কয়লা মাফিয়াৰ আঁৰত আৰু কোন? পূর্বেও চি বি আইৰ তালাচী

unnamed

কুখ্যাত কয়লা মাফিয়া নবীন সিংঘলৰ লগতে তেওঁৰ সহযােগী বৃহৎ চক্রই অসমৰ কয়লাৰ কলা সাম্রাজ্যত দুহেজাৰ কোটি টকা বিনিয়ােগ কৰা বুলি তদন্তকাৰী সংস্থাৰ সূত্রই প্রকাশ কৰিছে। কালি পুৱাৰে পৰা সিংঘলৰ লগতে তেওঁৰ এজন সহযােগী ডিগবৈৰ সত্যনাৰায়ণ আগৰৱালা আৰু মাৰ্ঘেৰিটাৰ পংকজ চৌধুৰীৰ বাসগৃহ, কার্যালয় আদিত আয়কৰ বিভাগে সমান্তৰালভাৱে অভিযান চলায়। তেওঁলােকৰ সকলােৰে বিৰুদ্ধে চোৰাং কয়লাৰ বেহাৰে অবাধ ধন-সম্পত্তি অর্জনৰ অভিযােগ আছে। আয়কৰ ফাকি দি চৰকাৰী ৰাজকোষৰ বৃহৎ ক্ষতিসাধন কৰা এইসকল কয়লা মাফিয়াৰ মাজত যােগসূত্র থকা বুলি সূত্রত প্রকাশ।

ADVERTISEMENT

আয়কৰৰ লগতে সিংঘলে সামগ্রী আৰু সেৱাকৰ আদায়তাে বৃহৎ ফাকি দি আহিছে। কালি অভিযানৰ পূর্বে ৰহস্যজনকভাৱে সিংঘল আৰু তেওঁৰ পত্নীয়ে বিমানেৰে দিল্লীলৈ পলায়ন কৰিছিল যদিও আজি দিনৰ ১২ বজাত আয়কৰ বিভাগৰ হেঁচাত পৰি তেওঁ গুৱাহাটীত উপস্থিত হ’বলৈ বাধ্য হয়। সিংঘলে অভিযানৰ বিষয়া আগতীয়াকৈ গম পাইছিল নেকি তাক লৈও সন্দেহৰ সৃষ্টি হৈছে। তেওঁক কোনে অভিযানৰ আগতীয়াকৈ খবৰ দিলে তাকে লৈ চৰ্চা আৰম্ভ হৈছে।

সূত্রত প্রকাশ যে সিংঘলৰ বাসগৃহ তথা কার্যালয়ৰ পৰা বৃহৎ পৰিমাণৰ ভুৱা চালান উদ্ধাৰ কৰা হৈছে। সিংঘলৰ মালিকানাধীন মহালক্ষ্মী নামৰ প্রতিষ্ঠানটোৰ নামতে কয়লাক লৈ অধিকাংশ কুকার্যত লিপ্ত হােৱা সিংঘল ইয়াৰ পূর্বেও চি বি আইৰ জালত পৰিছিল।সূত্রত প্রকাশ যে কেন্দ্রীয় তদন্তকাৰী সংস্থা চি বি আয়ে ২০১১ত এই মহালক্ষী কন্টিনেন্টেল লিমিটেড়ৰ নামতে অবৈধ কয়লাৰ বেহাত জড়িত হৈ পৰাৰ অভিযােগত সিংঘলৰ বিৰুদ্ধে অভিযান চলাইছিল। ২০১১ৰ ছেপ্টেম্বৰত এই অভিযান চলাইছিল তদন্তকাৰী সংস্থাটোৱে। চি বি আয়ে এই গােচৰত ইতিমধ্যে অভিযােগনামা দাখিল কৰিছে।

সূত্রত প্রকাশ যে নগালেণ্ডৰ ক’অপাৰেটিভ ছ’চাইটিৰ নামত কয়লা সৰবৰাহৰ ক্ষেত্ৰত চোৰাং বেহাত লিপ্ত হােৱা সিংঘলে মাৰ্ঘেৰিটাৰ পৰা কয়লা আনি নগালেণ্ডলৈ প্ৰেৰণৰ পৰিৱর্তে পঞ্জাবলৈ ৰেলেৰে প্ৰেৰণ কৰি বৃহৎ ধন অর্জন কৰি আহিছে। ক’অপাৰেটিভ ছ’চাইটিৰ নামত কম মূল্যত ক্ৰয় কৰি মুকলি বজাৰত চোৰাংভাৱে বৃহৎ ধনৰ বিনিময়ত কয়লাৰ অবৈধ বেহাত লিপ্ত সিংঘলৰ বিৰুদ্ধে এই গােচৰত চি বি আয়ে অভিযােগনামা দাখিল কৰিছে।

তথ্য অনুসৰি মাৰ্ঘেৰিটাৰ পৰা অনা কয়লা শিৱসাগৰত আনলােড কৰি নগালেণ্ডলৈ প্ৰেৰণ কৰিব লাগে যদিও শিৱসাগৰৰ নাগিনীমৰাত আনলােড কৰাৰ ভুৱা তথ্য দাখিল কৰি সেই কয়লা অবৈধভাৱে ৰেলেৰে পঞ্জাবলৈ পঠিওৱা হৈছিল। এই দুষ্কার্যত সিংঘলৰ লগতে কল ইণ্ডিয়া লিমিটেডৰ আৰু ৰেলৰ বিষয়া-কর্মীও জড়িত থকাৰ বিষয়ে প্রকাশ পাইছিল। সুত্ৰত প্ৰকাশ যে সেই সময়ত চি বি আইৰ দলে সিংঘলৰ ঘৰত অভিযান চলাই প্রায় ৪৭ লাখ নগদ পূনৰ লগতে ১৫ হেজাৰ মার্কিন ডলাৰ জব্দ কৰিছিল।

শেহতীয়া কালিৰ অভিযানৰ ‘অন্তত ওলাই পৰে যে মহালক্ষ্মী প্রতিষ্ঠানৰ অৰত সিংঘলৰ প্রায় ছয়-সাতটা অবৈধ কোম্পানী আছে। ইয়াৰে অধিকাংশই ভুৱা আৰু পঞ্জীয়ন বিহীন। ইয়াৰ ভিতৰত মাৰ্ঘেৰিটাৰ এইছ পি ট্রেড়ার্ড আৰু গুৱাহাটীৰ নয়নতৰা এণ্টাৰপ্ৰাইজ, ডি টি পি এল আদি।

ভুৱা চালান তথা জি এছ টি আদায়ৰ ভুৱা নথিৰে অবৈধ প্ৰতিষ্ঠানৰ জৰিয়তে অৰুণাচলৰ খৰচাঙৰ পৰা কয়লা সংগ্রহ কৰি কুখ্যাত সিংঘলে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰে। এই কার্যৰ বাবে তেওঁৰ একাধিক এজেন্ট আছে। এইসকলৰ ভিতৰত অন্যতম কালি আয়কৰ অভিযান চুলােৱা মাৰ্ঘেৰিটাৰ পংকজ চৌধুৰী। তদুপৰি এনে আন কেইজনমান এজেন্ট হৈছে জিতু আৰু দক্ষিণামূর্তি, দ্বীপজ্যোতি তালুকদাৰ আদি। দীর্ঘকাল ধৰি ৰাজ্যত কয়লাৰ বৃহৎ চোৰাং ব্যৱসায়ৰ বেহা মেলিও কাৰ আশীর্বাদত এই পর্যন্ত সিংঘলৰ দৰে অবৈধ ব্যৱসায়ীয়ে দপাই আছে তাকে লৈ ৰাইজৰ মাজত চর্চা

Exit mobile version