বিধায়িকা আঙুৰলতাক লৈ একো কোৱা নাই, আঙুৰলতা বহু থাকিব পাৰে: ওলোটা খৰ কমল সিং নাৰ্জাৰীৰ 

angoorlata dekasaa 1

কমল সিং নাৰ্জাৰীৰ ওলোটা খৰ। বিধায়িকা আঙুৰলতা ডেকাৰ প্ৰতি একো অশালীন মন্তব্য কৰা নাছিল বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক কমল সিং নাৰ্জাৰীয়ে৷ শেহতীয়া বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়কজনে কয় যে বিজেপিয়ে বিষয়টোক লৈ ৰাজনীতি কৰিছে ৷ নাৰ্জাৰীয়ে কয় – ‘মই বিধায়িকা আঙুৰলতা ডেকাক লৈ একো কোৱা নাই। আঙুৰলতা বহুতৰ নাম থাকিব পাৰে। বিজেপিয়ে বিষয়টোক লৈ উঠি–পৰি লাগি পৰাটো দুৰ্ভাগ্যজনক।’

উল্লেখযোগ্য যে আঙুৰলতা ডেকাই এইবাৰ বিটিচি নিৰ্বাচনত ব্যাপক প্ৰচাৰ অভিযান চলাইছিল। গীত-নৃত্য কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা আঙুৰলতা ডেকাই প্ৰতিখন নিৰ্বাচনী সভাতে বিপিএফ দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। বিধায়ক কমলসিং নাৰ্জাৰীয়ে শালীনতাৰ সকলো সীমা পাৰ কৰি আঙুৰলতা ডেকাৰ প্ৰতি অশ্লীল বাক্যবান নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল। বিধায়কজনৰ এনে মন্তব্যই এতিয়া ৰাজ্যৰ ৰাজনীতি তোলপাৰ লগাইছে।

এনে সময়তে বিধায়কজনে হাগ্ৰামা মহিলাৰীক বকাসুৰ বুলি কোৱা কোনোবা আঙুৰলতাকহে তেনে মন্তব্য কৰা বুলি ওলোটা খৰ মৰা পৰিলক্ষিত হৈছে ৷ কমলসিং নাৰ্জাৰীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ বিধায়িকা গৰাকীক লৈ তেনে মন্তব্য কৰা নাই। তেওঁ সেই কথাখিনি কওঁতে বিধায়িকা বুলিও উল্লেখ কৰা নাই, বটদ্ৰৱা সমষ্টিৰ নামো লোৱা নাই। ইফালে আজি বিজনীৰ উলুবাৰীত বিজেপি কৰ্মকৰ্তা সকলে বিভিন্ন শ্ল’গানেৰে বিধায়ক কমল সিং নাৰ্জাৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত প্ৰতিবাদকাৰী য়ে বিধায়ক কমল সিং নাৰ্জাৰীৰক স- সন্মানে বিধায়িকা আঙুৰলতা ডেকাক ক্ষমা বিচাৰিবলৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনায়।

Exit mobile version