মানাহত বনভোজ খাবলৈ আহি এজনৰ শোকাৱহ মৃত্যু

WhatsApp Image 2020 12 06 at 6.35.44 PM

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা নাৰায়ণগুৰিৰ বনভোজস্থলীত বনভোজ খাবলৈ আহি আজি বেঁকী নৈত শোকাৱহভাবে মৃত্যু ঘটে এজন লোকৰ৷মৃত্যু হোৱা লোকজন পাঠশালাৰ নিকটৱৰ্তী বৰবাং জানপাৰৰ চন্দন চৌধুৰী(৩৫)৷ জানিব পৰা মতে পত্নী আৰু কণমানি দুই পুত্ৰ-কন্যা সহিতে মানাহত বেঁকী নৈৰ পাৰত বনভোজ খাবলৈ আহিছিল চন্দন চৌধুৰী৷ইয়াৰ মাজতে বেঁকী নৈত বনভোজকাৰী লোকক নৌকাবিহাৰ কৰোৱা এখন মেচিনচালিত নাওঁত উঠি খৰস্ৰোতা বেঁকীৰ বুকুত নৌকাবিহাৰ কৰিছিল পৰিয়াল সহিতে চন্দন চৌধুৰীয়ে৷

উক্ত নৌকাখনে হঠাৎ আন এখন নৌকাত খুন্দা মৰাৰ ফলত দুৰ্ভাগ্যবশতঃ নৌকাৰ পৰা বেঁকীৰ দ’ পানীত পিছলি পৰে চৌধুৰী৷ ঘটনাৰ পিছতে হুৱাদুৱাৰ সৃষ্টি হয় আৰু প্ৰায় দুঘণ্টা পিছত আৰক্ষী প্ৰশাসন আৰু স্থানীয় লোকৰ সহযোগত বেঁকীৰ বুকুৰ পৰা উদ্ধাৰ কৰা হয় চৌধুৰীৰ নিথৰ দেহ৷ ইফালে লোকজনৰ মৃতদেহ উদ্ধাৰৰ পিছতে ঘটনাস্থলীত অতি শোকাৱহ পৰিস্থিতিৰ সৃষ্টি হয়৷ হঠাতে স্বামী,দেউতাকক হেৰুৱাই কান্দোনত ভাগি পৰে চন্দন চৌধুৰীৰ পত্নী আৰু কণমানি দুই পুত্ৰ কন্যা৷ উক্ত ঘটনাৰ পাছতে প্ৰশাসনে জব্দ কৰে বেঁকী নৈত বনভোজকাৰীক নৌকাবিহাৰ কৰোৱা কেবাখনো মেচিনচালিত নৌকা৷

বনভোজকাৰী-পৰ্যটকক নৌকাবিহাৰ কৰোৱা কোনো এখন নৌকাতে লাইফ জেকেট,টিউব আদিকে ধৰি কোনো ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী আৰু সা সুবিধা নোহোৱাৰ ফলতে এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ পালে বুলি অভিযোগ উত্থাপন কৰাৰ উপৰি তেনেধৰণৰ বিপদসংকুল নৌকাবিহাৰৰ ব্যৱস্থা বন্ধ কৰাৰো দাবী জনায় স্থানীয় দল সংগঠন আৰু সচেতন লোকে৷

মৃত চন্দন চৌধুৰী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰী আছিল৷ইতিমধ্যে চন্দন চৌধুৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷

Exit mobile version