প্ৰথম পৰ্য্যায়ৰ নিৰ্ব্বাচনত ৯৯ শতাংশ আসন ইউপিপিএল দলে পাবঃ প্ৰমোদ বড়ো

Screenshot 98

চিৰাঙৰ ৰুনিখাতা আশ্ৰাবাৰীত ১৩ নং চিৰাং পৰিষদীয় সমষ্টীৰ বৃহৎ নিৰ্ব্বাচনি সভা আয়োজন কৰে ইউপিপিএল দলে। আজি দলৰ সভাপতি প্ৰমোদ বড়ো এই বৃহৎ জন সমাৱেশত উপস্থিত হৈ কয়, ‘প্ৰথম পৰ্য্যায়ৰ নিৰ্ব্বাচনত ইউপিপিএল দলে বাক্সা আৰু উদালগুৰীত ৯৯ শতাংশ আসন লাভ কৰিব । দ্বিতীয় পৰ্য্যায়তো ইউপিপিএল দলে বৃহৎ জয়লাভ কৰিব। যোৱা ১৭ বছৰত বিপিএফ দলৰ হাগ্ৰামা, চন্দন আৰু খাম্পা বৰগয়াৰীৰ দুৰ্নীতি প্ৰৱঞ্চনাত ক্ষোভিত জনতাই এইদৰে ওলাই আহি প্ৰমাণ কৰিছে । হাগ্ৰামা মহিলাৰীয়ে এখনো আসন নাপাব ।

১৩নং চিৰাং পৰিষদীয় সমষ্টীৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী(বি আৰ ফেৰেঙ্গা)ই কয়, ‘মহাভাৰতৰ দৰে ধৰ্ম যুদ্ধ এয়া । বিগত দিনৰ বিপিএফৰ দুৰ্নীতি, অপশাসন ৰোধ কৰা, দাদাগিৰি ৰোধ কৰা। দুৰ্নীতিগ্ৰস্থ তথা জুৱাৰী খাম্পা বৰগয়াৰীৰ বিৰুদ্ধে হেজাৰ হেজাৰ লোকে এইদৰে মাৰ বান্ধি থিয় দিছে আজি জন সমাৱেশত।’

ইউপিপিএল দলৰ উপসভাপতি ৰণগৌৰা নাৰ্জাৰীয়ে কয়, ‘প্ৰথম পৰ্য্যায়ৰ নিৰ্ব্বাচনৰ ২১ টা আসনৰ ১৫ টা ইউপিপিএল দলে পাব আৰু দ্বিতীয় পৰ্য্যায়ৰ নিৰ্ব্বাচনত ১৯ টা আসনৰ ১৬ টা পাব ইউপিপিএল দলে। আজি এই জনসমাৱেশত হেজাৰ হেজাৰ লোকৰ সমাগম হোৱাৰ কাৰণটো হৈছে আজি বিপিএফৰ বিৰুদ্ধে জনসাধাৰণ দলে বলে ওলাই আহিছে। যোৱাবাৰ খাম্পা বৰগয়াৰীয়ে মাত্ৰ ৩৮ টা ভোটত জয়ী হৈছিল যদিও এইবাৰ সেয়া সম্ভৱ নহ’ব। কাৰণ তেওঁৰ নাঁও ইতিমধ্যে ডুবিলে। নিৰ্ব্বাচন শান্তিপূৰ্ণ হোৱাটো সকলোৱে বিচাৰিছে। সকলো অস্ত্ৰ প্ৰশাসনে উদ্ধাৰ কৰি আছে। এইবাৰ সকলোৱে শান্তি বিচাৰিছে । যদিও নিৰ্ব্বাচনৰ স’তে অস্ত্ৰৰ সম্পৰ্ক নাই তথাপি অস্ত্ৰ উদ্ধাৰৰ ঘটনাই মানুহক সাহস দিছে আৰু দলে বলে মানুহ ভোট দানৰ বাবে ওলাই আহিব । এয়া সঁচাকৈ গণতন্ত্ৰৰ বাবে শুভ লক্ষণ আৰু আমাৰ বাবেও শুভ বাৰ্তা।’

ৰুনিখাতাৰ আশ্ৰাবাৰীৰ এই জনসভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হোৱা প্ৰায় পঞ্চাশ হেজাৰৰো অধিক লোকৰ উপস্থিতিত ইউপিপিএল দলৰ প্ৰতিস্থাপক সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মই কয়, ‘বিজেপি আৰু বিপিএফ দলে মিলি ইউপিপিএল দলৰ বিৰুদ্ধে বিভিন্ন বদনাম কৰি আছে,অপপ্ৰচাৰ কৰি আছে । গতিকে ৰাইজ তেওঁলোকৰ অপপ্ৰচাৰত ভুল নাযাব । দীৰ্ঘদিনে বিপিএফ দলে বিটিচিবাসীক প্ৰতাৰণা কৰিলে । গতিকে এতিয়া তাৰ উপযুক্ত উত্তৰ তথা শিক্ষা দিয়াৰ সময়।’ সভাত ইউপিপিএল দলৰ কে’বাজনো কেন্দ্ৰীয় নেতাই ভাষণ দিয়ে ।

Exit mobile version