নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপন তথা ভূমি পূজন

parliament

প্ৰায় ৫৬০ ফুট ব্যাসৰ বৃত্তাকাৰ সংসদ ভৱন পুৰাতাত্ত্বিক নিদৰ্শন হিচাপে চিহ্নিত হ’ব । ইয়াৰ কাষতেই প্ৰায় ৬৪,৫০০ বৰ্গমিটাৰ অঞ্চলজোৰি নতুন ত্ৰিভুজাকৃতি সংসদ ভৱন নিৰ্মাণ কৰা হ’ব । ব্যয় কৰা হ’ব ৯৭১কোটি টকা ।

আগন্তুক ১০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ আধাৰশিলা স্থাপনৰ লগতে ভূমি পূজাও কৰিব । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱনত গৈ তেওঁক আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপনৰ বাবে আমন্ত্ৰণ জনায় । গণতন্ত্ৰৰ নতুন মন্দিৰৰ ভূমিপূজনৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আমন্ত্ৰণ কৰি অধ্যক্ষ বিৰলাই কয়, ‘১০ ডিচেম্বৰে বিয়লি এক বজাত আধাৰশিলা স্থাপন কৰা হ’ব । প্ৰধানমন্ত্ৰীৰ ভূমিপূজাৰে অনুষ্ঠান আৰম্ভ কৰা হ’ব । ২০২২ত স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তিত আমি নতুন সংসদ ভৱনত লোকসভা তথা ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ কৰিম ।’

অতিমাৰিৰ স’তে যুদ্ধ, অৰ্থনীতিৰ সংকতৰ মাজতেই এতিয়া কিয় নতুন সংসদ ভৱন নিৰ্মাণত টকা ব্যয় কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছ’নিয়া গান্ধীসহ বিৰোধী দলৰ একাধিক নেতা-নেত্ৰীয়ে । অধ্যক্ষ বিৰলাই কয় যে, নতুন সংসদ ভৱন নিৰ্মাণৰ জৰিয়তে প্ৰত্যক্ষভাৱে ২০০০ লোকে কৰ্মসংস্থাপন লাভ কৰিব । আনহাতে, পৰোক্ষভাৱে ৯০০০ লোকে । বৰ্তমানৰ সংসদ ভৱন যে ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা হৈছিল সেয়া পুনঃস্মৰণ কৰাই অধ্যক্ষ বিৰলাই কয়, ‘ভাৰতীয় জনগণৰ গৰ্বৰ বিষয় হ’ব, এই সংসদ ভৱন নিজ দেশৰ মানুহৰ হাতেৰেই নিৰ্মাণ কৰা হ’ব । এয়া আত্মনিৰ্ভৰ ভাৰতৰ প্ৰধান উদাহৰণ হ’ব ।’

টাটা প্ৰজেক্ট আৰু কেন্দ্ৰীয় ৰাজহুৱা ক্ৰিয়া বিভাগে ইতিমধ্যে নতুন সংসদ ভৱনৰ নিৰ্মাণ কাৰ্যৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে । বৰ্তমান সংসদ ভৱনৰ যিটো অংশত কাম আৰম্ভ কৰা হ’ব সেই অঞ্চলটো ঢাকি পেলোৱা হৈছে । শব্দ আৰু বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লোকসভাৰ অধ্যক্ষই জনায়, ‘নতুন ভৱনত লোকসভাৰ ৮৮৮ জন সাংসদ বহাৰ ব্যৱস্থা কৰা হ’ব । ৰাজ্যসভাত ৩৮৪ জন সাংসদে বহিব পাৰিব । বৰ্তমান লোকসভাত ৫৪৩ জন আৰু ৰাজ্যসভাত ২৪৫ জন সাংসদ বহাৰ ব্যৱস্থা আছে । জনসংখ্যাৰ অনুপাতে ভৱিষ্যতে সাংসদৰ সংখ্যাও বৃদ্ধি কৰা হ’ব বুলি এই সিদ্ধান্ত লোৱা হৈছে । নতুন ভৱনত কনষ্টিটিউছন হল থাকিব । বৰ্তমান শ্ৰম মন্ত্ৰণালয়, জলশক্তি মন্ত্ৰণালয়ৰ ঠিকনা শ্ৰমশক্তি ভৱন । সেইটো ভাঙি সংসদৰ কাৰ্যালয় নিৰ্মাণ কৰা হ’ব ।’

Exit mobile version