdec

পূৰ্ব লাডাখত ভাৰত-চীন সংঘাত বৰ্তমানেও সমাপ্ত নৌহওঁতেই পুনৰ আন এক ছবি উন্মোচিত হৈছে যি অৰুণাচল সীমান্তত নতুন দিল্লী-বেইজিংৰ সম্পৰ্কৰ উত্তাপ বৃদ্ধি‌ কৰাৰ বাবে যথেষ্ট । সম্প্ৰতি এক প্ৰতিবেদনত প্ৰকাশিত ছবিত স্পষ্ট যে অৰুণাচল প্ৰদেশৰ সীমান্তত নতুনকৈ তিনিখন গাঁও স্থাপন কৰা হৈছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, নতুন দিল্লীয়ে কোনো মন্তব্য প্ৰকাশ নকৰিলেও বিষয়টোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে । চীনে ভাৰতৰ পশ্চিম অৰুণাচল প্ৰদেশ, চীন আৰু ভূটানৰ সংযোগস্থলীৰ নিকটৱৰ্তী ‘বুম লা’ গিৰিপথৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্বত তিনিখন গাঁও স্থাপন কৰিছে ।

বেইজিঙে এই অঞ্চলত ভাৰত আৰু চীনৰ সীমাক লৈ বিবাদৰ সৃষ্টি কৰি আহিছে আৰু ইয়াত কৰা নতুন আন্তঃগাঁথনি নিৰ্মাণৰ দ্বাৰা অৰুণাচল প্ৰদেশৰ সীমান্তত নিজ ভূখণ্ডৰ দাবী অধিক শক্তিশালী কৰিবৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব পাৰে ।

চীন বিষয়ত বিশেষজ্ঞ ড চেলেনীয়ে কয়, ‘চীনে সীমাৰ দাবী অধিক সবল কৰিবৰ বাবে আৰু সীমান্তৰ অনুপ্ৰৱেশ বৃদ্ধি কৰিবৰ বাবে ভাৰত সীমান্তত হান চীনা আৰু তিব্বতীয় কমিউনিষ্ট পাৰ্টিৰ বসতি স্থাপন কৰাৰ কৌশল ব্যৱহাৰ কৰি আহিছে ।’

‘প্লেনেট লেৱ’ নামৰ এটি সংস্থাৰ উপগ্ৰহৰ চিত্ৰত দেখা গৈছে চলিত বৰ্ষৰ ১৭ ফেব্ৰুৱাৰীত মাত্ৰ এখন গাঁও আছিল । তাতে ২০টা বাসগৃহ আছিল । ২৮ নৱেম্বৰৰ আন এক ছবিত দেখা গৈছে যে তিনিটা এনক্লেভ নিৰ্মাণ কৰা হৈছে । প্ৰতিটো এনক্লেভত প্ৰায় ৫০টা বাসগৃহ আছে । এক কিলোমিটাৰৰ দূৰত্বত নিৰ্মাণ কৰা হৈছে প্ৰতিখন গাঁও । সমগ্ৰ গাঁৱৰ সংযোগী পথবোৰো পকীৰে নিৰ্মিত । সূত্ৰ অনুসৰি, সেই গাঁওবোৰত অন্য অঞ্চলৰ পৰা বাসিন্দাক আনি বসবাস কৰিবলৈ দিয়া হয় ।

Exit mobile version